চাইনিজ মালৰ দৰেই তাৰ ভেকচিনো !

Share This Article

শেহতীয়াকৈ ক’ভিড পৰিস্থিতি চীনত অত্যন্ত ভয়ংকৰ দিশে গতি কৰিছে।ভাৰত চৰকাৰে চীনৰ শেহতীয়া পৰিস্থিতিক লৈ শংকা ব্যক্ত কৰিছে৷ইতিমধ্যে জনসমাগমত মাস্ক পৰিধান কৰাৰ আহ্বান জনাইছে কেন্দ্ৰীয় স্বাস্থ্য বিভাগৰ তৰফৰ পৰা।এখন ৰাষ্ট্ৰীয় সংবাদপত্ৰই আগবঢ়োৱা প্ৰতিবেদনত প্ৰকাশ পাইছে যে কোনো কাৰণতেই চীনৰ দৰে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি নহয় ভাৰতত।ইয়াৰ প্ৰথম কাৰণটোৱেই হৈছে ভাৰতৰ ভেকচিন চীনৰ ভেকচিনতকৈ উন্নত৷ভাৰতত প্ৰয়োগ কৰা ভেকচিনবোৰৰ ৯৬% ই অক্সফৰ্ড অথবা এক্সট্ৰাজেনেকাৰ যিটো ছিৰাম ইনষ্টিটিউটৰ সহযোগত প্ৰস্তুত কৰা। ক’ভিশ্বিল্ড আৰু ভাৰত বায়’টেকৰ ক‘ভাক্সিন দুয়োটাই যথেষ্ট উন্নত মানৰ।আনহাতে,চীনত ব্যৱহৃত টীকাবোৰ ঘাইকৈ কৰ’নাভাক আৰু চিন’ফাৰ্ম নামেৰে জনাজাত।এক্সট্ৰাজেনেকা ভেকচিনটো প্ৰায় ৮০% ভাৰতীয়ৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছিল৷ব্ৰাজিলৰ এক মিলিয়ন লোকৰ ওপৰত এক গৱেষণা চলোৱা হৈছিল।চীন আৰু ভাৰতত ব্যৱহাৰ কৰা ভেকচিনে যুৱক সকলৰ ক্ষেত্ৰত সমান সুৰক্ষা প্ৰদান কৰে।কিন্তু কৰ’নাভাক বয়োজ্যেষ্ঠ সকলৰ ক্ষেত্ৰত সিমান সুৰক্ষিত নহয়।৭৯ বছৰ বয়সলৈকে এই কৰ’নাভাক চীনা জনতাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হৈছিল আৰু ইয়াৰ পৰা ৬০% লোকে সুৰক্ষা লাভ কৰিছিল।তাৰ বিপৰীতে ভাৰতত এক্সট্ৰাজেনেকাৰ পৰা ৭৬% লোক উপকৃত হৈছিল৷৮০ ৰ উৰ্ধৰ চীনা নাগৰিকৰ ক্ষেত্ৰত মাত্ৰ ৩০% লোকৰ ক্ষেত্ৰতহে কাৰ্যকৰী হৈছিল এই ভেকচিন।তাৰ বিপৰীতে অক্সফৰ্ড ভেকচিনে ভাৰতত ৮০ ৰ উৰ্ধৰ লোকৰ ক্ষেত্ৰতো ৬৭% লোকৰ ক্ষেত্ৰত কাম দিছিল।চীনত বৃদ্ধ লোকতকৈ যুৱ প্ৰজন্মৰ সংখ্যা বেছি।আনকি পাশ্চাত্যৰ দেশত ব্যৱহাৰ হোৱা ভেকচিনবোৰতকৈয়ো কম কাৰ্যক্ষম কৰ’নাভাক।১০০ মিলিয়নতকৈ অধিক জনসংখ্যা থকা ১৪ খন দেশৰ ভিতৰত টীকাকৰণৰ তালিকাত ভাৰতৰ স্থান আছে দশম স্থানত।বিগত ৩১ অক্টোবৰত ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে টীকাকৰণৰ তথ্য বয়সৰ বিভাজন অনুসৰি উল্লেখ কৰিছিল।মুঠ ৯৪০ মিলিয়ন প্ৰাপ্তবয়স্ক ভাৰতীয়ৰ ৭১৯ মিলিয়ন লোকে এতিয়াও বুষ্টাৰ ড’জ লোৱা নাই।ইয়াৰে ৫৯১ মিলিয়ন লোকৰ ইতিমধ্যে বুষ্টাৰ লোৱাৰ সময় পাৰ হৈছে৷তদুপৰি মুঠ ১৩৫ মিলিয়নে এতিয়ালৈকে দ্বিতীয় ড’জ ভেকচিন লোৱা নাই।তাৰে ৬০ মিলিয়ন হ’ল যুৱপ্ৰজন্মৰ প্ৰতিনিধি।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.