উত্তৰ -পূৱৰ ইখনৰ পাছত সিখন ৰাজ্যত লকডাউন

উদ্বেগজনক হৈ পৰিছে উত্তৰ- পূৱৰ কোভিড পৰিস্থিতি ৷ ক’ৰোণাৰ ডেল্টা ভেৰিয়েন্টৰ সংক্ৰমণৰ বাবে উত্তৰ পূৱত কোভিড আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ৷ পৰিস্থিতিৰ ইমানেই অৱনতি ঘটিছে যে মণিপুৰত ১০ দিনীয়া সম্পূৰ্ণ লকডাউন ঘোষণা কৰা হৈছে ৷ ত্ৰিপুৰাত জাৰি কৰা হৈছে এসপ্তাহৰ বাবে সান্ধ্য আইন ৷ ৰাজ্যখনৰ ৰাজধানী আগৰতলাত দিনৰ ভাগতো সান্ধ্য আইন জাৰি কৰা হৈছে ৷ মিজোৰামত অহা ২৪ জুলাইৰ পৰা লকডাউন ঘোষণাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ অসম আৰু ছিকিমতো কঠোৰ কৰি তোলা হৈছে কোভিড সম্পৰ্কীয় বাধা নিষেধ ৷ ছিকিমৰ সকলো ৰাজহুৱা স্থানত ৩০ দিনলৈ জনসমাগম নিষিদ্ধ কৰা হৈছে ৷ এনেদৰেই সমগ্ৰ উত্তৰ – পূৱ এতিয়া যেন অঘোষিত লকডাউনৰ দিশে আগবাঢ়িছে ৷

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296