উভতি নহাৰ বাটেৰে গ’লগৈ নিপন গোস্বামী

Share This Article

যশস্বী অভিনেতা নিপন গোস্বামীৰ দেহাৱসান। আজি পুৱা ৯-১৫ বজাত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতাগৰাকীয়ে । বিগত ২৬ অক্টোবৰত অসুস্থতাৰ বাবে নেমকেয়াৰ হস্পিতালত ভৰ্তি কৰা হৈছিল অভিনেতাগৰাকীক ।

তেজপুৰৰ কলিবাৰীত ১৯৪৭ চনৰ ছেপ্টেম্বৰ মাহত নিপন গোস্বামীৰ জন্ম হৈছিল। পিতৃ আছিল প্ৰয়াত চন্দ্ৰধৰ গোস্বামী। প্ৰয়াত চন্দ্ৰধৰ গোস্বামীও আছিল বিখ্যাত অভিনেতা আৰু মাতৃ নিৰুপমা গোস্বামীয়ে সংগীত চৰ্চা কৰিছিল।নিপন গোস্বামীয়ে শিক্ষাৰম্ভ কলিবাৰী নিম্ন বুনিয়াদী প্ৰাথমিক বিদ্যালয়ত কৰিছিল। তাৰপাছত ‘তেজপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়’ত শিক্ষা গ্ৰহণ কৰে।জন্মৰে পৰাই সাংস্কৃতিক পৰিবেশ এটা নিপন গোস্বামীয়ে ঘৰতেই পাইছিল। পিতৃ চন্দ্ৰধৰ গোস্বামীকে ধৰি পাঁচো জন খুৰাকেই আছিল অভিনয়ৰ লগত জড়িত। তদুপৰি বিষ্ণুপ্ৰসাদ ৰাভা, ফণী শৰ্মা আছিল তেখেতৰ চুবুৰীয়া। বাণ ৰঙ্গমঞ্চত নিয়মিত ভাৱে চলি থকা নাটক চায়েই তেখেত অভিনয়ৰ প্ৰতি আগ্ৰহী হৈছিল।

●●●অভিনয় জীৱন

স্কুলত পঢ়ি থকা দিনতেই নিপন গোস্বামীয়ে প্ৰথম অভিনয় কৰিছিল। আঠ নে ন বছৰ বয়সত তেখেতে প্ৰথমে ‘লাচিত বৰফুকন’ নাটকত স্কুলীয়া লগৰীয়া কেইজনমানৰ লগত অভিনয় কৰিছিল। হাইস্কুলত পঢ়া কালতো নাটক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।

●●অভিনয়ৰ শিক্ষা

বি এ ফাইনেল পৰীক্ষা দিয়াৰ পাছত তেখেতে কলিকতালৈ গৈ পুণেৰ ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানত (FTII) নামভৰ্তিৰ বাবে ইণ্টাৰভিউ দিয়ে। ১৯৬৫ চন মানত তেওঁ পুনেলৈ অভিনয়ৰ প্ৰশিক্ষণৰ বাবে যায়। সুভাষ ঘাই, শত্ৰুঘ্ন সিন্‌হা, নবীন নিশ্চল, জালাল আগা, ৰেহেনা চুলতানা, ৰাকেশ পাণ্ডে আদি তেখেতৰ সহপাঠী আছিল। বলিউদৰ অভিনেতা আচৰাণী আছিল অগ্ৰজ আৰু বলিউদৰ ডেনী আৰু জয়া ভাদুৰী তেখেতৰ কনিষ্ঠ আছিল। ২ বছৰীয়া শিক্ষা সাং কৰি তেওঁ প্ৰথম ছবিত অভিনয় কৰে।

●●●বোলছবিত অভিনয়

ককাদেউতা,নাতি আৰু হাতী” ৰ এটি দৃশ্যত নিপন গোস্বামী ‘পুনে ফিল্ম ইনষ্টিটিউট’ৰ শিক্ষা গ্ৰহণ কৰি থাকোঁতেই নিপন গোস্বামীয়ে অমৰ পাঠকৰ ‘সংগ্ৰাম’ বোলছবিত অভিনয়ৰ বাবে আমন্ত্ৰণ পায়। সেই আমন্ত্ৰণ মৰ্মেই নিপন গোস্বামীয়ে ‘সংগ্ৰাম’ বোলছবিত প্ৰথমে নায়কৰ চৰিত্ৰত অভিনয় কৰে।

কালানুক্ৰমিক ভাৱে নিপন গোস্বামীৰ অভিনীত প্ৰথম ছবি আছিল ১৯৫৭ চনত মুক্তিপ্ৰাপ্ত ফণী শৰ্মাৰদ্বাৰা পৰিচালিত ‘পিয়লি ফুকন’। তেখেতৰ পিতৃয়ে নাম-ভূমিকাত অভিনয় কৰা এই ছবিখনত কেইটামান সৰু-সুৰা দৃশ্যত তেওঁ প্ৰথমে কেমেৰাত ভূমুকি মাৰিছিল।

‘সংগ্ৰাম’ৰ পাছতে নায়ক হিচাপে তেখেতে ১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ‘ডক্তৰ বেজবৰুৱা’ ছবিত অভিনয় কৰে। তাৰ পাছৰে পৰা তেখেতে ১০০-ৰো অধিক ছবিত অভিনয় কৰিছে। ১৯৮১ চনৰ আজলী নবৌৰ পাছৰেপৰা নিপন গোস্বামীয়ে নায়কৰ লগতে চৰিত্ৰাভিনয়ো কৰিবলৈ লয়।

●●●নাটকত অভিনয়
নিপন গোস্বামীয়ে নিজেই কোৱামতে মঞ্চহে তেখেতৰ বেছি ভাল লাগে। সেয়ে তেখেতে চলচ্চিত্ৰৰ লগতে মঞ্চাভিনয়ো অব্যাহত ৰাখিছে। তেখেতে ‘ভ্ৰাম্যমাণ থিয়েটাৰ’টো অভিনয় কৰিছে। নিপন গোস্বামীয়ে বিভিন্ন সময়ত কহিনুৰ, আৱাহন, হেঙুল আৰু শকুন্তলা থিয়েটাৰত অভিনয় কৰিছে। ভ্ৰাম্যমাণৰ সুখ্যাত নাটক ‘অসীমত যাৰ হেৰাল সীমা’-ৰ ‘চন্দন’ৰ চৰিত্ৰত তেখেতে অভিনয় কৰিছিল।

●●●পৰিচালনা

নিপন গোস্বামীয়ে অভিনয়ৰ লগতে নাটক পৰিচালনাও কৰি আহিছে। এমেচাৰ আৰু ভ্ৰাম্যমাণ দুয়োবিধ নাটকেই নিপন গোস্বামীয়ে পৰিচালনা কৰিছে। টেলিফিল্মো পৰিচালনা কৰিছে। মুনিন বৰুৱাৰ লগত যৌথ ভাৱে তেখেতে ‘প্ৰতিমা’ নামৰ বোলছবিখন পৰিচালনা কৰিছিল।
●●বৰ্তমান জীৱন

এতিয়াও চলচ্চিত্ৰ আৰু ভিচিডি ছবিত নিপন গোস্বামীয়ে অভিনয় কৰি গৈছে। মাজতে তেখেতে অসম চৰকাৰৰ জনসংযোগ বিভাগত চাকৰি কৰিছিল যদিও সেইটোৰপৰা তেখেতে অব্যাহতি লয়।

●●●বঁটা-সন্মান
অসমৰ আগশাৰীৰ নাট্যগোষ্ঠী আৱাহন থিয়েটাৰে ২০২১ বৰ্ষত নিপন গোস্বামীক ড০ ভবেন্দ্ৰ নাথ শইকীয়া বঁটাৰে সন্মানিত কৰে । এই বঁটাত গামোচা, ট্ৰফী, চেলেং, সম্বৰ্ধনা পত্ৰ, আৰু নগদ দহ হাজাৰ টকা আছে ।

●●●অসমীয়া ভাষাৰ চলচ্চিত্ৰ

সংগ্ৰাম (১৯৬৫)
ডক্তৰ বেজবৰুৱা
শেষ বিচাৰ
আজলী নবৌ
ককাদেউতা নাতি আৰু হাতী
নয়নমনি
দূৰণিৰ ৰং
ঘৰ সংসাৰ
জীৱন সুৰভি
প্ৰতিমা
পূজা
মৰিচিকা
মইনাজান
মানৱ আৰু দানৱ
শকুন্তলা আৰু শংকৰ জোচেফ আলি
প্ৰতিদান
ছিৰাজ
হিয়া দিয়া নিয়া
ককাদেউতাৰ ঘৰজোঁৱাই
কাদম্বৰী
মিঠা মিঠা লগনত
পলে পলে উৰে মন
বহাগৰ দুপৰীয়া
অঘৰী আত্মা
জীৱন বাটৰ লগৰী
বৰুৱাৰ সংসাৰ
আই মোৰ জনমে জনমে
প্ৰিয়া মিলন
বৰলাৰ ঘৰ
●●●বাংলা ভাষাৰ চলচ্চিত্ৰ
সম্পাদনা কৰক
তুষাৰতীৰ্থ অমৰনাথ
মৌ শেৰ
দেবাঞ্জলী
দুৰন্ত চৰাই

●●●হিন্দী ভাষাৰ চলচ্চিত্ৰ
দো অনজানে
জগ্গু
দো ভাই
মৌকা
বিৰোধী
কালসন্ধ্যা
●●●●●●
প্ৰয়াত গোস্বামীৰ মৃত্যুত গভীৰ শোকপ্ৰকাশ কৰিছে ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ প্ৰতিটো দল -সংগঠনে।কাইলৈ দিনৰ ১১বজাত সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে নৱগ্ৰহ শ্মশানত তেওঁৰ অন্তেষ্টিক্ৰিয়া সম্পন্ন কৰা হ’ব।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.