নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?

Share This Article

নতুন বাজেটে কিমান হিতাধিকাৰী সৃষ্টি কৰিব?

নতুন বাজেট অনুসৰি হিতাধিকাৰীৰ বাবে কিমান ধন ব্যয় কৰা হব?

নতুন বাজেটক লৈ আলোচনা সমালোচনা অব্যাহত আছে৷বহুতেই বাজেটক হিতাধিকাৰী সৃষ্টিৰ বাজেট বুলিও আখ্যা প্ৰদান কৰিছে৷কিন্তু কেনেদৰে হিতাধিকাৰী সৃ্ষ্টি হৈছে বাজেটত,কিমান হিতাধিকাৰী সৃষ্টি হৈছে বাজেটত?আজি দৈনিক অসম কাকতৰ এক প্ৰতিবেদনত ইয়াৰ বিস্তৃত বাখ্যা আগবঢ়াইছে  সাংবাদিক জিতেন্দ্ৰ কুমাৰ চৌধুৰীয়ে৷

নতুন বাজেটত ৭০ হাজাৰ হিতাধিকাৰীৰ বাবে ধার্য কৰা হৈছে ১২ হাজাৰ কোটি টকা৷ইয়াৰ ভিতৰত মাইক্ৰফাইনেন্সৰ পৰা ঋণ লোৱা ২৬ লাখ মহিলাক ৭৫০০ কোটি টকাৰ উদগনিমূলক সাহার্য দিব চৰকাৰে৷অৰুনোদয় আচনিৰ অধীনত প্ৰতিগৰাকী হিতাধিকাৰীক এক হাজাৰ টকাকৈ সর্বমুঠ ব্যয় কৰা হব ১৮০০ কোটি টকা৷মুখ্যমন্ত্ৰী কোভিড সাহার্য আচনিসহিতে কোভিডত স্বামীহাৰা হোৱা মহিলাক সাহার্যৰ বাবে ব্যয় হব ৪০ কোটি টকা৷একদৰে ক্ষুদ্ৰ ব্যৱসায়ী আৰু শিল্পীসকললৈ ১০০০০ টকাকৈ সাহার্য,নৱম-দশম শ্ৰেণীৰ ৮ লাখ শিক্ষার্থীক স্মাৰ্ট ফোন,বিবাহযোগ্য ছোৱালীক স্বর্ণ ক্ৰয়ৰ বাবে ৫০০০০ টকাকৈ সাহার্য,জীৱিকা সখী,বেংক সখী,কৃষি সখী আৰু পশু সখী আচনিৰে হাজাৰ হাজাৰ হিতাধিকাৰীলৈ সর্বমুঠ ৪৩.২১ কোটি টকাৰ সাহার্য,শিক্ষিত নিবনুৱাক ২৫০০০ টকাকৈ সাহার্য,আৰু চাহ জনজাতি বিভাগৰ জৰিয়তে আর্থিক সাহার্যৰ বাবে ব্যয় কৰা হব সর্বমুথ ৮১.৪১ কোটি টকা৷

হিতাধিকাৰী সৃষ্টিৰে সাহার্য প্ৰদানৰ নামত এনেদৰেই খৰচ কৰা হব প্ৰায় ১২ হাজাৰ কোটি টকা৷কিন্তু কিমান টকা খৰচ কৰা হব অসমৰ দৰে কৃষি প্ৰধান ৰাজ্য এখনৰ কৃষি খণ্ডৰ বাবে?বিগত বর্ষৰ বাজেটত কৃষি আৰু ইয়াৰ আনুসাংগিক খণ্ডৰ বাবে ধার্য কৰা হৈছিল ৬৮৩৪ কোটি টকা৷কিন্তু লক্ষণীয়ভাবে চলিত বর্ষৰ বাজেটত কৃষি আৰু আনুষাংগিক খণ্ডৰ বাবে ব্যয় হ্ৰাস কৰা হল প্ৰায় ২৫৩২ কোটি টকা৷এইবাৰৰ বাজেটত কৃষি বিভাগত ধার্য কৰা হৈছে ২৩৪০.২৩ কোটি টকা৷ইয়াৰ আনুষাংগিক বিভাগ সমুহ যেনে পশুপালন,মীন পালন,জলসিঞ্চন আদি বিভাগসমূহক মিলাই সর্বমুঠ ধার্য কৰা হৈছে ৪৩০২ কোটি টকা৷কিন্তু বিগত বর্ষৰ বাজেটত ইয়াৰ বাবে ধার্য কৰা হৈছিল ৬৮৩৪ কোটি টকা৷অর্থাৎ এইবাৰৰ বাজেটত কৃষই খণ্ডৰ বাবে ব্যয় হ্ৰাস কৰা হল২৫৩২ কোটি টকা৷

চলিত বর্ষৰ বাবে বাজেটত সর্বমুঠ ১০৭৫৫৬ কোটি টকা ব্যয়ৰ প্ৰস্তাব লোৱা হৈছে৷মুঠ বাজেটৰ ৮৪৪০৫ কোটি টকা ব্যয় কৰা হব ৰাজহ শিতানত৷অর্থাৎ কর্মচাৰীৰ দৰমহা,পেন্সন,প্ৰশাসনীয় ব্যয়,গৃহ বিভাগৰ ব্যয়,সভা সমিতি,মন্ত্ৰী আমোলাৰ ভ্ৰমণ,চৰকাৰী অনুষ্ঠান আদিৰ বাবেই ব্যয় কৰা হব সর্বমুঠ ৮৪৪০৫ কোটি টকা৷অর্থাৎ বাকী ২৩১৫০ কোটি টকাহে ব্যয় হব আন্তগাথনি তথা উন্নয়ন মূলক কামকাজৰ বাবে৷সেইবাবেই এতিয়া প্ৰশ্নৰ সৃষ্টি হৈছে-এই বাজেটৰ পৰা আপুনি নতুন কিবা আশা কৰিব পাৰেনে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.