কলেজৰ নিযুক্তি বন্ধ : ধন নাই নে সদিচ্ছাৰ অভাৱ ?

Share This Article

উচ্চ শিক্ষা সঞ্চালকালয়ৰ  এক জৰুৰী নিৰ্দেশৰ পিছতেই হাহাকাৰ লাগিছে মহাবিদ্যালয়ৰ চাকৰি প্ৰত্যাশী প্ৰাৰ্থীৰ মাজত । শেহতীয়াকৈ চাকৰিৰ বিজ্ঞাপন প্ৰকাশ নকৰিবলৈ মহাবিদ্যালয় সমূহলৈ এখন জাননী প্ৰেৰণ কৰিছে উচ্চ শিক্ষা সঞ্চালকালয়ে।   অধ্যক্ষ, সহকাৰী অধ্যাপক , গ্ৰন্থগাৰিক, অন্যান্য কৰ্মচাৰীৰ নিযুক্তিৰ বিজ্ঞাপন বন্ধ কৰিবলৈ জাননী প্ৰেৰণ কৰিছে সঞ্চালকালয়ে।

এনেদৰে আকস্মিকভাৱে ৰাজ্যৰ মহাবিদ্যালয়ৰ সমূহৰ সকলো নিযুক্তি বন্ধ কৰি দিলে চৰকাৰে।   কেৱল সেয়াই নহয় ইতিমধ্যে প্ৰকাশিত বিজ্ঞাপনৰ সাক্ষাৎকাৰ প্ৰক্ৰিয়া বন্ধ ৰাখিবলৈও জৰুৰী নিৰ্দেশ দিছে উচ্চ শিক্ষা বিভাগে। কিন্তু কিয়?

উচ্চ শিক্ষা সঞ্চালকালয়ে ৰাজ্যৰ সকলো প্ৰাদেশীকৃত, চৰকাৰী আৰু মডেল মহাবিদ্যালয়লৈ নিযুক্তি বন্ধৰ বাবে এখন জাননী  প্ৰেৰণ কৰিছে যদিও জাননীখনত স্পষ্ট কৰি দিয়া নাই যে কিয় এনে নিৰ্দেশ দিয়া হৈছে। আনহাতে অসম মহাবিদ্যালয় অধক্ষ্য কাউঞ্চিল আৰু অসম কলেজ শিক্ষক সন্থাকো এই বিষয়ে জনোৱা হোৱা নাই কোনা কথা।

উচ্চ শিক্ষা বিভাগৰ এক সূত্ৰৰ খবৰ অনুসৰি মহাবিদ্যালয় সমূহৰ খালী পদ পূৰণৰ অৰ্থে প্ৰশাসনিক অনুমোদনৰ বাবে সাময়িকভাৱে বন্ধ কৰা হৈছে নিযুক্তি প্ৰক্ৰিয়া।কিন্তু প্ৰশাসনিক অনুমোদন নোহোৱাকৈ কিদৰে চাকৰিৰ বিজ্ঞাপন প্ৰকাশ হৈছিল , সেয়াও এক নুবুজা সাথৰ ৷

উল্লেখ্য যে,  বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৰাজ্যৰ বহু মহাবিদ্যালয়ত সহকাৰী অধ্যাপক আৰু গ্ৰন্থাগাৰিকৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছিল আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীসকলে দাখিল কৰিছিল প্ৰ-পত্ৰ। কিন্তু নিৰ্বাচনৰ বাবেই একাংশই সাক্ষাৎকাৰ অনুষ্ঠিত কৰিব নোৱাৰিলে।  আন একাংশই সাক্ষাৎকাৰ গ্ৰহণ কৰিও ঘোষণা কৰিব পৰা নাছিল ফলাফল ।

বিধানসভাত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত এই নিযুক্তিৰ বাবে ধাৰ্য কৰা নাই এটকাও ধন।  ইফালে, ৰাজ্যৰ মহাবিদ্যালয় সমূহত খালী আছে ৫০০ৰো অধিক সহকাৰী অধ্যাপকৰ পদ। তদুপৰি অধ্যক্ষ, গ্ৰন্থাগাৰিককে ধৰি খালী আছে অন্যান্য বহু পদ। এনে পৰিস্থিতিত বহু মহাবিদ্যালয়ে ঠিকাভিত্তিক অথবা অংশকালীন শিক্ষকৰ জৰিয়তে চলাই থাকিব লগা হৈছে শ্ৰেণীসমূহ।

এনে এটা সময়ত এই নিৰ্দেশ জাৰি কৰা হৈছে যে চৰকাৰৰ ভূমিকা ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে ৷কিয়নো কোভিড পৰিস্থিতিৰ বাবে এইবাৰ হাইস্কুল শিক্ষান্ত আৰু হাই মাদ্ৰাছা পৰীক্ষা অনুষ্ঠিত হোৱা নাই ৷ বিকল্প মূল্যায়ণ পদ্ধতিৰে ঘোষণা কৰা হ’ব ফলাফল ৷ স্বাভাৱিকতে এইবাৰ যোৱা বছৰতকৈ অধিক সংখ্যক ছাত্ৰ- ছাত্ৰী উত্তীৰ্ণ হ’ব ৷ গতিকে মহাবিদ্যালয়সমূহত অধিক আসনৰ ব্যৱস্থা কৰা আৰু অধিক শিক্ষক নিয়োগ কৰাটোহে চৰকাৰৰ বাস্তৱসন্মত কাম হ’লহেঁতেন ৷ কিয়নো ৩০ ছেপ্তেম্বৰৰ ভিতৰত সকলো মহাবিদ্যালয়ত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ ইতিমধ্যে ইউ জি চিয়ে নিৰ্দেশনা জাৰি কৰিছে ৷ তেনেসময়তে অসম চৰকাৰে সকলো মহাবিদ্যালয়ৰ নিযুক্তি বন্ধ ৰাখিবলৈ নিৰ্দেশ দি কেৱল চাকৰি প্ৰাৰ্থীসকলৰে দু:শ্চিন্তা বঢ়োৱা নাই , লাখ লাখ ছাত্ৰ – ছাত্ৰীৰ ভৱিষ্যতো ধূসৰতাৰ মাজলৈ ঠেলি দিছে ৷ ৰাজ্য চৰকাৰৰ আজৱ সিদ্ধান্তই স্বাভাৱিকতে এনে প্ৰশ্নৰ অৱতাৰণা কৰিছে যে মহাবিদ্যালয়ত নিযুক্তি দিবলৈ আচলতে চৰকাৰৰ ধন নাই নে সদিচ্ছাৰ অভাৱ ? যদি ধনেই নাই , তেনেহ’লে হিতাধিকাৰী সৃষ্টিৰ নামত হাজাৰ হাজাৰ কৌটি টকা ব্যয় কৰাৰ সিদ্ধান্ত লোৱা হৈছে কিয় ?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.