শ্ৰেণী ৰাজ্য

সম্বলপুৰত নতুন ৰূপ পাইছে ৰসৰাজৰ বাসগৃহই

নতুন ৰূপত প্ৰাণ পাই উঠিছে ওড়িশাৰ সম্বলপুৰত থকা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ বাসগৃহই ৷ Indian National Trust for Art and Cultural Heritage   নামৰ সংস্থাটোৱে পুৰণি ঘৰটো ধ্বংস নকৰাকৈ ৰসৰাজৰ বাসগৃহক দিছে নতুন ৰূপ ৷ এই সমগ্ৰ কাম কাজৰ নেপথ্য ব্যক্তি দীপক…

ভুৱনেশ্বৰ কলিতাই কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ আগনিশা কি ঘটিছিল ?

দিনটো আছিল ৫ আগষ্ট , ২০১৯ ৷ সিদিনাই ৰাজ্যসভাত কংগ্ৰেছৰ চীফ হুইপ ভুৱনেশ্বৰ কলিতাই পদত্যাগৰ কথা ঘোষণা কৰিছিল ৷ তেওৰ লগতে সমাজবাদী পাৰ্টীৰ আন দুগৰাকী সাংসদেও একেলগে পদত্যাগ কৰে ৷ সদনত সংবিধান সংশোধনী বিধেয়ক গৃহীত কৰাৰ স্বাৰ্থত শাসকীয় বিজেপি দলে লৈছিল এক বিশেষ কৌশল ৷ এই কৌশলৰ আধাৰতে ৰাজ্যসভাত বিধেয়ক উত্থাপন হোৱাৰ আগনিশা বিজেপি নেতাই সাক্ষাৎ কৰিছিল কংগ্ৰেছ সাংসদ ভৱনেশ্বৰ কলিতা আৰু সমাজবাদী পাৰ্টীৰ সাংসদ সুৰেন্দ্ৰ সিঙ নাগৰ আৰু সঞ্জয় শেঠক ৷

মন্ত্ৰী ৰঞ্জিত দাসৰ যুক্তি ২৪ ঘন্টাও নিটিকিল কিয় ?

গাঁৱত ঘৰ সাজিলেও পঞ্চায়তক দিব লাগিব কৰ ৷ ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে ‘আদৰ্শ নাগৰিক চনদ’ মুকলিৰে এই ঘোষণা কৰিছিল মঙলবাৰে ৷ ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছত বুধবাৰে পুৱাই নিজৰ সিদ্ধান্তৰ…

এডভান্টেজ আছাম : ১ লাখ কৌটি বিনিয়োগৰ কথা আছিল , প্ৰকৃততে বিনিয়োগ হ’ল কিমান ?

২০১৮ চনৰ ৩ আৰু ৪ ফ্ৰেব্ৰুৱাৰীত গুৱাহাটীত অনুষ্ঠিত হৈছিল ‘এডভান্টেজ আছাম’ শীর্ষক এক বিনিয়োগৰ অনুষ্ঠান৷ ‘এডভান্টেজ আছাম’ৰ প্ৰতি লক্ষ্য ৰাখিয়েই গুৱাহাটীক দিয়া হৈছিল এক অনন্য ৰূপ৷ৰং বিৰঙৰ পোহৰেৰে জিলিকি উঠিছিল গুৱাহাটীৰ ৰাজপথ৷তাৰ বাবে ব্যয় কৰা হৈছিল কোটি কোটি টকা৷ ‘এডভান্টেজ…

মিজোৰাম ভ্ৰমণত নাথাকিব বাধা – নিষেধ : আইজলৰ বৈঠকত কি সিদ্ধান্ত হ’ল ?

এতিয়াৰে পৰা অসমৰ নাগৰিকে মিজোৰাম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা নিষেধ ৷ মিজোৰাম ভ্ৰমণৰ ক্ষেত্ৰত অসম চৰকাৰে জাৰি কৰা পূৰ্বৰ সতৰ্কতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৷আজি আইজলত অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই সিদ্ধান্ত…

অখিলক লৈ তৃণমূলৰ কি বিশেষ পৰিকল্পনা : ‘আনন্দ বজাৰ পত্ৰিকা’ত সবিশেষ খবৰ

শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ দুলানি বৈঠক সন্দৰ্ভত ৰাজ্যৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে ৷ অখিল গগৈয়ে দুবাৰকৈ কলকাতালৈ গৈ তৃণমূলৰ নেতৃত্বৰে আলোচনাত মিলিত হোৱাৰ কথা ইতিমধ্যে স্বীকাৰ কৰিছে ৷ তেও আনকি…

চাকৰিৰ পৰা ভূমি পট্টালৈ : বুধবাৰৰ কেবিনেটত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত ?

বুধবাৰে অনুষ্ঠিত অসম চৰকাৰৰ কেবিনেট বৈঠকত কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হয় ৷ কেবিনেটৰ সিদ্ধান্তসমূহ তলত উল্লেখ কৰা হ’ল – ▶️ আজিৰ কেবিনেটে গোৰ্খা সম্প্ৰাদয়ৰ বিৰুদ্ধে বিদেশী সংক্ৰান্তীয় কোনো নতুন গোচৰ নচলাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে৷ বিদেশী ন্যায়াধীকৰণ আদালতত নিষ্পত্তিবিহীনভাৱে থকা সকলো…

ফলাফলক লৈ অসন্তুষ্ট পৰীক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষা : কেতিয়া পূৰণ কৰিব প্ৰ- পত্ৰ ?

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীসকল বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব ৷  ইয়াৰ বাবে ইচ্ছুক ছাত্ৰ – ছাত্ৰীসকলে অহা ৯ আগষ্টৰ পৰা ১৬ আগষ্টৰ ভিতৰত যাবতীয় প্ৰ-পত্ৰ অনলাইনযোগে পূৰণ কৰিব লাগিব ৷ শিক্ষাৰ্থীসকলে নিজৰ নিজৰ শিক্ষানুষ্ঠানত এই বিষয়ে…

সীমা সংঘাত : বৃহস্পতিবাৰে অসম -মিজোৰামৰ মন্ত্ৰীৰ বৈঠক

সীমান্তৰ ৰক্তক্ষয়ী সংঘাতৰ পাছত আলোচনাত বহিবলৈ ওলাইছে অসম – মিজোৰামৰ চৰকাৰ ৷ বৃহস্পতিবাৰে আইজলত অনুষ্ঠিত হ’ব দুয়োখন ৰাজ্যৰ মন্ত্ৰীসকলৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক ৷ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাই টুইটযোগে সদৰী কৰিছে এই কথা ৷ বৈঠকৰ জড়িয়তে সীমা সমস্যাৰ সমাধানৰ পথ ওলাব…

দাম নাই : অসমৰ চাহ উদ্যোগলৈ অভূতপূৰ্ব সংকট নামিছে কিয় ?

সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগটো এক অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে ৷ কিয়নো  চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে ।  নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰিছে যে  এফালে উৎপাদিত চাহৰ মূল্য…