শ্ৰেণী ৰাজ্য

উত্তৰ -পূৱৰ ইখনৰ পাছত সিখন ৰাজ্যত লকডাউন

উদ্বেগজনক হৈ পৰিছে উত্তৰ- পূৱৰ কোভিড পৰিস্থিতি ৷ ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণৰ বাবে উত্তৰ পূৱত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে মণিপুৰত ১০ দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ ত্ৰিপুৰাত জাৰি কৰা…

ৰূপজ্যোতিৰ পাছে পাছে বিজেপিলৈ এইগৰাকী কংগ্ৰেছী বিধায়ক

কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ ক্ৰমাগতভাৱে দ্বিতীয়বাৰ ৰাজ্যত মুখথেকেচা খোৱাৰ পাছত দলটোৰ বহু নেতাই ইতিমধ্যে দলত্যাগ কৰিছে ৷ ইয়াৰ ভিতৰত আছে মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৷ কুৰ্মীৰ পাছে পাছে দলত্যাগ কৰিবলৈ সাজু হৈছে আন এগৰাকী কংগ্ৰেছী বিধায়কে ৷ চৰ্চা অনুসৰি…

কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে।

নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?

নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব? নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব? নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী সৃ্ষ্টি হৈছে বাজেটত,কিমান হিতাধিকাৰী সৃষ্টি হৈছে বাজেটত?আজি…

ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ’ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন…

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ৷ নৱনিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী…

ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰি , গ্ৰেপ্তাৰ ৰকিবুল হুছেইনৰ গাড়ীচালক

প্ৰাক্তন মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ গাড়ী চুৰিৰ  ঘটনা সংক্ৰান্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনৰ গাড়ীচালকক ৷ তেওৰ লগতে ফণীভূষণ চৌধুৰীৰ পূৰ্বৰ গাড়ীচালকজনো আৰক্ষীৰ জালত পৰিছে ৷অসম বিধানসভা চৌহদৰ পৰাই চৌধুৰীৰ গাড়ীচালকে  চুৰি কৰি পলায়ন কৰিছিল ৷  নুমলীগড়ত গাড়ীখন দুৰ্ঘটনাগ্ৰস্থ…

দুই ঘন্টাত পাঠ কৰা বাজেটত কি আছে- জানক দুই মিনিটত

কি আছে অজন্তা নেওগৰ বাজেটত?কি কি নতুন ঘোষণা আগবঢ়োৱা হল অজন্তা নেওগৰ বাজেটত৷দুই ঘন্টাত পাঠ কৰা বাজেটৰ সাৰাংশ পঢ়ক দুই মিনিটত৷ ১.এহেজাৰ টকালৈ বৃদ্ধি অৰুনোদয় আঁচনিৰ ধন ৷ ২. চৰকাৰী শিক্ষানুষ্ঠানৰ নৱম আৰু দশম শ্ৰেণীৰ শিক্ষাৰ্থীক প্ৰদান কৰা হ’ব স্মাৰ্ট…

কেতিয়া দাখিল কৰিব বাজেট ?

বিত্তমন্ত্ৰী অজন্তা নেওগে আজি সদনত দাখিল কৰিব ২০২১- ২২বিত্তীয় বৰ্ষৰ বাজেট ৷ অসম বিধানসভাৰ মজিয়াত বিয়লি প্ৰায় ৩ বজাত বিত্তমন্ত্ৰীগৰাকীয়ে বাজেট দাখিল কৰিব৷ ৰাজ্যত বিজেপি চৰকাৰৰ দ্বিতীয়টো শাসনকালত এইখনেই হ’ব প্ৰথমখন বাজেট ৷ তদুপৰি অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে মহিলা বিত্তমন্ত্ৰীয়ে…

উত্তৰ পূৱৰ মুখ্যমন্ত্ৰীসকলক কি ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে ?

হিল ষ্টেচনসমূহত মাস্ক নিপিন্ধা আৰু সামাজিক দূৰত্ব নমনা মানুহৰ ভিৰ চিন্তাৰ কাৰণ হৈ পৰিছে ৷ – এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৷ উত্তৰ পূৱৰ ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে হোৱা বৈঠকত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মন্তব্য কৰে ৷শেহতীয়া কোভিড পৰিস্থিতিক লৈ উদ্বিগ্নতা ব্যক্ত কৰি…