ক’ৰোণা প্ৰতিৰোধৰ বাবে কোভিশ্বিল্ড আৰু কোভাক্সিনৰ মিশ্ৰিত ড’জ অধিক উপকাৰী বুলি প্ৰকাশ কৰিছিল আই চি এম আৰে ৷ তাক লৈ পৰীক্ষা – নীৰিক্ষা আৰম্ভ কৰাৰো যো-জা চলিছে ৷ দুয়োটা ভেকছিনৰ মিশ্ৰিত ট্ৰায়েলত সেউজ সংকেত দিছে ড্ৰাগ কন্ট্ৰ’লাৰ জেনেৰেল অৱ ইণ্ডিয়াই ৷ ইতিবাচক ফল আহিলে প্ৰথম ড’জ কোভিশ্বিল্ড দিয়াৰ পাছত দ্বিতীয় ড’জ কোভাক্সিন ভেকছিন প্ৰদান কৰা হ’ব ৷ কিন্তু তাৰ মাজতে ভেকছিন প্ৰস্তুতকাৰী কোম্পেনী ছেৰাম ইন্সটিটিউটৰ স্বত্বাধিকাৰীয়ে শুনাইছে সাৱধানবাণী ৷ ছেৰাম ইন্সটিটিউটৰ স্বত্বাধিকাৰী ছাইৰাছ পুণাৱালাই কয় যে মিশ্ৰিত ভেকছিনৰ ড’জ প্ৰদানৰ সিদ্ধান্ত অতি ভুল ৷ এনেকৈ ভেকছিন প্ৰদানৰ কোনো প্ৰয়োজন নাই ৷ তাৰ ফলত যদি কোনো অঘটন ঘটে সকলোৱে ভেকছিন প্ৰদান কৰা সংস্থাসমূহক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰিব ৷ তেও লগতে কয় যে মিশ্ৰিত ভেকছিনৰ ড’জ যে অধিক উপকাৰী সেয়া বিশ্বৰ ক’তোৱে প্ৰমাণ হোৱা নাই ৷