সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

দিল্লীলৈ হঠাৎ কিয় মুখ্যমন্ত্ৰী?

আজি নতুন দিল্লীলৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা৷জৰুৰীভাৱে দিল্লীলৈ আমন্ত্ৰণ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বক৷আজি কেন্দ্ৰীয় গৃহমন্ত্ৰীক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰী গৰাকী৷বিয়লিলৈ গুৰুত্বপূৰ্ণ বিষয়ত অমিত শ্বাহৰে আলোচনাত বহিব হিমন্ত বিশ্ব শর্মা৷
উল্লেখনীয় যে,নাগালেণ্ডৰ ঘটনাৰ পিছতেই দিল্লীলৈ মুখ্যমন্ত্ৰী গৰাকীক জৰুৰীভাবে মাতি পঠোৱা বুলি বাতৰি প্ৰকাশ পাইছে বিভিন্ন মাধ্যমত৷নাগালেণ্ডৰ ঘটনাৰ পিছত আফস্পা বাতিলৰ দাবী উত্থাপন হৈছে সমগ্ৰ উত্তৰ পূর্বাঞ্চলত৷নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীয়েও উত্থাপন কৰিছে একেই দাবী৷এনে এক প্ৰেক্ষাপটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ এই দিল্লী যাত্ৰা অতি গুৰুত্বপূর্ণ বুলি বিবেচিত হৈছে৷

Leave A Reply

Your email address will not be published.