সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ভাৰতৰ নতুন গৃহ ৰাজ্যমন্ত্ৰী নিশিথ প্ৰামাণিক বাংলাদেশী

ৰিপুণ বৰাৰ পত্ৰক লৈ চাঞ্চল্য

ভাৰতৰ নতুন গৃহৰাজ্য মন্ত্ৰীগৰাকী বাংলাদেশী ৷ নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাত নতুনকৈ স্থান পোৱা পশ্চিমবংগৰ সাংসদ নিশিথ প্ৰামাণিকৰ বিৰুদ্ধে উত্থাপন হৈছে এই গুৰুতৰ অভিযোগ ৷ অভিযোগ তুলিছে ৰাজ্যসভাৰ সাংসদ তথা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ৰিপুণ বৰাই ৷ নৱনিযুক্ত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী গৰাকী সন্দৰ্ভত বহু বিস্ফোৰক অভিযোগ তুলি বৰাই প্ৰধানমন্ত্ৰীলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে ৷ এই পত্ৰত উল্লেখ কৰা অনুসৰি , পশ্চিমবংগৰ কোচবিহাৰ লোকসভা সমষ্টিৰ সাংসদ নিশিথ প্ৰামাণিক চৰকাৰী নথি অনুসৰি কোচবিহাৰ জিলাৰ দিনহাটৰ বাসিন্দা ৷ কিন্তু তেওৰ প্ৰকৃত ঠিকনা হ’ল – বাংলাদেশৰ গাইবান্ধা জিলাৰ পলাশবাৰী থানাৰ অধীনৰ হৰিনাথপুৰ গাও ৷ স্কুলীয়া শিক্ষা বাংলাদেশত গ্ৰহণ কৰাৰ পাছত তেও কম্পিউটাৰ পাঠ্যক্ৰম গ্ৰহণ কৰিবলৈ পশ্চিমবংগলৈ আহিছিল ৷ তাৰ পাছৰে পৰা কোচবিহাৰত থাকিবলৈ লয় আৰু প্ৰথমতে তৃণমূল কংগ্ৰেছত যোগদান কৰে ৷ পৰৱৰ্তী সময়ত বিজেপিত যোগ দি জাল নথি পত্ৰৰে নিজকে ভাৰতীয় নাগৰিক বুলি দাবী কৰে ৷ কেৱল সেয়াই নহয় , ২০১৯ চনৰ লোকসভা নিৰ্বাচনত তেও কোচবিহাৰ সমষ্টিৰ সাংসদ হিচাপে বিজয়ী হ’বলৈ সক্ষম হয় ৷ আনকি নিশিথ প্ৰামাণিকে ভাৰতৰ গৃহমন্ত্ৰীৰ দায়িত্ব পোৱাৰ পাছত বাংলাদেশত থকা তেওৰ জ্যেষ্ঠ ভাতৃয়ে সংবাদ মাধ্যমত দিয়া মন্তব্যৰ কথাও ৰিপুণ বৰাই পত্ৰখনত উল্লেখ কৰে ৷ দেশৰ গৃহবিভাগৰ দৰে গুৰুত্বপূৰ্ণ পদবীত এজন বিদেশী নাগৰিক থকাতো নিৰাপত্তাৰ বাবে ভাবুকি বুলি উল্লেখ কৰি বৰাই ইয়াৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনায় ৷

এই বিষয়টোক লৈ তৃণমূল কংগ্ৰেছেও উদ্বিগ্নতা ব্যক্ত কৰিছে ৷ ইয়াৰ বিপৰীতে পশ্চিমবংগ বিজেপিৰ সাধাৰণ সম্পাদক সায়ন্তন বসুয়ে কয় যে নিশিথ হিন্দু ৷ বিজেপিৰ মতে সকলো হিন্দুয়ে ভাৰতীয় ৷ সি যি কি নহওক , ৰিপুণ বৰাৰ এই পত্ৰই এতিয়া দেশজুৰি ব্যাপক চৰ্চালাভ কৰিছে ৷

- Donation -

Leave A Reply

Your email address will not be published.