ঊল গুঠিব জানানে,ভাত ৰান্ধিব জানানে …

এগৰাকী মহিলাই বিয়াৰ আগতেই যদি স্বামীৰ ঘৰত কাম কৰাৰ ইচ্ছা নাথাকে জনাই দিয়া উচিত ।বম্বে উচ্চ ন্যায়ালয়ে এগৰাকী মহিলাৰ এক অভিযোগৰ এটা সিন্ধান্ত ঘোষণা কৰাৰ সময়ত এনেদৰে মন্তব্য প্ৰদান কৰে। এগৰাকী মহিলাই তেওঁৰ স্বামী আৰু স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে শাৰীৰিক আৰু…

RAILWAY FOR SALE : বিক্ৰীৰ বাবে সাজু ৪০০ ৰে’লৱে ষ্টেচন, বিলুপ্তিৰ পথত ৫০ শতাংশ চাকৰি

বিক্ৰী হ’ব ভাৰতীয় ৰে’লৱেৰ অধিকাংশ সম্পত্তি ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইনৰ আধাৰত ভাৰতৰ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰিকল্পনাৰ সবিশেষ তথ্য আহি পৰিছে The Crosscurrent ৰ হাতত ৷ The…

গুৱাহাটীত ক্ৰীড়া সংগ্ৰহালয় উদ্বোধন

এক দীৰ্ঘদিনীয়া নিৰলস প্ৰচেষ্টাৰ অন্তত গুৱাহাটীৰ মাজমজিয়াত গঢ়ি তোলা ক্ৰীড়া সংগ্ৰহালয়টো ২৭ অক্টোবৰ, বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণ উপদেষ্টা পৰিষদৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে । গুৱাহাটী ৰাজগড় ৰোডৰ, ৬ নম্বৰ বাইলেনৰ, ১ নং ঘৰত আটকধুনীয়াকৈ…

চকুলোৰে বাট নেদেখা অৱস্থা বৰপানীত

বছৰৰ তৃতীয়টো বানত ডুবিছে নগাঁৱৰ ৰহাৰ বিস্তীৰ্ণ অঞ্চল। ফলত পুনৰ নিঃশেষ হ’ল কৃষকৰ সপোন। কাতি মাহৰ পকা ধানৰ লগতে গেৰ ধৰা ধানত বৰপানীৰ বাঢ়নি পানী সোমাই বিস্তীৰ্ণ কৃষি ভূমি নষ্ট ।ভূমি তলযোৱাত মূৰে-কপালে হাত দিছে কৃষকে। যোৱা কিছুদিন ধৰি নেৰানেপেৰা…

ৰুছ সেনা নে নিধিৰাম চৰ্দাৰ?

ঢাল নাই,তৰোৱাল নাই,নিধিৰাম চৰ্দাৰৰ দশা ৰাছিয়াৰ সেনাৰ।যুদ্ধত ব্যৱহৃত অস্ত্ৰ-শস্ত্ৰতো বাদেই,তীব্ৰ খাদ্য সংকট আৰু পিয়াহৰ পানী টুপিৰ অভাৱে জুৰুলা কৰিছে ৰাছিয়ান সেনাবাহিনীক। চাওঁতে চাওঁতে ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াই যুদ্ধ ঘোষণা কৰা প্ৰায় ৯ টা মাহ উকলিল। কিন্তু এতিয়াও ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে…

ৰাম ৰহিমক লৈ ‘জাল’ গুঁঠিছে বিজেপিয়ে !

প্ৰধানমন্ত্ৰী মোডীৰ ‘বেটী বচাও,বেটী পঢ়াও’ কাৰ্যতঃ ফ্লপ হৈছে ভাৰতত। প্ৰতিটো বক্তৃতাতেই নাৰীৰ সুৰক্ষাৰ কথা কোৱা বিজেপি চৰকাৰৰ দিনত ধৰ্ষণকাৰীয়ে লাভ কৰি আহিছে ভিআইপি সা-সুবিধা ।  পেৰলত মুক্তি দি ভিডিঅ’ বনোৱাৰ সুবিধা কৰি দিছে ৰাম ৰহিমৰ দৰে ধৰ্ষণকাৰীক। সেই ধৰ্ষণকাৰীয়ে নিৰ্মাণ…

উভতি নহাৰ বাটেৰে গ’লগৈ নিপন গোস্বামী

যশস্বী অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। আজি পুৱা ৯-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । বিগত ২৬ অক্টোবৰত অসুস্থতাৰ বাবে নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক । তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ আছিল প্ৰয়াত…

মুখ্যমন্ত্ৰী সিন্দেৰ কাষত আন এজন থাকৰে !

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী একনাথ সিন্দেৰ পুত্ৰ শ্ৰীকান্ত সিন্দেই মঙলবাৰে সাক্ষাৎ কৰে মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনাৰ মূৰব্বী ৰাজ থাকৰেক। উল্লেখযোগ্য যে ইয়াৰ দুটা দিন আগতে মুখ্যমন্ত্ৰী সিন্দে আৰু উপমুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফাৰ্ণাভিছেও সাক্ষাৎ কৰিছিল মহাৰাষ্ট্ৰ নৱনিৰ্মাণ সেনা চমুকৈ MNS ৰ মূৰব্বী ৰাজ থাকৰেক। সিন্দে…

খেল এৰি ধোনীয়ে ধৰিলে চলচ্চিত্ৰত

ক্ৰিকেট বিশ্বৰ সকলোৰে চিনাকি নাম মহেন্দ্র সিং ধোনী। ধোনীৰ নেতৃত্বতেই ভাৰতীয় ক্রিকেট দলে এটাৰ পাছত এটা বিজয়ৰ ট্ৰফীৰে দেশলৈ কঢ়িয়াই আনিছিল গৌৰৱ। ২০২০ চনত সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ফৰ্মেটৰ পৰা বিদায় লোৱাৰ পিছৰে পৰা ধোনীয়ে সম্পূর্ণ মনোযোগ দিছে নিজৰ ব্যৱসায়ত। কৃষি,…