আৰোগ্য হ’ব ডায়েবেটিছৰ পৰা:হাভাৰ্ডৰ পৰা বিজ্ঞানী ৰুবুল মাউতে কি আশাৰ খবৰ দিলে?

Share This Article

ডায়েবেটিছ বা বহুমুত্ৰ ৰোগ আধুনিক জীৱনশৈলীৰ অংগ হৈ পৰিছে ৷ বহু সময়ত ই ঘাতক ৰোগতো পৰিণত হৈছে ৷ ডায়েবেটিছ ৰোগ নিয়ন্ত্ৰণ কৰাটো সম্ভৱ যদিও ইয়াৰ পৰা আৰোগ্য হ’ব নোৱাৰি ৷ কিন্তু ইনছুলিন আৱিষ্কাৰ হোৱাৰ এশ বছৰ পাছত ডায়েবেটিছৰ পৰা সম্পূৰ্ণৰূপে আৰোগ্য লাভ কৰিব পৰা চিকিৎসা পদ্ধতিৰ উদ্ভাৱন হৈছে ৷ মানৱ ইতিহাসৰ প্ৰথমজন ডায়েবেটিছ ৰোগী আৰোগ্য হৈ উঠা বুলি ঘোষণা কৰা হৈছে ৷ হাভাৰ্ডত গৱেষনাৰত অসমীয়া বিজ্ঞানী ৰুবুল মাউতে ফেচবুকযোগে সদৰী কৰিছে এই আশাৰ খবৰ ৷ ৰুবুল মাউতৰ ফেচবুক পোষ্টৰ সবিশেষ তলত উল্লেখ কৰা হ’ল –
“1921 চনৰ কথা। ফ্ৰেডেৰিক বেন্টিং নামৰ 30 বছৰ বয়সীয়া ডেকা কানাডাৰ যুৱকজনে এক যুগন্তকাৰী উদ্ভাৱন কৰিলে। তেওঁ দেখুৱালে যে কুকুৰৰ অগ্ন্যাশয়ৰ (Pancreas) পৰা অগ্ন্যাশয়ী ৰস উলিয়াই অন্য ডায়েবেটিছ থকা কুকুৰক সেই ৰস ইন্জেক্ট কৰিলে ডায়েবেটিছ সম্পন্ন কুকুৰবোৰ ভাল হৈ উঠে। সেই ৰসৰ নাম আছিল ইনচুলিন। ইয়াৰ পিছৰখিনি আৰু ইতিহাস। কোনো দিনে আৰোগ্য নোহোৱা ডায়েবেটিছৰ ৰোগী ভাল হৈ উঠিল। প্ৰায় এবছৰ ভিতৰতে (1923) বেন্টিঙে নোবেল প্ৰাইজো পালে। মানুহৰ ইতিহাসত ইন্চুলিনে যোৱা এশ বছৰত বিশ্বৰ চুকে-কোণে কোটি-কোটি মানুহক প্ৰান দিলে, সেয়া নকলেও হব।
অথচ, ইন্চুলিন আৱিস্কাৰৰ আজি এশ বছৰৰ পিছতো কিন্তু ডায়েবেটিছ উপশম হে কৰিব পাৰি, সম্পূৰ্ণ নিৰ্মূল কৰিব নোৱাৰি, বিশেষকৈ জেনেটিক কাৰণত হোৱা টাইপ-1 ডায়েবেটিছ অতি ভয়াবহ। কাৰণ আমাৰ শৰীৰৰ ইন্চুলিন সৃষ্টিকাৰী অগ্ন্যাশয়ৰ বিটা কোষবোৰ ক্ৰমান্বয়ে ক্ষয় হোৱাত এইবোৰ পুনৰ্জীৱীত কৰিব নোৱাৰি।
ইন্চুলিন সৃষ্টিকাৰী অগ্ন্যাশয়ৰ বিটা কোষবোৰ পৰীক্ষাগাৰতে সৃষ্টি কৰিবলৈ অপ্ৰাণ চেষ্টা কৰি আহিছিল এজন মানুহে, তেওঁৰ লেবৰেটৰিৰ গৱেষকসকলে। কথা আছিল, এইদৰে বিটা কোষবোৰ পৰীক্ষাগাৰতে সৃষ্টি কৰিব পাৰিলে সেইবোৰ ৰোগীৰ অগ্ন্যাশয়ত সংৰোপন কৰা। কিন্তু ৰোগীৰ চালৰ কোষৰ পৰা কোষ আহৰণ কৰি সেইবোৰ বিটা কোষলৈ পৰিবৰ্তন কৰাটো আছিল এক বৃহত প্ৰত্যাহ্বান।
ডগলাছ মেল্টন নামৰ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ বিজ্ঞানীজনে এই প্ৰত্যাহ্বানটোকে আঁকোৱালি লৈছিল। মেল্টনৰ দুটি সন্তানে শৈশৱতেই (4 বছৰ বয়সতে) টাইপ-1 ডায়েবেটিছ আঁকোৱালি লৈছিল, ফলত মেল্টনে ডায়েবেটিছ নিৰ্মূল কৰিবলৈ অসৰহ চেষ্টা চলাই আহিছিল। আৰু এইদৰেই পাৰ হৈছিল ত্ৰিশটা বছৰ। ত্ৰিশটা বছৰ—পোন্ধৰ বছৰ কাণ্ডকোষৰ পৰা বিটা কোষলৈ পৰিবৰ্তন হোৱা প্ৰক্ৰিয়াবোৰ বুজিবলৈ আৰু পোন্ধৰ বছৰ জেনেটিক ৰিপ্ৰগ্ৰামিঙৰ যোগেদি সেই কোষবোৰ তৈয়াৰ কৰিবলৈ! বিজ্ঞানৰ হয়তো আটাইতকৈ দীঘলীয়া এটা পৰীক্ষা! এই ৰিপ্ৰগ্ৰামিং প্ৰক্ৰিয়াত বিশেষ ভাবে ব্যবহিত হৈছিল জাপানৰ বিজ্ঞানী শিনয়া য়ামানাকাই উদ্ভাৱন কৰা এক বিশেষ পদ্ধতি, যাৰ বাবে য়ামানাকাই 2012 চনতে নোবেল বঁটা পাইছিল।
ডগলাছ মেল্টনৰ পৰীক্ষাগাৰত হোৱা প্ৰতিটো সফলতা, প্ৰতিটো ধাপৰ অগ্ৰগতি আমি প্ৰায় এটা দশক ধৰি অতি আগ্ৰহেৰে খবৰ লৈ আহিছিলোঁ। আৰু এতিয়া তেওঁ Harvard Stem Cell Institute ৰ ডাইৰেক্টৰ হোৱা হেতুকে আৰু আমিও এই ইন্সটিটিউটৰ সদস্য হোৱা হেতুকে তেওঁৰ কামবোৰ অতি ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ পাইছোঁ৷”
যি কি নহওক, অৱশেষত, কেইবা দশকৰ অপ্ৰাণ চেষ্টাৰ অন্তত মেল্টনৰ পৰীক্ষাগাৰত ৰোগীৰ চালৰ পৰা আহৰণ কৰি সৃষ্টি কৰা বিটা কোষ সংৰোপন কৰি, মানৱ ইতিহাসৰ প্ৰথমজন ৰোগীক ডায়েবেটিছৰ পৰা সম্পূৰ্ণ মুক্ত হোৱা বুলি ঘোষণা কৰা হৈছে। ফ্ৰেডেৰিক বেন্টিঙে ইন্চুলিন আহৰণ কৰাৰ ঠিক এশবছৰ পিছত যেন এক নতুন দিগন্তৰ উদয়! আমাৰ দৃষ্টিত এয়া এক big breakthrough, সমগ্ৰ Regenerative medicine ক্ষেত্ৰখনতে। (আৰু মেল্টনে যেন নিজৰ সন্তানদ্বয়ক এতিয়া কব পাৰিব—তোমালোকক মই কেৱল জন্ম দিয়াই নহয়, দীঘলীয়া এটা জীৱনো দি যাম!)
[ডায়েবেটিছৰ সমান্তৰাল ভাবে অন্যান্য জেনেটিক ৰোগটো এনেকৈ ৰোগীৰ চালৰ পৰা কোষ আনি নতুন কোষ সৃষ্টি কৰি ৰোগ নিৰ্মূল কৰাৰ বহুতো পৰীক্ষা নিৰীক্ষা চলি আহিছে। শেহতীয়া ভাবে জাপানৰ জুন টাকাহাচি আৰু তেওঁৰ সহযোগী সকলে ৰোগীৰ চৰ্মকোষৰ পৰা প্ৰস্তুত কৰা স্নায়ুকোষ সংৰোপণ কৰি পাৰকিনচনৰ ৰোগ নিৰ্মূল কৰাৰ চেষ্টা কৰি আছে—এই বছৰতে প্ৰথমটো ক্লিনিকেল ট্ৰায়েল হৈ যায়। ঠিক তেনেকৈ জুন টাকাহাচিৰ পত্নী মাচায়ো টাকাহাচিৰ দলেও চকুৰ কিছুমান জেনেটিক ৰোগ নিৰ্মূলৰ ক্লিনিকেল ট্ৰায়েল কৰি এই ৰোগসমূহ নিৰ্মূলৰ যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
আৰু বহুতো।
হাৰ্ভাৰ্ডত আমি ব্যক্তিগতভাৱে, চৰ্মকোষক জেনেটিক ৰিপ্ৰগ্ৰামিঙৰ যোগেদি আমাৰ তেজৰ টি-লিম্ফচাইটলৈ ৰূপন্তৰিত কৰিবলৈ গৱেষণা কৰি আহিছো—কাৰণ টি-লিম্ফচাইটেৰে কেন্চাৰ পৰা আৰম্ভ কৰি বহু ৰোগ নিৰ্মূল কৰাৰ অপাৰ সম্ভাৱনা আছে। কিন্তু সঠিকভাৱে বিশেষ ধৰণৰ টি-লিম্ফচাইট প্ৰস্তুত কৰাটো অতি দূৰুহ। মই মোৰ বন্ধু সকলক জনাওঁ যে আজি প্ৰায় তিনিমাহৰ আগতে মোৰ গৱেষণাত এনেদৰে টি-লিম্ফচাইট প্ৰস্তুতৰ বাবে প্ৰয়োজনীয় এটা দ্ৰৱীভূত কাৰক (Soluble factor) প্ৰথম বাবৰ বাবে প্ৰস্তুত কৰি উলিয়াইছোঁ প্ৰ`টিন আৰু জেনেটিক ইন্জিনীয়াৰিঙৰ যোগেদি। এই সম্পৰ্কীয় বহুতো পৰীক্ষা-নিৰীক্ষা এতিয়াও চলি আছে যদিও, এই নতুন উদ্ভাৱনৰ বাবে অতি উল্লাসিত হৈ আছো!
আমি টি-লিম্ফচাইটৰ ভিতৰত দীৰ্ঘ স্মৃতি সম্পন্ন টি-লিম্ফচাইট (Memory T cell), আৰু ৰেগুলেটেৰি টি কোষ (Tregs) ৰ নিৰ্মাণত বিশেষ গুৰুত্ব দি আহিছো। এইবোৰ অৱশ্যে বৰ দু:সাহসিক কাম, কিমান বছৰ লাগে গম পোৱা নাযায়। কিন্তু সফল হলে এইবোৰে, immune disorder, cancer, infection, vaccine development আদি বিষয়বোৰত আমূল পৰিবৰ্তন আনিব । ইয়াৰ বাদেও ‘বি-কোষ’ আৰু ‘এন কে’ নামৰ আন দুবিধ কোষৰ অভিযন্ত্ৰনৰ কামতো আমি বিশেষভাৱে আগ্ৰহি]
এইখিনিতে চিকিত্সা বিজ্ঞানৰ প্ৰতি আগ্ৰহি ছাত্ৰ-ছাত্ৰী আৰু গৱেষক সকলক জনাওঁ যে অহা এশ বছৰত প্ৰ`টিন, জেনেটিক অৰু কোষৰ (বিশেষকৈ ইমিউন আৰু কাণ্ডকোষৰ) অভিযন্ত্ৰনৰ অবিহনে চিকিত্সা বিজ্ঞান সম্ভৱ নহব। গতিকে এই বিষয়বোৰৰ প্ৰতি ছাত্ৰ-ছাত্ৰীয়ে অধিক গুৰুত্ব দিলে ভাল৷”

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.