বিগত ৩০ ডিচেম্বৰত চীনৰ বিদেশ মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ নাম সলনি কৰি এখন জাননী জাৰি কৰিছে ৷ লগতে এই ঠাইসমূহৰ নিজাববীয়া নামাকৰণো কৰিছে ৷ এতিয়াৰে পৰা চীনে নিজৰ মানচিত্ৰ আৰু দস্তাবেজত অৰুণাচল প্ৰদেশৰ এই ঠাইবোৰৰ নিজাববীয়া নামহে ব্যৱহাৰ কৰিব ৷ কাৰণ চীনে সদায়ে অৰুণাচল প্ৰদেশক দক্ষিণ তিব্বত বুলিহে গণ্য কৰি আহিছে ৷ শেহতীয়াকৈ চীনে নিজৰ স্থল সীমান্ত অঞ্চলক লৈ এখন নতুন আইন প্ৰণয়ন কৰিছে ৷ ২০২২ চনত পৰাই এই আইন কাৰ্যকৰী হৈছে ৷ চীনৰ বিদেশ মন্ত্ৰালয়ৰ মতে নতুন আইন অনুসৰি নতুনকৈ নামাকৰণ কৰা হৈছে ৷ সেই অনুসৰি অৰুণাচল প্ৰদেশৰ ১৫ টা স্থানৰ চীনে নতুন নামাকৰণ কৰিছে চিনী , তিব্বতী আৰু ৰোমন হিচাপে ৷ অৰুণাচল প্ৰদেশকো চীনে পূৰ্বৰে পৰা জাংগনান হিচাপে অভিহিত কৰি আহিছে ৷
চীনৰ নাম সলনিৰ এয়াই প্ৰথম প্ৰয়াস নহয় ৷ ২০১৭ চনতো চীনে অৰুণাচল প্ৰদেশৰ ৬ টা স্থানৰ নিজাববীয়া নামাকৰণ কৰিছিল ৷ সেই সময়ত দালাই লামাৰ ভ্ৰমণৰ প্ৰতিক্ৰিয়া হিচাপে চীনে এই কাম কৰিছিল ৷ চীনে নতুনকৈ নাম সলনি কৰা অৰুণাচলৰ ১৫ টা স্থানৰ ভিতৰত আছে ৮ খন চহৰ , ৪খন পাহাৰ , ২ খন নদী আৰু এটা পাহাৰৰ শৃংগ ৷ মুঠ ১১ খন জিলাক সামৰি এই ঠাইসমূহ বিস্তৃত হৈ আছে ৷ উল্লেখযোগ্য যে চীনে অৰুণাচল প্ৰদেশৰ মুঠ ৯০ হাজাৰ বৰ্গকিলোমিটাৰ অঞ্চলক নিজৰ বুলি দাবী কৰি আহিছে ৷ এতিয়াৰে পৰা চীনে নিজৰ মানচিত্ৰত অৰুণাচল প্ৰদেশৰ এই অঞ্চলসমূহক নিজা নামেৰে চিহ্নিত কৰিব ৷ ইয়াৰ ফলত ভাৰতৰ ভূখণ্ডত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে যদিও এনে ঘটনাই চীনৰ আগ্ৰাসী মানসিকতাকে পুণৰবাৰ প্ৰতিফলিত কৰিছে ৷ ইয়াৰ পৰাই সীমা বিবাদক লৈ চীনৰ নতুন দৃষ্টিভংগীৰো উমান পোৱা যায় ৷
নাম সলনিৰ দৰে প্ৰতিকাত্মক কামৰ বাবে ভাৰত চিন্তিত হোৱাৰ প্ৰয়োজন নাই যদিও চীনৰ নতুন সীমা আইনহে ভাৰতৰ বাবে চিন্তাৰ কাৰণ হৈ উঠিছে ৷ এই নতুন আইনৰ সপ্তম অনুচ্ছেদ অনুসৰিয়ে অৰুণাচল প্ৰদেশৰ ১১ জিলাৰ নাম সলনি কৰা হৈছে ৷ একেখন আইনৰ ৬২ নং অনুচ্ছেদত সীমা নিৰ্ধাৰণৰ পৰা সীমা সুৰক্ষাৰ কথা উল্লেখ কৰা হৈছে ৷ ২২ ন অনুচ্ছেদত সেনা অভ্যাসৰ কথা উল্লেখ কৰি কোৱা হৈছে যে যিকোনো আক্ৰমণ , অতিক্ৰমণ আৰু উচটনি কঠোৰভাৱে প্ৰতিৰোধ কৰিব লাগিব ৷ এই নতুন আইনে ভাৰত- চীন সীমান্ত যে অস্থিৰ কৰি ৰাখিব , তাৰ আভাস এতিয়াই স্পষ্ট হৈ পৰিছে ৷
Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.
Next Post