সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকত কি কি আলোচনা হ’ল ?

উত্তৰ প্ৰদেশসহ দেশৰ পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপি দলে ৷ দুবছৰৰ মূৰত দলৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠক অনুষ্ঠিত কৰি বিজেপিয়ে সমাগত নিৰ্বাচনৰ বাবে নিজকে সাজু কৰাৰ কাম আৰম্ভ কৰিছে ৷ নতুন দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে নাম নোলোৱাকৈ কংগ্ৰেছ আৰু আন বিৰোধী দলসমূহক সমালোচনাৰ লক্ষ্য কৰি লয় ৷ কাৰ্যনিৰ্বাহক বৈঠকত লোৱা প্ৰস্তাৱত মোদী চৰকাৰৰ দ্বিতীয় ইনিংছৰ দুবছৰীয়া কাৰ্যকালক প্ৰশংসা কৰাৰ লগতে বিৰোধী শক্তিক সুবিধাবাদী আৰু ঘৃণাৰ মানসিকতাৰ লোক বুলি অভিহিত কৰা হয় ৷
দেওবাৰে অনুষ্ঠিত হোৱা এদিনীয়া কাৰ্যনিৰ্বাহক বৈঠকত গ্ৰহন কৰা প্ৰস্তাৱত কোৱা হয় যে প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত যিসময়ত ভাৰতে বিশ্বৰ মানচিত্ৰত নতুন উচ্চতা চুবলৈ সক্ষম হৈছে , সেই সময়ত বিৰোধীয়ে কেৱল আৰু কেৱল ঘৃণা বিয়পাই আছে ৷ এই বিষয়ে সদৰী কৰি নিৰ্মলা সীতাৰমনে কয় যে ক’ৰোনা মহামাৰীৰ সময়ত বিৰোধী নেতাসকলে পথত নামি দুৰ্গতজনক সহায় কৰা দেখা নগ’ল , বৰং টুইটাৰৰ জড়িয়তে বিভ্ৰান্তি বিয়পোৱাতে নিজক ব্যস্ত ৰাখিলে ৷
ইফালে , প্ৰধানমন্ত্ৰী মোদীয়ে দলীয় কৰ্মীসকলক সাধাৰণ ৰাইজৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি চলিবলৈ আহ্বান জনায় ৷
বৈঠকত দলৰ সংগঠন বৃদ্ধি কৰাৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হয় ৷ ভাৰতৰ মুঠ ১০.৪০ লাখ বুথৰ ভিতৰত ৮৫ শতাংশ বুথতহে বিজেপিৰ কমিটী আছে ৷ সেয়ে ২৫ ডিচেম্বৰৰ পূৰ্বে সকলো বুথতে সাংগঠনিক কমিটী গঠন কৰাৰ সিদ্ধান্ত লোৱা হয় ৷

Leave A Reply

Your email address will not be published.