১৯৯৫ চনৰ নাগালেণ্ডৰ ৰাজধানী ক’হিমা চহৰৰ ব্যস্ততাপূৰ্ণ এটা পুৱা। ভাৰতীয় সেনা বাহিনীৰ এটা দলে চহৰখনত তহল দি থকাৰ সময়তে হঠাৎ এখন চলন্ত গাড়ীৰ চকা ফুটিল।এই চকা ফুটা সাধাৰণ শব্দকে বোমা বুলি ভাবি ঘটনাস্থলীত উপস্থিত থকা সশস্ত্র সেনা বাহিনীয়ে ৰাজপথেৰে অহা-যোৱা কৰা নিৰীহ ব্যক্তিৰ ওপৰত আৰম্ভ কৰে নিৰ্বিচাৰ গুলী বৰ্ষণ।ফলত তিনি আৰু আঠবছৰীয়া দুগৰাকী কন্যা শিশুৰ লগতে মুঠ সাতজন ব্যক্তি ঘটনাস্থলীতে সেনাৰ গুলীত নিহত হয়।আৰু ২২গৰাকী ব্যক্তি গুৰুতৰ বাবে জখম হৈ চিকিৎসালয়ত ভর্তি হয়।
১৯৮৮চনৰ ৩১মেৰ পশ্চিম ত্রিপুৰাৰ খৈয়াই নামৰ মহকুমাৰ উজান মৈডান নামৰ গাঁওখনৰ ১৪ গৰাকী জনজাতি মহিলাক অসম ৰাইফলৰ জোৱানে গণধৰ্ষণ কৰে।
২০০৬চনৰ ৯ফেব্রুৱাৰি দিনা ঢলাই জিলাত এক সামৰিক অভিযানৰ কালত ভাৰতীয় সেনাবাহিনীয়ে তিনিগৰাকী মহিলাক হাত ভৰি বান্ধি গণ ধৰ্ষণ কৰে। লগতে ১৯৯৩ চনৰ পৰা ২০০৭ চনৰলৈকে ১০৩জন নিৰীহ যুৱকক ভূৱা সংঘৰ্ষৰ নামত সশস্ত্র সেনাবাহিনীয়ে হত্যা কৰে।বিদ্রোহী দমনৰ নামত ভাৰতীয় সেনা বাহিনীয়ে নিৰীহ মানুহৰ ওপৰত চলোৱা নিৰ্বিচাৰ উৎপীড়ন ,নিৰ্যাতন তথা ভূৱা সংঘৰ্ষৰ অভিযোগৰ ভিতৰত এয়া হৈছে অন্যতম।
উত্তৰপূৰ্বাঞ্চলত আজি এনে এটা খিলঞ্জীয়া জাতি নোলাব যি ভাৰতীয় সেনা বাহিনীৰ নিৰ্যাতনৰ মুখামুখী হোৱা নাই।ভূৱা সংঘৰ্ষ,সন্দেহৰ আধাৰত নিৰীহ মানুহক গ্রেপ্তাৰ কৰা,উৎপীড়ন চলোৱা এক সাধাৰণ ঘটনাৰ দৰেই হৈ পৰিছে এই উত্তৰপূৰ্বাঞ্চলৰ ৰাজ্যকেইখনত।
উত্তৰ পূৰ্ব্বাঞ্চলৰ অন্য ৰাজ্যৰ তুলনাত অৰুনাচল প্রদেশত বিদ্রোহী সমস্যা কম যদিও চুবুৰীয়া ৰাজ্যসমূহৰ সশস্ত্র বিদ্রোহীবোৰে এই ৰাজ্যখনত আশ্রয় গ্রহণ কৰাৰ সন্দেহতে সময়ে সময়ে অৰুনাচল প্রদেশত সামৰিক অভিযান চলি থাকে।বিশেষকৈ চাংলাং জিলাত বিদ্রোহী দমনৰ নামত ভাৰতীয় সেনাৰ উপদ্রৱ এক নিত্য নৈমিত্তিক ঘটনাৰ দৰে।অৰুনাচল প্রদেশত মানৱ অধিকাৰ ভূ লুণ্ঠিত কৰা আটাইতকৈ বৰ্বৰ আৰু শিহৰণকাৰী ঘটনাতো হৈছে ২০০২চনৰ ৫ জুন তাৰিখে বৰডুৰীয়া নামৰ অঞ্চলটোত NSCN ৰ বিৰুদ্ধে অভিযান চলোৱাৰ নামত প্রায় চাৰি শতাধিক সাধাৰণ গঞাৰ ওপৰত ভাৰতীয় সেনা বাহিনীয়ে চলোৱা অমানুষিক শাৰিৰীক অত্যাচাৰ।
ঠিক তেনেদৰে ১৯৯৭ আৰু ১৯৯৮ চনত মেঘালয় ৰাজ্যত বিদ্রোহীৰ বিৰুদ্ধে ভাৰতীয় সশস্ত্র সেনা বাহিনীয়ে চলোৱা OPERATION BIRDIE নামৰ সেনা অভিযানৰ সময়ত বহুতো খাচী মহিলাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে বিদ্রোহীৰ সৈতে সংঘৰ্ষ হোৱাৰ সময়ত মহিলাসকলক ঢাল হিচাপেও ব্যৱহাৰ কৰাৰো আছে অসংখ্য অভিযোগ।
মিজোৰামত সশস্ত্ৰ বিদ্ৰোহ দমনৰ নামত ভাৰতীয় সেনাৰ জঘন্যতম বৰ্বৰতাৰ নিৰ্দশন হৈছে তেৰবছৰীয়া লিয়ানথাংগোৱাং নামৰ নাবালীকা ছোৱালীজনীৰ ওপৰত চলোৱা গণ ধৰ্ষণ ।
সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইন চমুকৈ AFSPA ৰ অপপ্রয়োগৰ অভিযোগ অসম আৰু মনিপুৰত আটাইতকৈ বেছি । অসমত বিশেষকৈ ১৯৯০চনত বিদ্রোহী সংগঠন ULFA আৰু NDFBৰ বিৰুদ্ধে আৰম্ভ হোৱা সেনা অভিযান “বজৰং” আৰু ১৯৯২চনত আৰম্ভ হোৱা অপাৰেচন “ৰাইনো”ৰ সময়ত সাধাৰণ নাগৰিকৰ গণতান্ত্রিক অধিকাৰ আৰু মানৱ অধিকাৰ কিদৰে ভূ-লুণ্ঠিত কৰা হৈছিল তাৰ বাখ্যা নিস্প্রয়োজন ।কিয়নো অসমত বিদ্রোহ দমনত নিয়োজিত সশস্ত্র সেনা বাহিনীৰ বৰ্বৰতা কম-বেছি পৰিমানে স্বচক্ষুৰে দেখাৰ অভিজ্ঞতা বহুতৰে আছে । সেনাৰ দ্বাৰা সংঘটিত ভূৱা সংঘৰ্ষ আৰু জঘন্যতম ধৰ্ষণৰদৰে ২০টাৰো অধিক গোচৰ সন্মানীয় গুৱাহাটী উচ্চ ন্যায়লয়ে নিষ্পত্তি কৰি সশস্ত্র সেনাৰ বিৰুদ্ধে ৰায়দান দিছে। ভাৰতীয় সেনা বাহিনীৰ বিৰুদ্ধে ন্যায় যুঁজ দিয়াৰ অভাৱত আজিকোপতি লক্ষিমপুৰৰ ভনীমাই দত্ত ,ৰাজু বৰুৱাৰ দৰে ৯০টাৰো অধিক জঘন্য ধৰ্ষন ঘটনাৰ লগতে ৫০০০ৰো অধিক ভূৱা সংঘৰ্ষৰ ঘটনাৰো ন্যায়ীক তদন্ত নহ’ল।
সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবীত ২০০০ চনৰ ২ নভেম্বৰৰ পৰা মনিপুৰৰ লৌহ কন্যা ইৰম শৰ্মিলা যেতিয়া আমৰণ অনশনত বহে তেতিয়াৰ পৰাহে ক্রমাৎ এই আইনৰ অপপ্রয়োগৰ নৃশংস ঘটনাবোৰ বেছিকৈ পোহৰলৈ আহে।বিশেষকৈ ১৯৮৪ চনৰ পৰা মনিপুৰবাসীয়ে সহিব লগীয়া হৈছে ভাৰতীয় সেনা বাহিনীৰ অকথ্য নিৰ্যাতন।এই কুখ্যাত আইনখনৰ গইনাৰে সশস্ত্র সেনা বাহিনীয়ে যৌন উৎপীড়ন,ধৰ্ষণ ,ভূৱা সংঘৰ্ষ তথা নিৰীহ ব্যক্তিৰ ওপৰত শাৰিৰীক অত্যাচাৰ চলোৱাতো মনিপুৰত এতিয়া সাধাৰণ ঘটনাৰ দৰে হৈ পৰিছে ।
প্রশ্ন হয়,এই আইনৰ জৰিয়তে সেনাক অবাধ ক্ষমতা তথা সন্দেহৰ আধাৰতে কাৰোবাক গুলী কৰাৰ অধিকাৰ নোপোৱা হ’লে এনে লোমহৰ্ষক ঘটনা সংঘটিত কৰিবলৈ সশস্ত্র বাহিনীয়ে সুযোগ পালেহেঁতেননে ?
এই সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনখনৰ ৪নং ,৫ নং,আৰু,৬নং ধাৰাত উল্লেখিত প্রতিটো শব্দই মানৱ অধিকাৰ তথা ভাৰতীয় সংবিধান প্রদত্ত নাগৰিকৰ অধিকাৰৰ পৰিপন্থী।চাওঁ আহক এই আইনখনে কি কি ক্ষমতা প্ৰদান কৰিছে সেনাক–
এই আইনৰ ৩ নং ধাৰাৰ দ্বাৰা ঘোষিত অশান্ত অঞ্চলত যিকোনো আয়ুক্ত পৰ্যায়ৰ বিষয়া,অনাআয়ুক্ত বিষয়া,পাৰোৱানা জাৰি কৰা বিষয়া তথা যিকোনো তেনে সম পৰ্যায়ৰ সেনা বিষয়াই যদি অনুভৱ কৰে যে কোনোবাই আইন অমান্য কৰিছে তেন্তে সেই ব্যক্তিৰ ওপৰত গুলীচালনা অথবা সশস্ত্র বল প্রয়োগ কৰিব পাৰিব।এনে অভিযান কালত মৃত্যু পৰ্যন্ত হ’লেও সেনা বাহিনী জগৰীয়া নহ’ব।
বিদ্রোহীয়ে ব্যৱহাৰ কৰাৰ সন্দেহত যিকোনো গোপন ঘাটি বা সশস্ত্র প্রশিক্ষণ শিবিৰ বা যি কোনো তেনেধৰণৰ গাঁথনি সেনাবাহিনীয়ে ধংস বা নষ্ট কৰিব পাৰিব।
আইনী পৰোৱানা নোহোৱাকৈয়ে কেৱল মাত্র সন্দেহৰ ভিত্তিত এজন ব্যক্তিক অপৰাধত জড়িত বুলি আটক কৰিব পাৰে।আনকি ,ভৱিষ্যতলৈ তেনে অপৰাধ কৰিব পাৰে বুলিও এই ধাৰাৰ অধীনত যিকোনো ব্যক্তিক আটক কৰিব পাৰে।
আইনী পৰোৱানা অবিহনে যিকোনো আৱাস গৃহত প্রৱেশ কৰি কোনো ব্যক্তিক আইন বিৰোধী সামগ্রী লগত ৰখাৰ অভিযোগত আটক কৰিব পাৰে।
উল্লেখযোগ্য যে মানৱ অধিকাৰ সংগঠনসমূহৰ প্রৱল প্রতিবাদত বাধ্য হৈ ত্রিপুৰা চৰকাৰে সেই ৰাজ্যৰ পৰা এই কুখ্যাত আইনখন বাতিল কৰে।ত্ৰিপুৰাক বাদ দি উত্তৰ পূৰ্ব্বাঞ্চলৰ ছয়খন ৰাজ্য আৰু জম্মু কাশ্মিৰত আজিও বাহাল থকা সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনখন এই অঞ্চল সমূহত ব্যাপক অপপ্রয়োগ হোৱা বুলি প্ৰতিটো ঘটনাৰ পিছত কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া কমিটি সমূহে চৰকাৰক দাখিল কৰা প্ৰতিটো প্ৰতিবেদনতে এই কুখ্যাত আইনখন উত্তৰপূৰ্বাঞ্চলৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে বুলি দিয়া পৰামৰ্শ আজিও গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে।যাৰ পৰিণতিত আজি আকৌ ১৩ জনকৈ সাধাৰণ নাগৰিকে জীৱন দিব লগা হ’ল।ৰাষ্ট্র সংঘৰ মানৱ অধিকাৰ পৰিষদ,এমনেষ্টি ইন্টাৰনেচনেল,তথা হিউমেন ৰাইটচ আদিৰ দৰে আন্তৰ্জাতিক মানৱ অধিকাৰ সংস্থা সমূহেও ভাৰতবৰ্ষৰ পৰা এই আইনখন বাতিল কৰিবলৈ কেন্দ্রীয় চৰকাৰক অনুৰোধ জনাই আহিছে।
মূলত: বিদ্রোহী সমস্যাক দমন কৰিবলৈ বলবৎ কৰা আইনখন প্ৰায় ৬৩ বছৰ ধৰি বিবাদমান অঞ্চল সমূহত বাহাল থকাৰ পিছতো আজি পৰ্যন্ত বিদ্রোহী সমস্যা অন্ত নপৰিল।তাৰ জলন্ত উদাহৰণ হৈছে মনিপুৰ।সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনখন মনিপুৰত বলবৎ কৰাৰ সময়ত ৰাজ্যখনত মাত্র চাৰিটাহে সশস্ত্র সংগঠন আছিল।আজি সেই সংখ্যা বৃদ্ধি পাই ১৮ টা হ’লগৈ । ঠিক তেনেদৰে অসম আৰু নগালেণ্ডৰ পৰিস্থিতিও অপৰিবৰ্ত্তিত অৱস্থাতেই আছে।জম্মু কাশ্মিৰৰ পটভূমিতো একেই কথা।এই দিশবোৰে আইনখনৰ সীমাবদ্ধতাৰ কথাতোকে প্রতিপন্ন কৰিছে।তেনেস্থলত একেখন বিফল দানৱীয় আইনক বাহাল ৰখাৰ প্ৰয়োজনীয়তা আছেনে?ভাৰত এখন গণতান্ত্রিক দেশ হিচাপে দেশৰ আইনো মানৱীয় হোৱাতো সকলোৰে কাম্য।ৰাষ্ট্ৰ সন্ত্ৰাসৰ সলনি আজিকোপতি বিভিন্ন আয়োগে সশস্ত্র সেনা বাহিনী বিশেষ ক্ষমতা আইনৰ সন্দৰ্ভত আগবঢ়োৱা পৰামৰ্শ আৰু উত্তৰপূৰ্বাঞ্চলৰ সশস্ত্ৰ সংগঠনসমূহ আৰু ইয়াৰ জনসাধাৰণৰ দাবী,আশা-আকাংক্ষাসমূহক কেন্দ্রীয় চৰকাৰে কাৰ্যকৰী ৰূপ দি দেশৰ বিবাদমান অঞ্চলসমূহলৈ শান্তি ঘূৰাই অনাটোহে এতিয়া সকলোৰে কাম্য।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Prev Post
Next Post