মুক্তি পালে ‘বিকিনী কিলাৰ’ শোভৰাজে

Share This Article

চাৰ্লছ শোভৰাজক মনত আছেনে?নেপাল উচ্চতম ন্যায়ালয়ে চাৰ্লছ শোভৰাজৰ জামিন মঞ্জুৰ কৰিছে।ইতিমধ্যে চাৰ্লছ শোভৰাজে তেওঁৰ কাৰাবাসৰ শাস্তিৰ ৭৫% সম্পূৰ্ণ কৰিছে৷তেওঁ কাৰাগাৰত থকা সময়ত ব্যৱহাৰ খুব নম্ৰ আছিল।কাৰগাৰৰ পৰা মুক্তি বিচাৰি এক আৱেদন পত্ৰ প্ৰেৰণ কৰিছিল তেওঁৰ অধিবক্তাই য’ত তেওঁ নেপালৰ জ্যেষ্ঠ নাগৰিকৰ বাবে থকা বিশেষ সুবিধা কাৰাদণ্ডৰ পৰা ৰেহাই বিচাৰি আৱেদন জনাইছে।ইতিমধ্যে ১৭ ৰ পৰা ২০ বছৰ তেওঁ কাৰাবাস খাটিছেই বুলি দাবী কৰিছে।তেওঁৰ অধিবক্তা ৰাম বন্ধু শৰ্মাই কয় ” তেওঁ ইতিমধ্যে কাৰাবাসৰ ৯৫% সম্পূৰ্ণ কৰিছে৷তেওঁক সোনকালে মুক্তি দিয়া উচিত কাৰণ তেওঁৰ এতিয়া যথেষ্ট বয়স হৈছে” ৷ অধিবক্তা ৰাম বন্ধু শৰ্মাই কয় যে চাৰ্লছ অতি শীঘ্ৰেই কাৰাগাৰৰ পৰা মুক্ত হ’ব।২০০৩ চনৰ আগষ্ট মাহত শোভৰাজক এখন কেছিন’ৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল।চাৰ্লছ শোভৰাজ বহু কেইটা হত্যাকাণ্ডৰ লগত জড়িত৷ইতিমধ্যে ১৯৭৬ চনৰ পৰা ১৯৯৬ চনলৈকে মুঠ ২১ বছৰ ভাৰততো কাৰাবাস খাটিছে চাৰ্লছ শোভৰাজে।চাৰ্লছ শোভৰাজে বিভিন্ন ভাষা ক’ব পাৰে৷তেওঁৰ বিৰুদ্ধে কেইবাটাও হত্যাকাণ্ডৰ গোচৰ আছে।১৯৭২ চনৰ পৰা ১৯৭৬ চনৰ সময়চোৱাত তেওঁ পাশ্চাত্যৰ পৰা অহা পৰ্যটক সকলক ডকাইতিৰ লক্ষ্য হিচাপে লৈছিল।তেওঁৰ বিৰুদ্ধে ১৫ ৰ পৰা ২০ জন লোকক হত্যা কৰাৰ অভিযোগ আছে।থাইলেণ্ডৰ পাটায়াত ১৯৭৫ চনত প্ৰায় ৬ ৰ পৰা ৭ গৰাকী বিকিনি পিন্ধা মহিলাক হত্যা কৰাৰ অভিযোগো আছে চাৰ্লছৰ বিৰুদ্ধে।তেওঁ হত্যাৰ লক্ষ্য হিচাপে লোৱা বেছিভাগ মহিলাই বিকিনী পৰিহিতা৷সেয়ে তেওঁক আচলতে সকলোৱে ‘বিকিনী কিলাৰ ’ বুলিহে জানে সকলোৱে।তেওঁৰ পিতৃ আছিল ভাৰতীয় আৰু মাতৃ আছিল ভিয়েটনামৰ ।তেওঁৰ দেউতাকে চাৰ্লছক নিজৰ সন্তান বুলি গ্ৰহণ কৰা নাছিল।চাৰ্লছৰ সতীয়া পিতৃৰ ওচৰলৈ লৈ গৈছিল চাৰ্লছৰ মাতৃয়ে৷কিন্তু সেই সতীয়া পিতৃয়েও অৱজ্ঞা কৰিছিল চাৰ্লছক।শৈশৱ কালত সন্মুখীন হোৱা বিভিন্ন সমস্যা আৰু কাৰাবাসত বিধ্বস্ত জীৱন কটোৱা চাৰ্লছ শোভৰাজে ত ১৯৭০ চনৰ পৰাই পৃথিৱীৰ বিভিন্ন ঠাই ভ্ৰমণ কৰা আৰম্ভ কৰিছিল।তেওঁ থাইলেণ্ডত জীৱনৰ প্ৰথমটো হত্যাকাণ্ড সংঘটিত কৰিছিল।১৯৭৫ চনত পাটায়াত এগৰাকী আমেৰিকাৰ যুৱতীক হত্যা কৰিছিল শোভৰাজে।তেওঁৰ এগৰাকী ঘনিষ্ঠ বান্ধৱী নন্দনী গিৰিজে কয়” তেওঁ সংস্কৃতিৱান৷তেওঁ সাহসীও।”তেওঁ প্ৰথমে জেমচষ্টনৰ ব্যৱসায় কৰিছিল৷তেওঁ পৰ্যটকৰ পৰা বলপূৰ্বকভাৱে ধন কাঢ়ি লৈছিল।শোভৰাজক এজন ডকাইত,হত্যাকাৰী হিচাপেহে জানে সকলোৱে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.