উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপিৰে কি আলোচনা অমিত শ্বাহৰ?

Share This Article

দুদিনীয়া অসম-মেঘালয় ভ্ৰমণৰ উদেশ্যে আজি শিলংত উপস্থিত হল অমিত শ্বাহ৷শ্বিলংৰ নতুন বাছ টার্মিনেল শুভাৰম্ভ কৰি অমিত শ্বাহ মিলিত হয় উত্তৰ পূর্বৰ মুখ্যমন্ত্ৰী আৰু ডিজিপি সকলৰ সৈতে৷সীমা বিবাদ আৰু আইন শৃংখলাজনিত বিষয়েই এই বৈঠকৰ প্ৰধান উদেশ্যে বুলি ইতিমধ্যে চর্চা হৈছে৷আজি মেঘালয়ত কটোৱাৰ পিছত কাইলৈ অসমত উপস্থিত হব অমিত শ্বাহ৷ ব্ৰহ্মপুত্ৰৰ পানী আদ্ৰ ভূমিলৈ বোৱাই নিয়াৰ এটা প্ৰকল্প সন্দর্ভতো আলোচনাত বহিব অমিত শ্বাহ৷ আনহাতে অমিত শ্বাহক ধন্যবাদ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কিছু সময়ৰ পূর্বে ফেচবুকত ব্ৰহ্মপুত্ৰৰ প্ৰকল্প সন্দর্ভত মন্তব্য প্ৰকাশ কৰিছে৷ NESAC আৰু ISRO য়ে বাৰিষা কালত ব্ৰহ্মপুত্ৰৰ পানী ৫৯০২ বর্গ কিলোমিটাৰ আদ্ৰ ভূমিলৈ বোৱাই নিয়াৰ এটা প্ৰকল্পৰ গৱেষণা  চলাইছে৷ এই প্ৰকল্পৰ বাবে অমিত শ্বাহে আগবঢ়োৱা পৰামর্শৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে হিমন্ত বিশ্ব শর্মাই৷

উল্লেখযোগ্য যে,গুৱাহাটীত উপস্থিত হৈয়ে কামাখ্য ধাম পৰিদৰ্শন কৰা পিচত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কেন্সাৰ হাস্পতালৰ ৰেডিঅথেৰাপি ব্লকটোৰ শুভাৰম্ভ কৰিব অমিত শ্বাহে। পাঞ্জাবাৰীস্থ শংকৰদেৱ কলাক্ষেত্ৰত সন্ধিয়া অনুষ্ঠিত হব লগা কেইবাটাও চৰকাৰী কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

আনহাতে অমিত শ্বাহৰ অসম-মেঘালয় ভ্ৰমণে দুয়োখন ৰাজ্যৰ সীমা সমস্যা সমাধানৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে?

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.