অৱশেষত মৃত্যুৰ ওচৰত হাৰ মানিলে তামিনাডুৰ হেলিকপ্টাৰ দুৰ্ঘটনাত আহত কেপ্টেইন বৰুণ সিঙে

Share This Article

অৱশেষত গ্ৰুপ কেপ্টেইন বৰুণ সিঙেও আজি মৃত্যুৰ ওচৰত হাৰ মানিলে। আজি কিছু সময় পূৰ্বে শেষ নিশ্বাস ত্যাগ কৰিলে বীৰ সৈনিকগৰাকীয়ে। ৮ ডিচেম্বৰত তামিলনাডুত সংঘটিত হোৱা শোকাৱহ দুৰ্ঘটনাত একমাত্ৰ জীৱীত ব্যক্তি আছিল কেপ্টেইন বৰুণ সিং। উল্লেখ্য যে প্ৰতিৰক্ষা মুৰব্বী বিপিন ৰাৱটৰ হেলিকপ্টাৰ দুৰ্ঘটনাত থিতাতে নিহত হৈছিল ১৩ জন লোক। সেই দুৰ্ঘটনাত একমাত্ৰ প্ৰণৰক্ষা পৰিছিল বৰুণ সিঙৰ। এই দুৰ্ঘটনাত প্ৰতিৰক্ষা মুৰব্বী ববিপিন ৰাৱটৰ লগতে তেওঁৰ পত্নী আৰু ১১গৰাকী বায়ুসেনাৰ সৈনিকৰ মৃত্যু হৈছিল। গ্ৰুপ কেপ্টেইন বৰুণ সিঙৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, গৃহ মন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, সেনা প্ৰধান এমএম নাৰাৱণেই। এই দুৰ্ঘটনাত একমাত্ৰ জীৱিত হৈ থকা গ্ৰুপ কেপ্টেইন বৰুণ সিং সংকটজনক অৱস্থাত বেংগালুৰুৰ সামৰিক বাহিনীৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.