RAILWAY FOR SALE : বিক্ৰীৰ বাবে সাজু ৪০০ ৰে’লৱে ষ্টেচন, বিলুপ্তিৰ পথত ৫০ শতাংশ চাকৰি

Share This Article

বিক্ৰী হ’ব ভাৰতীয় ৰে’লৱেৰ অধিকাংশ সম্পত্তি ৷ নেচনেল মনিটাইজেশ্যন পাইপলাইনৰ আধাৰত ভাৰতৰ ৰে’লৱে খণ্ডক ব্যক্তিগতকৰণৰ বিস্তৃত পৰিকল্পনা প্ৰস্তুত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় চৰকাৰে ৷ এই পৰিকল্পনাৰ সবিশেষ তথ্য আহি পৰিছে The Crosscurrent ৰ হাতত ৷

The Crosscurrent য়ে লাভ কৰা তথ্য অনুসৰি, ২০২৫ চনৰ ভিতৰত ভাৰতীয় ৰে’লৱেৰ মুঠ ৪০০ টা ষ্টেশ্যন পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ মডেলত বিক্ৰী কৰা হ’ব ৷ পৰ্যায়ক্ৰমে ষ্টেচনসমূহ বিক্ৰীৰ ৰূপৰেখা সাজু কৰি তোলা হৈছে ৷ সেই অনুসৰি , ২০২১-২২ বৰ্ষত ৪০ টা , ২০২২-২৩ বৰ্ষত ১২০ টা আৰু ২০২৩-২৪ বৰ্ষত ১২০ টা আৰু ২০২৪-২৫ বৰ্ষত ১২০ টা ৰেলৱে ষ্টেচন বিক্ৰী কৰা হ’ব ৷

কেৱল ষ্টেচনেই নহয় , যাত্ৰীবাহী ৰে’ল বিক্ৰীৰ বাবে ৰোডমেপ সাজু কৰা হৈছে ৷ সেই অনুসৰি ৯০ খন ৰে’ল তিনি বছৰত বিক্ৰী কৰা হ’ব ৷ ২০২৩ , ২০২৪ আৰু ২০২৫ চনত প্ৰতিবছৰে ৩০ খনকৈ ৰে’ল বিক্ৰী কৰা হ’ব ৷

একেসময়তে ২৬৫ খন মালবাহী ৰে’লগাড়ীও ব্যক্তিগত খণ্ডক হস্তান্তৰৰ বাবে সাজু কৰা হৈছে ৷ ইফালে , ভাৰতীয় ৰেলৱেৰ খালী হৈ থকা পদৰ ৫০ শতাংশই বিলুপ্ত কৰা হ’ব ৷ ইতিমধ্যে ৰে’লৱে ব’ৰ্ডে প্ৰতিগৰাকী ৰেলৱে জেনেৰেল মেনেজাৰক বিলুপ্ত হ’বলগীয়া পদসমূহ চিনাক্ত কৰি উলিয়াবলৈ নিৰ্দেশ দিছে ৷ এই নিৰ্দেশত কোৱা হৈছে যে ৰে’লৱে ব’ৰ্ডে ২০২২ চনৰ ২১ মে’ত প্ৰেৰণ কৰা পত্ৰ অনুসৰি, ৰে’ল সুৰক্ষাৰ লগত জড়িত নোহোৱা ৫০ শতাংশ খালী পদ চিনাক্ত কৰিবলৈ ৰেলৱে জেনেৰেল মেনেজাৰসকলক নিৰ্দেশ দিয়া হৈছে ৷ এই পদসমূহত ভৱিষ্যতে কোনো নিযুক্তি দিয়া নহ’ব ৷

উল্লেখ্য যে , কেন্দ্ৰীয় বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে ২০২১-২২ বৰ্ষৰ বাজেটত ‘নেচনেল মনিটাইজেশ্যন পাইপলাইন’ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছিল ৷ এই ঘোষণা অনুসৰি, কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয়ৰ সম্পদ আৰু ৰাজহুৱা খণ্ডৰ সম্পদ বিক্ৰী কৰি ৬ লাখ কোটি টকা উপাৰ্জনৰ লক্ষ্য লোৱা হৈছিল ৷ ২০২২ চনৰ পৰা ২০২৫ চনৰ ভিতৰত এই পুঁজি সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰিছিল কেন্দ্ৰীয় চৰকাৰে ৷ পথ বিক্ৰী কৰি সৰ্বাধিক ১ লাখ ৬০ হাজাৰ ২০০ কোটি সংগ্ৰহৰ লক্ষ্য স্থিৰ কৰা হৈছিল ৷ তাৰ পাছতে সৰ্বাধিক ধন সংগ্ৰহৰ লক্ষ্য লোৱা হৈছে ৰে’লৱে খণ্ডৰ পৰা ৷ ৰে’লৱেৰ সম্পদ বিক্ৰী কৰি ১ লাখ ৫২ হাজাৰ ৪৯৬ কোটি টকা সংগ্ৰহৰ লক্ষ্য লোৱা হৈছিল ৷ ৰে’ল বিক্ৰীৰ এই পৰিকল্পনাৰে বিস্তৃত তথ্য The Crosscurrent য়ে লাভ কৰিবলৈ সক্ষম হৈছে ৷

৪০০ টা ৰে’লৱে ষ্টেচন বিক্ৰী কৰি ৭৬,২৫০ কোটি টকা আৰু ৯০ খন ৰে’ল বিক্ৰী কৰি ২১,৬৪২ কোটি টকা সংগ্ৰহ কৰাৰ লক্ষ্য লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে ৷
একেসময়তে বিগত ৪ আগষ্টত ৰাজ্যসভাত চৰকাৰে দাখিল কৰা তথ্য অনুসৰি , ভাৰতীয় ৰে’লৱেত মুঠ ২,৯৩,৯৪৩ টা পদ খালী হৈ আছে ৷ ইয়াৰে অৰ্ধেক পদৰেই বিলুপ্তি ঘটাবলৈ সাজু হৈছে ৰে’ল বিভাগ ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.