কংগ্ৰেছৰ দিনতো হৈছিল সীমা বিবাদ!

এইয়া দুটা ৰাজনৈতিক দলৰ বিবাদ নহয়। এই সীমা বিবাদ বহু পুৰণি ৷ আনকি দুইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ  থকাৰ সময়তো এই বিবাদ হৈছিল- মিজোৰ আক্ৰমনৰ পিছত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷

মিজোৰ আক্ৰমণৰ পিছতে সীমান্ত সুৰক্ষিত কৰিবলৈ অধিক কঠোৰ পদক্ষেপৰ ঘোষণা কৰিছেে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-

মিজোৰাম সীমান্তত ২,০০০ কমাণ্ডো মোতায়েনৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ৷

সীমা সুৰক্ষিত কৰিবলৈ হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ন স্থাপন কৰিব অসম চৰকাৰে ।

বিবাদৰ সমগ্ৰ বিষয়টোকলৈ মিজোৰামৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ।

মিজৰামৰ সাধাৰণ লোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ  ক’ৰ পৰা আহিল সেই বিষয়ে অনুসন্ধান কৰিব অসম আৰক্ষীয়ে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296