দাম নাই : অসমৰ চাহ উদ্যোগলৈ অভূতপূৰ্ব সংকট নামিছে কিয় ?

Share This Article

সম্প্ৰতি ৰাজ্যৰ চাহ উদ্যোগটো এক অভাৱনীয় দুৰ্যোগৰ সন্মুখীন হৈছে ৷ কিয়নো  চাহৰ মূল্য ইয়াৰ উৎপাদন ব্যয়ৰ তুলনাত যথেষ্ট হ্ৰাস পাইছে ।  নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপদেষ্টা বিদ্যানন্দ বৰকাকতিয়ে এক প্ৰেছ বিজ্ঞপ্তিত সদৰী কৰিছে যে  এফালে উৎপাদিত চাহৰ মূল্য প্ৰতি কিল’গ্ৰামত ৪৪.১৯ টকালৈ হ্ৰাস পাইছে , যি হাৰ বিগত বৰ্ষৰ তুলনাত প্ৰায় ১৮ শতাংশ কম,  আনফালে আকৌ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু অন্যান্য আনুষংগিক কাৰণত চাহৰ উৎপাদন ব্যয় বৃদ্ধি পাইছে। চাহ শ্ৰমিকৰ দৈনিক মজুৰি পূৰ্বৰ ১৬৭ টকাৰ পৰা ২০৫ টকালৈ বৃদ্ধি কৰাৰ ফলত প্ৰতি কেজি  চাহৰ উৎপাদন ব্যয় ২৫ টকা পৰ্যন্ত বৃদ্ধি পালে।  আকৌ ৰাসায়নিক সাৰ,  কীটনাশক ঔষধ,  ডিজেল,  প্ৰাকৃতিক গেছ,  কয়লা আৰু পৰিবহণ ব্যয় বৃদ্ধি পোৱাত প্ৰতি কেজি  মে’ড টি অৰ্থাৎ চাহৰ উৎপাদন ব্যয় ৭ টকাকৈ বাঢ়িল।  একেটা প্ৰেছ বিজ্ঞপ্তিযোগে নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছনৰ অধ্যক্ষ সুনীল জালানে উল্লেখ কৰা মতে- গুৱাহাটী চাহ নিলাম কেন্দ্ৰত চলিত বৰ্ষৰ এপ্ৰিল মাহৰ পৰা জুলাই মাহলৈকে চি টি চি পদ্ধতিৰে তৈয়াৰী চাহৰ গড় হিচাপে নিলাম মূল্য  ২০৮.০২ টকা , যিটো বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে আছিল ২৫২.২১ টকা অৰ্থাৎ বিগত বৰ্ষৰ তুলনাত এইবাৰ নিলাম দৰ প্ৰতি কিল’গ্ৰাম মে’ড টিত ৪৪.১৯ টকালৈ অৱনমিত হৈছে। মাত্ৰ ৯ শতাংশ উৎপাদিত চাহ ৩০০ টকাতকৈ অধিক মূল্যত বিক্ৰী হৈছে আৰু ৫১ শতাংশ চাহে ২০০ টকাও দৰ স্পৰ্শ কৰিব নোৱাৰিলে।  জালানে লগতে উল্লেখ কৰে যে গুৱাহাটী চাহ নিলাম কেন্দ্ৰত বিগত বৰ্ষৰ তুলনাত চলিত বৰ্ষত বিক্ৰী নোহোৱাকৈ থকা মে’ড টি ৰ পৰিমাণ প্ৰায় দুগুণ বেছি।  বিগত বৰ্ষত এপ্ৰিলৰ পৰা জুলাই মাহলৈকে বিক্ৰী নোহোৱা চাহৰ পৰিমাণ আছিল ১৬.৩৭ শতাংশ আৰু চলিত বৰ্ষত ইয়াৰ পৰিমাণ ৩৫.১৬ শতাংশ অৰ্থাৎ প্ৰায় দুগুণ। আনহাতে , নৰ্থ ইষ্টাৰ্ণ টি এচ’চিয়েছন চমুকৈ নেটাৰ উপাধ্যক্ষ কমল জালানে বিজ্ঞপ্তিটোত উল্লেখ কৰি কয় যে চলিত বৰ্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈ অসমত মুঠ চাহৰ উৎপাদন ৪১ মিলিয়ন কিল’গ্ৰামতকৈ কম যিটো ২০১৯ বৰ্ষৰ তুলনাত ১৯ শতাংশ হ্ৰাস পাইছে । অৱশ্যে ২০২০ বৰ্ষত ক’ৰোণা মহামাৰীৰ পৰিপ্ৰেক্ষিতত চৰকাৰে জাৰি কৰা দীৰ্ঘদিনীয়া লকডাউনৰ পৰিপ্ৰেক্ষিতত চাহৰ উৎপাদনৰ তুলনা কৰা হোৱা নাই যদিও ২০১৯ বৰ্ষত জানুৱাৰী মাহৰ পৰা জুন মাহলৈকে অসমত মুঠ ২২০.১১ মিলিয়ন কিলোগ্ৰাম চাহ উৎপাদন হোৱাৰ বিপৰীতে চলিত বৰ্ষত ইয়াৰ পৰিমাণ ১৭৯.৩২ মিলিয়ন কিলোগ্ৰাম হোৱাটো যথেষ্ট চিন্তনীয় আৰু উদ্বেগজনক বিষয় বুলি কমল জালানে মন্তব্য কৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.