শ্ৰেণী ৰাজ্য

লাভলীনা : অসুখীয়া মাতৃৰ মুখত ফুলিছে সৰগৰ হাঁহি

টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ বাবে সেই কষ্টৰ বোজা অলপ হ’লেও পাতল কৰি দিছিল লাভলীনাৰ সফলতাৰ বাতৰিয়ে ৷ আজি যেন পৃথিৱীৰ সকলো সুখ ঢোলে দগৰে নামি আহিছে বৰপথাৰৰ ঘৰখনলৈ ৷ অসুখীয়া মাকৰ মুখত ফুলি উঠছে  সৰগৰ হাঁহি ৷ এই প্ৰাপ্তিৰ তুলনা কেৱল পদকেৰে নহয় , এটা পৰিয়ালৰ নীৰৱ সংগ্ৰামৰ পৰিক্ৰমাৰেও হ’ব ৷

নতুন SOP, আজিৰ পৰা কি কি নিয়ম মানি চলিব লাগিব আপুনি?

ৰাজ্যত আজিৰ পৰা  নতুন SOP জাৰি।গোলাঘাট আৰু লখিমপুৰ জিলাত অব্যাহত থাকিব সম্পূৰ্ণ লকডাউন।যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ  জিলাত শিথিল কৰা হৈছে লকডাউন।এই তিনি জিলাত দিনৰ ২ বজাৰ পৰা পুৱা ৫ বজালৈ বাহাল থাকিব সান্ধ্য আইন।মৰিগাঁও আৰু গোৱালপাৰা জিলাতো দিনৰ ২ বজাৰ…

কংগ্ৰেছৰ দিনতো হৈছিল সীমা বিবাদ!

এইয়া দুটা ৰাজনৈতিক দলৰ বিবাদ নহয়। এই সীমা বিবাদ বহু পুৰণি ৷ আনকি দুইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ  থকাৰ সময়তো এই বিবাদ হৈছিল- মিজোৰ আক্ৰমনৰ পিছত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷ মিজোৰ আক্ৰমণৰ পিছতে সীমান্ত সুৰক্ষিত কৰিবলৈ অধিক…

অসম- মিজোৰাম সীমান্তত গুলীচালনা, নিহত ৬, এছ পিক আই চি ইউত ভৰ্তি

উত্তৰ পূৱৰ ৰাজ্যসমূহৰ সীমা বিবাদ সন্দৰ্ভত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ ভ্ৰমণৰ এদিন পাছতে উত্তপ্ত হৈ পৰিল অসম – মিজোৰাম সীমান্ত ৷বৰাক উপত্যকাৰ ঢলাই সমষ্টিত হোৱা মিজোৰ আগ্ৰাসন উচ্ছেদ কৰিবলৈ যোৱা সময়তে প্ৰচণ্ড গুলীচালনাৰ ঘটনা সংঘটিত হয় ৷ মিজো আৰক্ষী আৰু…

উপ- নিৰ্বাচনৰ বাবে সাজু বিজেপি : কোন মন্ত্ৰীক ক’ৰ দায়িত্ব ?

ৰাজ্যৰ চাৰিটা সমষ্টিত উপ- নিৰ্বাচন অনুষ্ঠিত হোৱাটো এতিয়ালৈকে নিশ্চিত হৈছে ৷ উপ –  নিৰ্বাচনৰ বাবে এতিয়াৰ পৰাই সাজু হৈছে শাসকীয় বিজেপি দল ৷ প্ৰতিটো সমষ্টিৰ উপ – নিৰ্বাচনৰ প্ৰস্তুতিৰ বাবে গঠন কৰা হৈছে একোখনকৈ সমিতি ৷ সমষ্টি অনুযায়ী এজন বা…

আজি অসমলৈ অমিত শ্বাহ

দুদিনীয়া ভ্ৰমণসূচীৰে উত্তৰ পূৱলৈ  অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আজি অসমত উপস্থিত হ’ব ৷ অসমৰ কেবাটাও চৰকাৰী কাৰ্যসূচীত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব ৷ তেও প্ৰথমতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত নতুন ৰেডিয়েশ্যন থেৰাপি ব্লক আৰু লিনিয়াৰ এক্সেলেটৰ মেচিনৰ শুভাৰম্ভ…

প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ভূপেন বৰা

প্ৰদেশ কংগ্ৰেছৰ সভাপতি হিচাপে নির্বাচিত হল ভূপেন বৰা৷ বিগত নির্বাচনৰ ব্যর্থতাৰ পিছতেই সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই৷তেতিয়াৰে পৰা সভাপতি অবিহনে চলি অসমৰ কংগ্ৰেছ৷ আজি কংগ্ৰেছৰ ৰাষ্ট্ৰীয় নেতৃত্বই ভূপেন বৰাক অর্পণ কৰে আনফালে ৰানা গোস্বামী,কমলাক্ষ দে পুৰকায়স্থ আৰু জাকিৰ…

উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?

দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি ইতিমধ্যে চর্চা হৈছে৷আজি মেঘালয়ত…

এপিএছচিয়ে আকৌ মেধাবী প্ৰাৰ্থীৰ লগত হেতালি খেলিবলৈ ওলাইছে নেকি ?

ৰাজ্যত কোভিডৰ সংক্ৰমণ মুঠেও হ্ৰাস পোৱা নাই ৷ যাৰ বাবে বাতিল কৰিবলগীয়া হৈছে হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষা ৷ কিন্তু এনে বিভীষিকাময় পৰিৱেশৰ মাজতে অসম লোকসেৱা আয়োগে অনুষ্ঠিত কৰিবলৈ লৈছে ২০২০ বৰ্ষৰ সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰাৰম্ভিক পৰীক্ষা ৷ আয়োগৰ এখন…