জনতাক মাধমাৰ : পেট্ৰ’ল-ডিজেলৰ পৰা কিমান কৰ সংগ্ৰহ কৰিলে মোদী চৰকাৰে ?

Share This Article

পেট্ৰ’ল – ডিজেলৰ অভাবনীয় মূল্যবৃদ্ধিয়ে দেশবাসীক জুৰুলা কৰিছে ৷ কিন্তু তাৰ পাছতো জনসাধাৰণক সকাহ দিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই কেন্দ্ৰীয় চৰকাৰে ৷ বৰং জনতাৰ মূৰত মাধমাৰ সোধাই পেট্ৰ’ল – ডিজেলৰ পৰা অধিক কৰ সংগ্ৰহ কৰাতহে ব্যস্ত হৈ পৰিছে মোদী চৰকাৰ ৷ কেন্দ্ৰীয় চৰকাৰে ২০১৪-১৫ বৰ্ষৰ পৰা ২০২০-২১ বৰ্ষলৈ  পেট্ৰ’ল – ডিজেলৰ পৰা সংগ্ৰহ কৰিছে মুঠ ১৪.৪ লাখ কৌটিৰ আবকাৰী কৰ ৷বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে বুধবাৰে সদনত এই তথ্য সদৰী কৰে ৷তেও লগতে সদৰী কৰে যে প্ৰতিলিটাৰ আনব্ৰেণ্ডেড পেট্ৰ’লৰ পৰা ৩২.৯০ টকা আৰু প্ৰতিলিটাৰ আনব্ৰেন্ডেড ডিজেলৰ পৰা ৩১.৮০ টকাৰ আবকাৰী কৰ সংগ্ৰহ কৰা হয় ৷ইয়াৰ বাহিৰেও ৰাজ্য চৰকাৰে নিজাববীয়াকৈ ভেট আৰোপ কৰে ৷ উল্লেখ্য যে যোৱা ১৯ জুলাইত পেট্ৰ’লিয়াম দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে সদৰী কৰা তথ্য অনুসৰি ২০১৮- ১৯ বৰ্ষত কেন্দ্ৰীয় চৰকাৰে পেট্র্’ল – ডিজেলৰ পৰা আবকাৰী কৰ ২.১৩ লাখ কৌটি টকা আৰু ২০১৯-২০ বৰ্ষত ১.৭৮ লাখ কৌটি টকা  সংগ্ৰহ কৰিছিল ৷ ২০২০-২১ বৰ্ষত সংগৃহীত কৰৰ পৰিমান ৩.৩৫  লাখ কৌটিলৈ বৃদ্ধি পালে ৷ তেও লগতে এইবুলিও কৈছিল যে ২০২১-২২ বৰ্ষত পেট্ৰ’লৰ দাম ৩৯ বাৰ আৰু ডিজেলৰ দাম ৩৬ বাৰ বৃদ্ধি পাইছে ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.