পেট্ৰ’ল – ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ৷ কিন্তু তাৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বৰং জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’ল – ডিজেলৰ পৰা অধিক কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে মোদী চৰকাৰ ৷ কেন্দ্ৰীয় চৰকাৰে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ পেট্ৰ’ল – ডিজেলৰ পৰা সংগ্ৰহ কৰিছে মুঠ ১৪.৪ লাখ কৌটিৰ আবকাৰী কৰ ৷বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে বুধবাৰে সদনত এই তথ্য সদৰী কৰে ৷তেও লগতে সদৰী কৰে যে প্ৰতিলিটাৰ আনব্ৰেণ্ডেড পেট্ৰ’লৰ পৰা ৩২.৯০ টকা আৰু প্ৰতিলিটাৰ আনব্ৰেন্ডেড ডিজেলৰ পৰা ৩১.৮০ টকাৰ আবকাৰী কৰ সংগ্ৰহ কৰা হয় ৷ইয়াৰ বাহিৰেও ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ভেট আৰোপ কৰে ৷ উল্লেখ্য যে যোৱা ১৯ জুলাইত পেট্ৰ’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সদৰী কৰা তথ্য অনুসৰি ২০১৮- ১৯ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে পেট্র্’ল – ডিজেলৰ পৰা আবকাৰী কৰ ২.১৩ লাখ কৌটি টকা আৰু ২০১৯-২০ বৰ্ষত ১.৭৮ লাখ কৌটি টকা সংগ্ৰহ কৰিছিল ৷ ২০২০-২১ বৰ্ষত সংগৃহীত কৰৰ পৰিমান ৩.৩৫ লাখ কৌটিলৈ বৃদ্ধি পালে ৷ তেও লগতে এইবুলিও কৈছিল যে ২০২১-২২ বৰ্ষত পেট্ৰ’লৰ দাম ৩৯ বাৰ আৰু ডিজেলৰ দাম ৩৬ বাৰ বৃদ্ধি পাইছে ৷