গৌৰৱ গগৈ কেৱল কংগ্ৰেছৰ নে পৰিৱৰ্তনকামী জনতাৰ নেতা হ’ব বিচাৰে?
গৌৰৱক অসমে বিচাৰে, অসমক গৌৰৱে বিচাৰেনে?
THE CROSSCURRENT TAKE
২০২৪ চনৰ লোকসভা নিৰ্বাচন অসমৰ বাবে কেইবাটাও কাৰণত আছিল অত্যন্ত তাৎপৰ্যপূৰ্ণ৷ তাৰ মাজৰ এটা ব্যতিক্ৰম ঘটনা আছিল যোৰহাট লোকসভা সমষ্টিত গৌৰৱ গগৈৰ বিজয়৷ বিজেপিৰ চক্ৰবেহু ফালি অভিমন্যুৰ ৰূপত যোৰহাটত বিজয় সাব্যস্ত কৰিলে কংগ্ৰেছ নেতা গৌৰৱ গগৈয়ে৷ যদিও ইয়াৰ পূৰ্বে গৌৰৱ গগৈ দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হৈছিল, তাৰ পাছতো ৰাজ্যৰ ৰাজনীতিত গৌৰৱ গগৈৰ উপস্থিতি আছিল শূন্যপ্ৰায়৷ সংখ্যালঘুৰ সমৰ্থনত বিজয়ী হোৱা নেতা হিচাপেই বিজেপিয়ে তেওঁক প্ৰক্ষেপ কৰি আহিছিল৷ কিন্তু এইবাৰ সম্পূৰ্ণ খিলঞ্জীয়া ভোটাৰ অধ্যুষিত যোৰহাটত প্ৰতিদ্বন্দ্বিতা কৰাটো আছিল গৌৰৱ গগৈ আৰু কংগ্ৰেছ দলৰ সাহসী, সময়োপযোগী পদক্ষেপ৷ বিজেপিয়ে গৌৰৱ গগৈক পৰাজিত কৰিবলৈ সৰ্বশক্তি প্ৰয়োগ কৰিলে৷ তাৰ পাছতো যোৰহাট লোকসভা সমষ্টিৰ পৰা সন্মানজনকভাৱে বিজয়ী হৈ আহিবলৈ সক্ষম হ’ল৷ যোৰহাটৰ এই ব্যতিক্ৰমী ফলাফলৰ বহু বিশ্লেষণ, বহু অস্ত্ৰোপচাৰ থাকিব পাৰে৷ কিন্তু এটা কথা নিৰ্বিবাদে সত্য যে কেৱল যোৰহাট লোকসভা সমষ্টিৰ ৰাইজেই নহয় সমগ্ৰ অসমৰ ৰাইজে গৌৰৱ গগৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱাটো বিচাৰিছিল৷ ইয়াৰ কাৰণ আছিল দুটা৷ প্ৰথম,অসমৰ ৰাইজে সংসদত অসমৰ এজন সৰৱ সাংসদ উপস্থিত থকাটো বিচাৰিছিল৷ দ্বিতীয়, অসমৰ গৰিষ্ঠসংখ্যাক জনতাই শালীনতাহীন ৰাজনৈতিক পৰিৱেশক লৈ অতিষ্ঠ হৈ পৰিছিল৷ মণিপুৰক লৈ প্ৰধানমন্ত্ৰীক জবাবদিহি কৰি সদনত গৌৰৱ গগৈয়ে দিয়া সুদীৰ্ঘ, সন্তুলিত বক্তৃতা আৰু শালীন, মাৰ্জিত নিৰ্বাচনী প্ৰচাৰে গৌৰৱ গগৈক জনতাৰ তুলাচনীত অনায়াসে বিজয়ী কৰালে৷ বিজেপিৰ অপৰিসীম ধন আৰু অহৰহ প্ৰচাৰৰ পাছতো গৌৰৱৰ বিজয়ে এটা প্ৰমাণ কৰি দিলে যে গৌৰৱ গগৈক অসমৰ ৰাইজে বিচাৰে৷ কিন্তু প্ৰশ্ন হৈছে–গৌৰৱ গগৈক কি ৰূপত বিচাৰে অসমৰ জনতাই? এজন সাহসী, সৰৱ সাংসদৰ ৰূপত? নে অসমৰ ভাবীকালৰ মুখ্যমন্ত্ৰীৰ ৰূপত? এই সিদ্ধান্ত প্ৰথমতে কংগ্ৰেছ দলে ল’ব লাগিব৷ তাৰ পাছত জনতাই নিজৰ ৰায় দিব৷
তাৰ পূৰ্বে আন এটা প্ৰশ্নহে আজিৰ সময়ত অধিক আলোচ্য বিষয় হৈ পৰিছে৷ গৌৰৱক অসমে বিচাৰে ঠিকেই কিন্তু অসমক গৌৰৱে বিচাৰেনে? প্ৰশ্নটো শেহতীয়া উপ নিৰ্বাচন আৰু তাৰ পাছৰ পৰিস্থিতিক কেন্দ্ৰ কৰিয়েই উত্থাপন হৈছে৷ শেহতীয়া উপ নিৰ্বাচনত বিহালী সমষ্টিক লৈ কৰি যি অনাহূত পৰিস্থিতিৰ সৃষ্টি হ’ল, তাক কেন্দ্ৰ কৰি যিদৰে বিৰোধী মিত্ৰজোঁট ‘অসম সন্মিলিত মৰ্চা (অসম)’ ভংগ হ’ল, তাৰ বাবে সহযোগী দলসমূহৰ দৃষ্টিত গৌৰৱ গগৈকে জগৰীয়া কৰা হৈছে৷ গৌৰৱ গগৈৰ মতে উপ নিৰ্বাচনত তেওঁ দলৰ ভেঁটি শক্তিশালী কৰিবৰ বাবে বিহালীত নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰিছিল৷ যদিও বিহালীত কংগ্ৰেছ সফল নহ’ল, দলৰ স্থিতি শক্তিশালী হৈছে৷ এজন কংগ্ৰেছীৰ দৃষ্টিৰে এয়া এশ শতাংশই শুদ্ধ৷ যিকোনো ৰাজনৈতিক দলেই নিজৰ ভেটি মজবুত কৰিবলৈ সৰ্বোচ্চ চেষ্টা কৰিব৷ কিন্তু সাম্প্ৰতিক ৰাজনীতিৰ প্ৰেক্ষাপটত এয়াই গৌৰৱ গগৈৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হোৱা উচিতনে? এশ এটা সমস্যাই জনতাৰ জীৱন দুৰ্বিসহ কৰি তুলিছে৷ ঘৰে ঘৰে জমাপুঁজি প্ৰায় শূন্য হৈ পৰিছে। জীৱনৰ মান সাংঘাটিক ধৰণেৰে অৱনমিত হৈছে৷ এক অদৃশ্য সংকটে জনতাক দিশহাৰা কৰি তুলিছে৷ চৰকাৰী আঁচনিৰ দয়াই জীৱনৰ একমাত্ৰ সম্বলত পৰিণত হৈছে৷ এনে স্পৰ্শকাতৰ পৰিস্থিতিত সন্মিলিত বিৰোধীক লৈ গৌৰৱ গগৈয়ে পৰিৱৰ্তনৰ বাবে কাম কৰিব নে এজন কংগ্ৰেছ নেতাৰ দৃষ্টিৰে কেৱল কংগ্ৰেছ দলৰ বাবেহে কাম কৰি যাব? লাগিলে সহযোগীসকলক অপমানজনক পৰিস্থিতিলৈকে ঠেলি দিবলগীয়া নহওক কিয়! গৌৰৱ গগৈয়ে ভালদৰে জানে যে নিৰ্বাচনত বিজয়ী হ’বলৈ সাংগঠনিক শক্তিৰ লগতে লাগিব এক ৰাজনৈতিক আন্দোলনো৷ এনে এক আন্দোলনৰ বাবেই নিশকটীয়া সাংগঠনিক স্থিতিৰ পাছতো যোৰহাটত বিজয়ী হ’বলৈ সক্ষম হৈছিল গৌৰৱ গগৈ৷ আজিৰ প্ৰেক্ষাপটত কেৱল কংগ্ৰেছৰ নেতৃত্বত তেনে এক ৰাজনৈতিক আন্দোলন সম্ভৱনে? কেৱল কংগ্ৰেছৰ ভৰষাত জনতাই পৰিৱৰ্তনকামী ৰাজনৈতিক আন্দোলনৰ বাবে ওলাই আহিবনে? তাৰ উত্তৰ কিছু পৰিমাণে উপ নিৰ্বাচনতেই স্পষ্ট হৈ পৰিছে৷ অনেক হিতাধিকাৰী আঁচনিৰ পয়োভৰৰ পাছতো জনতাই বিজেপিৰ বিৰুদ্ধে ভোট দিছে কিন্তু কংগ্ৰেছকো সম্পূৰ্ণৰূপে আস্থাত ল’ব পৰা নাই৷ এনে দোদুল্যমান পৰিৱেশ, পৰিস্থিতিত গৌৰৱ গগৈয়ে ঐক্যৱদ্ধ বিৰোধীৰ সৈতে নিৰ্ণায়ক পৰিৱৰ্তনৰ বাবে এক ৰাজনৈতিক আন্দোলনৰ নেতৃত্ব ল’ব নে এজন পৰম্পৰাগত কংগ্ৰেছীৰ দৃষ্টিৰে পৰম্পৰাগত ৰাজনীতিত খামোচ মাৰি ধৰি থাকিব? এই প্ৰশ্নৰ উত্তৰৰ পৰাই আন এটা বিষয়ো স্পষ্ট হ’ব–অসমে গৌৰৱক বিচাৰে কিন্তু অসমক গৌৰৱে বিচাৰেনে?