যোগীৰ ৰাজ্যত কিমান সুৰক্ষিত মহিলা ?

Share This Article

2020 বৰ্ষৰ তুলনাত 2021 বৰ্ষত বৃদ্ধি পালে মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগ।
২০২১ চনত ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধৰ অভিযোগ লাভ কৰিছে প্ৰায় 31,000 টা।যি সংখ্যা 2014 চনৰ পিছত সৰ্বাধিক।আৰু ইয়াৰে আধাতকৈও অধিক গোচৰ উত্তৰ প্ৰদেশৰ।উল্লেখ্য যে ২০১৪ চনত লাভ কৰা অভিযোগৰ সংখ্যা আছিল 33,906 টা।আৰু ২০১৪ চনৰ পিছত ২০২১ চনত দ্বিতীয়বাৰৰ বাবে এই সংখ্যা বৃদ্ধি পায়।
2020 চনৰ তুলনাত 2021 চনত মহিলাৰ বিৰুদ্ধে অপৰাধৰ অভিযোগৰ এই সংখ্যা 30 শতাংশলৈ বৃদ্ধি পায়।২০২০ চনত ইয়াৰ সংখ্যা আছিল ২৩,৭২২ টা।
এনচিডব্লিউৰ চৰকাৰী তথ্য অনুসৰি, 30,864 টা অভিযোগৰ ভিতৰত, সৰ্বাধিক 11,013 টা অভিযোগ মহিলাই সমাজত মৰ্যদা সহকাৰে জীয়াই থকাৰ অধিকাৰৰ সৈতে সম্পৰ্কিত।ঘৰুৱা হিংসাৰ সৈতে সম্পৰ্কিত অভিযোগ 6,633 টা আৰু যৌতুক, নিৰ্যাতনৰ সৈতে সম্পৰ্কিত অভিযোগ 4,589 টা।
উত্তৰ প্ৰদেশ হৈছে আটাইতকৈ জনবহুল ৰাজ্য।আৰু ইয়াত মহিলাৰ বিৰুদ্ধে অপৰাধৰ সৰ্বাধিক ১৫৮২৮ টা অভিযোগ নথিভুক্ত হৈছে। তাৰ পিছত দিল্লীত 3,336 টা মহাৰাষ্ট্ৰত 1,504 টা হাৰিয়ানাত 1,460 টা আৰু বিহাৰত অভিযোগৰ সংখ্যা 1,456 টা।
তথ্য অনুসৰি, উত্তৰ প্ৰদেশত লাভ কৰা অধিক সংখ্যক গোচৰেই মহিলাৰ সন্মান আৰু ঘৰুৱা হিংসাৰ সৈতে জড়িত অভিযোগ।জুলাইৰ পৰা ছেপ্টেম্বৰ 2021 লৈ, প্ৰতি মাহে 3,100 ৰো অধিক অভিযোগ প্ৰাপ্ত হৈছিল।
এনচিডব্লিউৰ তথ্য অনুসৰি মহিলাৰ শালীনতা বা উৎপীড়নৰ 1,819 টা,ধৰ্ষণ আৰু ধৰ্ষণৰ চেষ্টাৰ 1,675 টা , মহিলাৰ বিৰুদ্ধে আৰক্ষীৰ উদাসীনতাৰ 1,537 টা আৰু চাইবাৰ অপৰাধৰ 858 টা অভিযোগ লাভ কৰা হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.