সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

PRC নোহোৱাকৈ কিদৰে পশ্চিমবংগ-ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে নিযুক্তি পালে অসমৰ মহাবিদ্যালয়ত

পি আৰ চিৰ নামত মুখ্যমন্ত্ৰীৰ আঁভুৱা

অসমৰ উচ্চ শিক্ষা জগতত চাকৰিৰ বাবে স্থায়ী বাসিন্দাৰ প্ৰমাণপত্ৰ অৰ্থাৎ পি আৰ চিৰ প্ৰয়োজন নাই বুলি বিগত ৪ জুনত জাননী প্ৰকাশ কৰিছিল অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালকালয়ে৷ এই জাননী পোহৰলৈ অহাৰ পাছতেই ৰাজ্যজুৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে এই জাননী প্ৰত্যাহাৰৰ নিৰ্দেশ দিয়াৰ পাছত উচ্চ শিক্ষা সঞ্চালকালয়ে জাননীখন বাতিল কৰে৷ ইফালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰে যে এনে জাননী অসম চৰকাৰেহে প্ৰকাশ কৰিব পাৰে৷ চৰকাৰৰ অলক্ষিতে কেনেদৰে এই জাননী প্ৰকাশ পালে, তাৰ তদন্ত কৰিবলৈও মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পৰা এনে এক ধাৰণা হয় যে অসমত পি আৰ চি নোহোৱাকৈ উচ্চ শিক্ষা জগতত আজিলৈ কোনো নিযুক্তিয়েই হোৱা নাই৷ কোনো চৰকাৰী বিষয়াই ষড়যন্ত্ৰমূলকভাৱে প্ৰকাশ কৰা জাননীখন মুখ্যমন্ত্ৰীয়ে তৎপৰতাৰে প্ৰতিহত কৰিলে আৰু ইয়াৰ ফলত অসমৰ মহাবিদ্যালয়ত বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিৰ পথ ৰুদ্ধ হৈ পৰিল৷ কিন্তু দ্য ক্ৰছকাৰেণ্টৰ অনুসন্ধানত পোহৰলৈ আহিছে কেতবোৰ ভয়ংকৰ তথ্য৷ কেনেকৈ বিগত ডেৰ বছৰে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে পি আৰ চি নোহোৱাকৈ অসমৰ মহাবিদ্যালয়ত নিযুক্তি লাভ কৰি আছে, সেই তথ্য দ্য ক্ৰছকাৰেণ্টত হাতত আহি পৰিছে৷

বিগত ডেৰ বছৰত অসমৰ বিভিন্ন মহাবিদ্যালয়ত বহিঃৰাজ্যৰ বহু প্ৰাৰ্থীয়ে সহকাৰী অধ্যাপক পদত নিযুক্তি লাভ কৰিছে৷ তেনে এগৰাকী প্ৰাৰ্থী হ’ল কাছাৰ কলেজৰ বঙালী বিভাগৰ সহকাৰী অধ্যাপিকা মৈত্ৰী মান্না৷ মৈত্ৰী মান্নাৰ ঠিকনা- নন্দীগ্ৰাম, মেদিনীপুৰ,পশ্চিমবংগ৷

- Donation -

মৈত্ৰী মান্নাই ২০২০ চনত কাছাৰ কলেজে প্ৰকাশ কৰা বিজ্ঞাপনমৰ্মে সাক্ষাৎকাৰত অৱতীৰ্ণ হৈছিল৷ এই সাক্ষাৎকাৰৰ জৰিয়তে বঙালী বিভাগৰ সহকাৰী অধ্যাপিকা পদৰ বাবে তেওঁক নিৰ্বাচনো কৰা হৈছিল৷ তাৰ পাছত বিভাগীয় অনুমোদনৰ বাবে মৈত্ৰী মান্নাৰ নাম উচ্চ শিক্ষা বিভাগলৈ প্ৰেৰণ কৰা হয়৷ উচ্চ শিক্ষা বিভাগে সেই সময়ত বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি লাভ কৰা ১৩৭ গৰাকী প্ৰাৰ্থীৰ নথি পত্ৰ পৰীক্ষা কৰি দেখে যে ইয়াৰে ৪ গৰাকী প্ৰাৰ্থী বহিঃৰাজ্যৰ৷ উচ্চ শিক্ষা বিভাগে তেতিয়া DHE/CE/Misc/49/2021/65 নং পত্ৰযোগে এই বিষয়টো ২০২১ চনৰ ২৬ নৱেম্বৰ তাৰিখে অসম চৰকাৰৰ দৃষ্টিগোচৰ কৰে৷

বহিঃৰাজ্যৰ প্ৰাৰ্থী নিযুক্তি সন্দৰ্ভত অসম চৰকাৰৰ জাননী

তাৰ পাছদিনাই অৰ্থাৎ ২৭ নৱেম্বৰত বিভাগীয় মন্ত্ৰীয়ে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তিত অনুমোদন জনাবলৈ অস্বীকাৰ কৰে৷ মন্ত্ৰীৰ এই নিৰ্দেশৰ পাছত অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগে ২০২২ চনৰ ১ ফেব্ৰুৱাৰীত এখন জাননী প্ৰকাশ কৰে৷উচ্চ শিক্ষা বিভাগৰ অবৰ সচিব পি গোস্বামীয়ে উচ্চ শিক্ষা সঞ্চালকলৈ প্ৰেৰণ কৰা AHE.429/2021/Pt/3 নং জাননীখনত কোৱা হয় যে বহিঃৰাজ্যৰ প্ৰাৰ্থীক প্ৰাদেশীকৃত মহাবিদ্যালয়ত নিযুক্তি দিব নোৱাৰাৰ বাবে উচ্চ শিক্ষা বিভাগ দুঃখিত৷ ইয়াৰ পাছত ২০২২ চনৰ ১০ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ উচ্চ শিক্ষা সঞ্চালক ধৰ্মকান্ত মিলিয়ে অসমৰ সকলো মহাবিদ্যালয়ৰ অধ্যক্ষলৈ পত্ৰ লিখি এই সিদ্ধান্তৰ বিষয়ে অৱগত কৰে৷ কিন্তু অসম চৰকাৰৰ এই সিদ্ধান্তক প্ৰত্যাহ্বান জনাই মৈত্ৰী মান্না দ্বাৰস্থ হয় গুৱাহাটী উচ্চ ন্যায়ালয়ৰ৷ গুৱাহাটী উচ্চ ন্যায়ালয়ে মৈত্ৰী মান্নাৰ ১২৬৮/৬৮ নং লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি অসম চৰকাৰৰ উচ্চ শিক্ষঅ বিভাগৰ AHE.429/2021/Pt/3 নং জাননীখনক বে-আইনী ঘোষণা কৰে৷ লগতে এই জাননীখন বাতিল কৰে৷ অৰ্থাৎ বহিঃৰাজ্যৰ প্ৰাৰ্থীক নিযুক্তি নিদিবলৈ যিখন জাননী প্ৰকাশ কৰা হৈছিল, সেই জাননীখন উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ লগে লগে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তি লাভৰ পথ মুকলি হৈ পৰে৷ ২০২৩ চনৰ ২১ ফেব্ৰুৱাৰীত পশ্চিমবংগৰ মৈত্ৰী মান্নাক কাছাৰ কলেজৰ সহকাৰী অধ্যাপক পদত নিযুক্তিৰ বাবে নিৰ্দেশ প্ৰদান কৰে৷
অৰ্থাৎ ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহতেই সহকাৰী অধ্যাপকৰ নিযুক্তিত পি আৰ চিৰ প্ৰয়োজন নোহোৱা হৈ পৰিছিল৷ পি আৰ চি নোহোৱাকৈয়ে ত্ৰিপুৰাৰ ধৰ্মনগৰৰ পিয়ালি দেৱনাথেও কাছাৰ কলেজৰ গণিত বিভাগৰ সহযোগী অধ্যাপিকাৰ চাকৰি লাভ কৰিছে৷ কিন্তু এই সময়ছোৱাত অসম চৰকাৰে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক লৈ কোনো প্ৰত্যাহ্বান নজনালে৷ পি আৰ চি নোহোৱাকৈয়ে আৰু বহুকেইগৰাকী বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে বিভিন্ন মহাবিদ্যালয়ত নিযুক্তি লাভ কৰিলে৷ বিগত ডেৰ বছৰ ধৰি অসমৰ উচ্চ শিক্ষাৰ নিযুক্তিত পি আৰ চিৰ কোনো প্ৰয়োজনেই নহ’ল৷ কিন্তু এই ভয়ানক ঘটনা পোহৰলৈ আহিল বিগত ৪ জুনত প্ৰকাশিত উচ্চ শিক্ষা সঞ্চালকালয়ৰ জাননীৰ জৰিয়তেহে৷ তাৰ পাছতেই মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীয়ে তৎপৰতা দেখুৱাই এই জাননী তেওঁলোকৰ অগোচৰে প্ৰকাশ পোৱা বুলি সদৰী কৰাৰ লগতে জাননীখন বাতিলৰ নিৰ্দেশ প্ৰদান কৰে৷ তেওঁলোকে এনে এক ধাৰণা দিবলৈ চেষ্টা কৰিলে যে উচ্চ শিক্ষাৰ নিযুক্তিত পি আৰ চি বাধ্যতামূলক হৈয়েই থাকিব৷ কিন্তু আচল সত্যটো হ’ল– উচ্চ ন্যায়ালয়ৰ ৰায়ক প্ৰত্যাহ্বান নজনোৱাকৈ কৰা এই ঘোষণা অৰ্থহীন৷ কাৰণ, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৰায়ৰ আধাৰতে বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে নিযুক্তি লাভ কৰাৰ পথ প্ৰশস্ত হৈ পৰিছে৷ গতিকে মুখ্যমন্ত্ৰীয়ে এক্সত ঘোষণা কৰিলেও পি আৰ চি যে অসমৰ উচ্চ শিক্ষাৰ চাকৰিৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব, সেয়া নিশ্চিত৷ সেইবাবেই মুখ্যমন্ত্ৰীয়ে মৌখিক নিৰ্দেশেৰে আভুৱা ভৰাৰ সলনি, ন্যায়ালয়ৰ পূৰ্বৰ ৰায় বাতিল কৰিবলৈহে তৎপৰ হোৱাটো জৰুৰী আছিল৷ অন্যথা বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ চাকৰি লাভৰ পথ প্ৰশস্ত হৈয়েই থাকিব৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে নাকচ কৰিলে অসম চৰকাৰৰ জাননী

ইফালে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুয়ে আন এক এক্স পোষ্টৰ জৰিয়তে অসমৰ মহাবিদ্যালয়ৰ শিক্ষক নিযুক্তিৰ গাইডলাইন প্ৰকাশ কৰিছে৷ য’ত কোৱা হৈছে যে কলেজ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত সকলো প্ৰাৰ্থীৰ স্থানীয় ভাষাৰ ওপৰত দক্ষতা থকাটো বাধ্যতামূলক৷ এই গাইডলাইনে স্থানীয় প্ৰাৰ্থীৰ নিযুক্তি নিশ্চিত কৰিব বুলিও শিক্ষামন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে৷ কিন্তু প্ৰশ্ন হৈছে- এই দক্ষতাৰ মাপকাঠি কি হ’ব? তাৰ কোনো মাপক অসম চৰকাৰৰ ওচৰত নাই৷কলেজ শিক্ষকৰ বাবে আবেদন কৰা প্ৰাৰ্থীয়ে স্থানীয় ভাষাৰ কোনো পৰীক্ষাতে অৱতীৰ্ণ হ’ব নালাগে৷ গতিকে কাছাৰ কলেজত পশ্চিমবংগ আৰু ত্ৰিপুৰাৰ প্ৰাৰ্থীয়ে সহজতে নিযুক্তি লাভ কৰাৰ দৰেই আন আন মহাবিদ্যালয়তো বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তি লাভৰ পথ প্ৰশস্ত হৈ নপৰিবনে? কেৱল উচ্চ শিক্ষা বিভাগেই নহয়, অসম চৰকাৰৰ অমনোযোগিতাৰ বাবেই এতিয়া সকলো চাকৰিতে বহিঃৰাজ্যৰ প্ৰাৰ্থীৰ নিযুক্তি লাভৰ পথ উজু হৈ পৰিব৷

Leave A Reply

Your email address will not be published.