সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰত-বাংলাদেশ সীমান্তত অত্যাধুনিক ফেন্সিঙ : বিশেষত্ব কি ?

ভাৰত-বাংলাদেশ সীমান্তত অত্যাধুনিক ফেন্সিঙৰ কাম আৰম্ভ হৈছে ৷ বিশেষকৈ পশুৰ সৰবৰাহ আৰু মানুহৰ অনুপ্ৰৱেশ ৰোধ কৰিবৰ বাবে বি এছ এফে পশ্চিমবংগ সংলগ্ন সীমান্তত ফেন্সিঙৰ কাম আৰম্ভ কৰিছে ৷ এই অত্যাধুনিক ফেন্সিঙৰ বিশেষত্ন হৈছে যে এই কাটাতাঁৰ কাটিব নোৱাৰি বা ইয়াৰ ওপৰেৰে কোনো ব্যক্তি পাৰ হৈ আহিব নোৱাৰিব ৷
ভাৰত-বাংলাদেশৰ মুঠ ২,২১৭ কিলোমিটাৰ সীমা পশ্চিমবংগৰ লগত সংলগ্ন হৈ আছে ৷ ইয়াৰে ৯৩৬ কিলোমোটাৰ উত্তৰ বংগতে আছে ৷ উত্তৰ বংগৰ ১১০ কিলোমিটাৰ সীমান্ত এতিয়ালৈকে উন্মুক্ত হৈ আছে আৰু উন্মুক্ত অঞ্চলৰ ৫৪ কিলোমিটাৰ আছে নদী অংশত ৷
নতুন ফেন্সিঙ সন্দৰ্ভত বি এছ এফৰ এগৰাকী বিষয়াই কয় যে কাটাতাঁৰৰ বেৰ থকাৰ পাছতো অনুপ্ৰৱেশকাৰীয়ে বেৰ কাটি নাইবা ওপৰেৰে পাৰ হৈ ভাৰতত প্ৰৱেশ কৰি আহিছিল ৷কিন্তু নতুন বেৰ অতিক্ৰম কৰাটো সম্ভৱ নহ’ব ৷ ইয়াৰ জড়িয়তে সীমান্ত সুৰক্ষিত হ’ব ৷ পুৰণি কাটাতাঁৰৰ স্থানত নতুন বেৰ স্থাপন কৰা হ’ব আৰু উন্মুক্ত স্থানতো নতুন ফেন্সিঙ দিয়া হ’ব বুলি বি এছ এফৰ বিষয়াগৰাকীয়ে সদৰী কৰে ৷

Leave A Reply

Your email address will not be published.