কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক নিলম্বন কিয় ?

কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ দাসক নিলম্বন কৰা হৈছে ৷ উপাচাৰ্যগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দূৰ শিক্ষা প্ৰতিষ্ঠানত কাৰ্যনিৰ্বাহ কৰা সময়ত এক গুৰুতৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপণ হৈছিল ৷ উল্লেখ্য যে ২০১০ ৰ পৰা ২০১৭ চনৰ ভিতৰত আইডলত মুঠ ২১ টা বিষয় ইউ জি চিৰ অনুমোদন নোহোৱাকৈ অন্তৰ্ভুক্ত কৰা হৈছিল ৷ উক্ত সময়ছোৱাত ২১ টা বিষয়ৰ বিপৰীতে ৭৪ হাজাৰ ছাত্ৰ – ছাত্ৰীয়ে নামভৰ্তি কৰে আৰু নামভৰ্তিৰ বিনিময়ত মাচুল সংগ্ৰহ হয় প্ৰায় ৪০ কৌটি টকা ৷ পৰৱৰ্তী সময়ত বিষয়টো পোহৰলৈ অহাত গুৱাহাটী বিশ্ববিদ্যালয়ে এখন তদন্ত আয়োগ গঠন কৰি দিয়ে ৷ আয়োগে সমগ্ৰ অনিয়মৰ বাবে আইডলৰ সঞ্চালক , উপাচাৰ্য আৰু পঞ্জীয়কক দোষাৰোপ কৰে ৷ সেই সময়ত আইডলৰ সঞ্চালক আছিল বৰ্তমানৰ কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য কন্দৰ্প কুমাৰ দাস ৷ ৰাজভৱনে শেহতীয়া এক নিৰ্দেশযোগে উপাচাৰ্যগৰাকীক নিলম্বন কৰে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296