সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

মিজোৰাম ভ্ৰমণত নাথাকিব বাধা – নিষেধ : আইজলৰ বৈঠকত কি সিদ্ধান্ত হ’ল ?

এতিয়াৰে পৰা অসমৰ নাগৰিকে মিজোৰাম ভ্ৰমণ কৰাৰ ক্ষেত্ৰত নাথাকিব কোনো বাধা নিষেধ ৷ মিজোৰাম ভ্ৰমণৰ ক্ষেত্ৰত অসম চৰকাৰে জাৰি কৰা পূৰ্বৰ সতৰ্কতা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে ৷আজি আইজলত অসম চৰকাৰ আৰু মিজোৰাম চৰকাৰৰ মন্ত্ৰীৰ মাজত অনুষ্ঠিত বৈঠকৰ পাছত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ অসম চৰকাৰৰ হৈ সীমান্ত উন্নয়ন মন্ত্ৰী অতুল বৰা , কাছাৰৰ অভিভাৱক মন্ত্ৰী অশোক সিংঘাল , সীমান্ত উন্নয়ন বিভাগৰ আয়ুক্ত জি ডি ত্ৰিপাঠী আৰু মিজোৰাম চৰকাৰৰ হৈ গৃহমন্ত্ৰী লালচামলিয়ানা , গৃহ সচিব ভানলালনগাথচাকাই বৈঠকত অংশগ্ৰহণ কৰে ৷ বৈঠকৰ শেষত দুয়োপক্ষই জাৰি কৰা এক যুটীয়া বিবৃতিত উল্লেখ কৰে যে সীমান্ত অঞ্চলত নিৰপেক্ষ বাহিনী নিয়োগ কৰাৰ সিদ্ধান্তক দুয়োখন ৰাজ্যৰ চৰকাৰে আদৰণি জনাইছে ৷ এতিয়াৰে পৰা ৰাজ্যদুখনে নিজা আৰক্ষী আৰু বনৰক্ষী বাহিনীক সীমান্তলৈ প্ৰেৰণ নকৰে ৷ দুয়োখন ৰাজ্যৰ চৰকাৰে সীমান্ত অঞ্চলত শান্তি – সম্প্ৰীতি বজাই ৰাখিবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত ল’ব ৷ মিত্ৰতাৰ মাজেৰেই সীমা সমস্যাৰ সমাধান কৰাৰ ক্ষেত্ৰত চৰকাৰদুখনে গুৰুত্ব দিব বুলি আজিৰ বৈঠকত সিদ্ধান্ত লোৱা হয় ৷

অসম – মিজোৰামৰ যুটীয়া বিবৃতি

- Donation -

Leave A Reply

Your email address will not be published.