সুদীৰ্ঘ বিৰতিৰ অন্তত আমেৰিকালৈ ৰাওনা হ’ল দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাতৰ উদ্দেশ্যে আমেৰিকালৈ উৰা মাৰিলে মোডীয়ে। উৰণৰ সময়ত প্ৰধানমন্ত্ৰী গৰাকীয়ে নিজৰ টুইটাৰ একাউণ্টৰ পৰা এখন ফটো পোষ্ট কৰিছিল। ফটোখনত প্ৰধানমন্ত্ৰী গৰাকীক ডিঙিত গামোচা লৈ ফাইলত চকু ফুৰাই থকা দেখা গৈছিল।
মোডীয়ে টুইটযোগে লগতে কয় যে দীঘলীয়া বিমান যাত্ৰাৰ অৰ্থ হৈছে কিছু কাগজ-পত্ৰ আৰু ফাইলত চকু ফুৰোৱাৰ সুযোগ।
ইয়াৰ বিপৰীতে টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো মোডীৰ টুইটসন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। শৰ্মাই লিখিছে যে বিদেশলৈ যাওঁতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীজীয়ে এখন অসমীয়া গামোচা পৰিধান কৰা দৃশ্যটো আমাৰ বাবে নোম শিয়ৰি উঠা। মোডীজীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ সংস্কৃতি বিশ্ব দৰবাৰত প্ৰদৰ্শন কৰাৰ বাবে অহৰহ চেষ্টা কৰি আহিছে। ধন্যবাদ মোডী জী।
মোডীয়ে বুধবাৰে আমেৰিকালৈ ৰাওনা হৈছে। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে আমেৰিকালৈ যোৱা বায়ু সেনা 1 বোয়িং 777-337 ইআৰ বিমানত উঠাৰ কিছু মুহূৰ্তৰ আগতে মোডীৰ এখন ফটো টুইট কৰিছিল। মোডীয়ে শুক্ৰবাৰে প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি জ’ বাইডেনক সাক্ষাৎ কৰিব। একেদিনাই বাইডেনে প্ৰথম কোৱাড-কাণ্ট্ৰী সন্মিলন অনুষ্ঠিত কৰিব।
অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন আৰু জাপানৰ প্ৰধানমন্ত্ৰী য়োশিহিদে চুগাৰ সৈতে মোডীয়ে সন্মিলনত অংশগ্ৰহণ কৰিব। আমেৰিকালৈ ৰাওনা হোৱাৰ পূৰ্বে মোডীয়ে কয় যে তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাষণ দি ভ্ৰমণ সমাপ্ত কৰিব। য’ত তেওঁ কোভিড-১৯ মহামাৰী, সন্ত্ৰাসবাদ, জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য গুৰুত্বপূৰ্ণ বিষয়ৰ দৰে গুৰুত্বপূৰ্ণ গোলকীয় বিষয়সমূহৰ বিষয়ে আলোচনা কৰিব।
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.