এইয়া দুটা ৰাজনৈতিক দলৰ বিবাদ নহয়। এই সীমা বিবাদ বহু পুৰণি ৷ আনকি দুইখন ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকাৰ সময়তো এই বিবাদ হৈছিল- মিজোৰ আক্ৰমনৰ পিছত আজি এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷
মিজোৰ আক্ৰমণৰ পিছতে সীমান্ত সুৰক্ষিত কৰিবলৈ অধিক কঠোৰ পদক্ষেপৰ ঘোষণা কৰিছেে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই-
- Donation -
মিজোৰাম সীমান্তত ২,০০০ কমাণ্ডো মোতায়েনৰ ঘোষণা হিমন্ত বিশ্ব শৰ্মাৰ৷
সীমা সুৰক্ষিত কৰিবলৈ হাইলাকান্দি, কাছাৰ আৰু কৰিমগঞ্জত তিনিটা বেটেলিয়ন স্থাপন কৰিব অসম চৰকাৰে ।
বিবাদৰ সমগ্ৰ বিষয়টোকলৈ মিজোৰামৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব অসম চৰকাৰ।
মিজৰামৰ সাধাৰণ লোকৰ হাতত অস্ত্ৰ-শস্ত্ৰ ক’ৰ পৰা আহিল সেই বিষয়ে অনুসন্ধান কৰিব অসম আৰক্ষীয়ে।