আদালতৰ কাঠগড়াত কৃষকৰ ওপৰেৰে গাড়ী চলোৱা মন্ত্ৰীপুত্ৰঃ কি কলে আদালতে?

Share This Article

চলিত বৰ্ষৰ ৩ অক্টোবৰত উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ কথা হয়তো কোনোয়েই পাহৰিব পৰা নাই। উল্লেখ্য যে লখিমপুৰত বিগত ৩ অক্টোবৰ দেওবাৰে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ বিৰোধিতাৰে ক’লা পতাকা উৰুৱাইছিল কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদৰত কৃষক সমাজে। তেনে সময়তে এখন তীব্ৰ বেগী গাড়ীৰ খুন্দাত চেদেলি ভেদেলি হৈ পৰিছিল কৃষক সকল। এই দুৰ্ঘটনাত কৰুণ ভাৱে মৃত্যুক সাৱটি লৈছিল চাৰিজনকৈ নিৰীহ কৃষকে। এই বৰ্বৰ ঘটনাৰ পিছতে জ্বলি উঠে উত্তৰ প্ৰদেশ। দুৰ্ঘটনাৰ পৰৱৰ্তী সময়ৰ হিংসাত্মক ঘটনাত এগৰাকী সাংবাদিককে ধৰি আন ৪ জন লোকৰ মৃত্যু হোৱাৰ পিছত অধিক অৱনতি ঘটিছিল পৰিস্থিতিৰ। ইয়াৰ পিছতে অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰকে ধৰি ১৪ জন ব্যক্তিৰ বিৰুদ্ধে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ এটা গোচৰ ৰুজু কৰা হৈছিল। সেই গোচৰৰ ভিত্তিতেই আজি আদালতত হাজিৰ কৰোৱাৰ দিহা কৰা হৈছিল আটাইকেইজন অভিযুক্তক। উত্তৰ প্ৰদেশৰ লখিমপুৰত সংঘটিত হিংসাত্মক ঘটনাক বিশেষ তদন্তকাৰী গোটে এক ইচ্ছাকৃত ষড়যন্ত্ৰ বুলি অভিহিত কৰিছে। বিশেষ তদন্তকাৰী গোটৰ তদন্তকাৰী বিষয়াই অভিযুক্তৰ বিৰুদ্ধে ধাৰাৰ সম্প্ৰসাৰণ বিচাৰি ইতিমধ্যেই আদালতত আবেদন দাখিল কৰিছে। উল্লেখ্য যে আজি আদালতে কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰ টেনিৰ পুত্ৰ আশীষ মিশ্ৰ ওৰফে মনুকে ধৰি ১৪ জন অভিযুক্তক আদালতলৈ মাতি পঠিয়াইছিল। মন্ত্ৰীজনৰ পুত্ৰ আৰু সহযোগীসকলক কাৰাগাৰৰ পৰা আনি লখিমপুৰ আদালতত হাজিৰ কৰোৱা হৈছে। আদালতে কিছু সময়ৰ পিছত বিশেষ তদন্তকাৰী গোটৰ আবেদনৰ শুনানি গ্ৰহণ কৰিব। আদালতে বিশেষ তদন্তকাৰী গোটক গোচৰটোৰ ধাৰা বৃদ্ধি কৰিবলৈ অনুমতি দিব বুলি আশা কৰা হৈছে। পৰৱৰ্তী সময়ত মন্ত্ৰীজনৰ পুত্ৰকে ধৰি আন অভিযুক্তসকলৰ বিৰুদ্ধে হত্যা আৰু অপৰাধমূলক ষড়যন্ত্ৰৰ গোচৰৰ বিচাৰ চলিব। ইফালে ধাৰা সম্প্ৰসাৰণৰ কথা শুনি দুপৰীয়া ১২ বজাতে কাৰাগাৰত উপস্থিত হল মনুৰ পিতৃ মন্ত্ৰী অজয় মিশ্ৰা। এই সময়ছোৱাত সংবাদ মাধ্যমৰ প্ৰশ্নৰ পৰা পলাই ফুৰা দেখা গৈছিল মন্ত্ৰী জনক। মনুকে ধৰি হিংসাত্মক ঘটনাত অভিযুক্ত ১৪ জন অভিযুক্তক আজি চিজিএম আদালতত হাজিৰ কৰোৱাৰ কথা আছিল কিন্তু দুপৰীয়ালৈকে কোনো অভিযুক্তক আদালতত উপস্থিত কৰোৱা হোৱা নাই।কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰৰ পুত্ৰ আশীষ মিশ্ৰ ওৰফে মনুকে ধৰি ১৪ জন অভিযুক্তৰ বিৰুদ্ধে প্ৰথমে ২৭৯, ৩৩৮, ৩০৪এ ধাৰাৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছিল। অনুসন্ধানৰ পিছত বিশেষ তদন্তকাৰী গোটে এই ঘটনাক এক ইচ্ছাকৃত ষড়যন্ত্ৰ বুলি অভিহিত কৰে। তদন্তকাৰী সংস্থাটোৱে এতিয়া ৩০৭, ৩২৬,৩০২,৩৪, ১২০বি,১৪৭,১৪৮,১৪৯,৩/২৫/৩০ ধাৰাৰ অধীনত গোচৰ বিচাৰি আদালতত আবেদন জনাইছে। উচ্চতম ন্যায়ালয়েও লখিমপুৰ হিংসাৰ গোচৰত যথেষ্ট গুৰুত্ব আৰোপ কৰিছিল। শুনানি এতিয়ালৈকে অক্টোবৰৰ পৰা তিনিবাৰ অনুষ্ঠিত হৈছে। উচ্চতম ন্যায়ালয়ে লেহেমীয়া তদন্ত প্ৰক্ৰিয়াৰ বাবে বিশেষ তদন্তকাৰী গোটক ইতিমধ্যেই সকিয়নী প্ৰদান কৰিছে। বিশেষ তদন্তকাৰী গোটে এতিয়া আদালতত তদন্তৰ অগ্ৰগতিৰ ওপৰত প্ৰতিবেদন দাখিল কৰিব লাগিব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.