নিৰ্বাচন আয়োগ স্বতন্ত্ৰ হৈ থাকিবনে ?

Share This Article

উত্তৰ প্ৰদেশকে ধৰি ভাৰতৰ পাঁচখন ৰাজ্যৰ বিধানসভা নিৰ্বাচন সমাগত ৷ খুব কম দিনৰ ভিতৰতে নিৰ্বাচনী অধিসূচনা জাৰি কৰা হ’ব ৷কিন্তু তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যালয়ৰ এজন বিষয়াৰ সৈতে নিৰ্বাচন আয়োগৰ বৈঠকে নতুন বিতৰ্কৰ সৃষ্টি কৰিছে ৷ দ্য ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ বাতৰি অনুসৰি আইন মন্ত্ৰালয়ৰ এখন পত্ৰ লাভ কৰাৰ পাছতে দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্ত সুশীল চন্দ্ৰৰ লগতে আন দুগৰাকী নিৰ্বাচনী আয়ুক্ত ৰাজীৱ কুমাৰ আৰু অনুপ চন্দ্ৰই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ এজন বিষয়াৰ সৈতে ভাৰ্ছুয়েল বৈঠকত মিলিত হয় ৷ কেইদিনমান পূৰ্বে আইন মন্ত্ৰালয়ৰ পৰা এখন বিশেষ পত্ৰ লাভ কৰিছিল কেন্দ্ৰীয় নিৰ্বাচনী আয়োগে ৷ এই পত্ৰখনত কোৱা হৈছিল যে প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰই এখন বৈঠকৰ আহ্বান জনাইছে ৷ য’ত দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকী উপস্থিত থকাটো জৰুৰী ৷ মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীৰ পত্ৰৰ ভাষা পছন্দ নহ’ল যদিও বৃহস্পতিবাৰে আন দুগৰাকী আয়ুক্তসহ তেও পি কে মিশ্ৰৰ সৈতে এখন ভাৰ্ছুয়েল বৈঠকত মিলিত হয় ৷ কাকতত প্ৰকাশিত বাতৰি অনুসৰি , ইয়াৰ পূৰ্বেও দুবাৰ এনে বৈঠক আয়োজন কৰা হৈছিল ৷ এই বৈঠকত নিৰ্বাচন আয়োগৰ প্ৰতিনিধি হিচাপে কোনোবা এগৰাকী বিষয়া উপস্থিত আছিল ৷ কেতিয়াও মুখ্য নিৰ্বাচনী আয়ুক্তক নিজে উপস্থিত থাকিবলৈ কোৱা হোৱা নাছিল ৷ কিন্তু এইবাৰ আইন মন্ত্ৰালয়ে প্ৰেৰণ কৰা পত্ৰখনৰ ভাষা আছিল চমনৰ দৰে ৷ য’ত মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীক বৈঠকত উপস্থিত থাকিবলৈ একপ্ৰকাৰ নিৰ্দেশ দিয়া হৈছিল ৷ পত্ৰৰ ভাষাই মুখ্য নিৰ্বাচন আয়ুক্তগৰাকীক অসন্তুষ্ট কৰি তোলা বুলি আয়োগৰ সূত্ৰই সদৰী কৰিছে ৷ সংবাদ মাধ্যমক আয়োগৰ জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া অনুসৰি মুখ্য নিৰ্বাচনী আয়ুক্তগৰাকীয়ে সো শৰীৰে বৈঠকত উপস্থিত থকাৰ সলনি আন দুগৰাকী আয়ুক্তক লগত লৈ ভাৰ্ছুয়েল আলোচনাতহে মিলিত হয় ৷ এই আলোচনা আছিল নিৰ্বাচনী ব্যৱস্থাৰ সংস্কাৰক লৈ ৷ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভত কোনো আলোচনাই হোৱা নাছিল ৷

নিৰ্বাচন আয়ুক্তক প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে অনুষ্ঠিত কৰা বৈঠকত উপস্থিত থাকিবলৈ নিৰ্দেশ দিয়াৰ ঘটনা এয়াই প্ৰথম ৷ এই কাৰ্যক কঠোৰ সমালোচনা কৰিছে ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গে ৷তেও কয় যে নিৰ্বাচন আয়োগ এটা স্বতন্ত্ৰ সংস্থা ৷ তেওলোকক কেতিয়াও এনেকৈ নিৰ্দেশ দিব নোৱাৰে৷ এনে ঘটনাৰ পাছত পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত সঠিকভাৱে পৰিচালিত হয় বুলি কেনেকৈ আশা কৰিব পৰা যায় বুলিও তেও প্ৰশ্ন কৰে ৷ খৰ্গে লগতে কয় যে এইখন চৰকাৰে দেশৰ প্ৰতিটো স্বতন্ত্ৰ সংস্থাক ধ্বংস কৰি পেলাইছে ৷ চি বি আই , ইডিৰ স্বাধীনতা খৰ্ব কৰাৰ পাছত এইবাৰ হাত দিছে নিৰ্বাচন আয়োগত ৷ তৃণমূল কংগ্ৰেছ , চি পি আই(এম) , ডি এম কে আদি প্ৰতিটো বিৰোধী দলেই এই ঘটনাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে আৰু এয়া নিৰ্বাচন আয়োগৰ স্বতন্ত্ৰতাৰ ওপৰত আঘাত বুলি অভিহিত কৰিছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.