সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

লাভলীনা : অসুখীয়া মাতৃৰ মুখত ফুলিছে সৰগৰ হাঁহি

বিগত ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে লাভলীনা আহিছিল গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱলৈ ৷ তাইৰ আপোন নিজৰ গাঁও বাৰমুখীয়া ৷ ২৩ বছৰীয়া লাভলীনাৰ শৰীৰৰ পৰা এতিয়াও এই গাঁৱৰ বোকা মাটিৰ গোন্ধ আতৰা নাই ৷ লুইতৰ ঘাটেৰে এই গাঁৱৰ বাটেৰেই বিশ্বজয় কৰিবলৈ ওলাই গৈছে লাভলীনা ৷ দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ কিন্তু সকলো ক্ৰীড়াবিদৰ একমাত্ৰ লক্ষ্য অলিম্পিক ৷ দ্য গ্ৰেটেষ্ট শ্ব’ অন দ্য আৰ্থ – অলিম্পিকত নিজক প্ৰতিষ্ঠা নকৰালৈ কোনো ক্ৰীড়াবিদৰ সফলতাই পূৰ্ণতা নাপাই ৷ সেয়ে , শেহতীয়া ক্ৰমাগত পদক , সফলতা, সম্বৰ্ধনাই লাভলীনাক সেই তৃপ্তি আনি দিব পৰা নাছিল ৷ হিমালয় সদৃশ কঠোৰতা   , প্ৰশান্ত মহাসাগৰৰ সমান দৃঢ়তাৰে নিজকে তিল তিলকৈ সাজু কৰিছিল টকিঅ’ অলিম্পিকৰ বাবে ৷ টিভি ষ্টুডিঅ’ৰ পৰা নিলগত , কোম্পেনীৰ প্ৰলোভনৰ জালৰ পৰা আঁতৰত , গ্লেমাৰৰ জগতখনৰ পৰা বহুযোজন দূৰৈত লাভলীনাই নীৰৱে অলিম্পিকৰ পদক জয়ৰ সপোন দেখিছিল ৷ কোনেও তাৰ ভূ- ভাই পোৱা নাছিল ৷ কিন্তু সেই সময়তে লাভলীনাৰ জীৱনলৈ দু:স্বপ্ন হৈ নামি আহিছিল আন এটা খবৰ ৷ প্ৰাণাধিক মাতৃ মামণি বৰগোহাঁইৰ দুয়োটা কিডনী বিকল হৈ পৰিছে ৷ সেইগৰাকী মাক , যিয়ে বহু সামাজিক প্ৰতিকূলতাৰ মাজতো সৰু জীয়ৰীক বক্সিঙৰ ৰিঙলৈ আগবঢ়াই দিছিল ৷তেওৰ আজি অসুখ ৷ কলকাতাত চিকিৎসা চলিছে ৷ ইপিনে , পুণেৰ আৰ্মি স্প’ৰ্টছ ইন্সটিটিউটত চলিছে লাভলীনাৰ অলিম্পিকৰ প্ৰস্তুতি ৷ এক দোমোজাৰ পৰিস্থিতি ৷ ৰ’ব নোৱাৰি লাভলীনা ফেব্ৰুৱাৰীত ঘৰলৈ আহিল ৷ দুদিন মাত্ৰ মাকৰ সৈতে কটাই আকৌ পুণেলৈ উভতি গ’ল ৷ কৈ থৈ গ’ল – অলিম্পিকৰ পৰিক্ৰমা শেষ হ’লেই ঘৰলৈ আহিব ৷ কোনোবা কিডনী ড’নাৰ পালে মাকৰ বৃক্ক সংৰোপন কৰিব ৷ নিজেই হাস্পতালত মাকৰ লগত থাকিব ৷

মাক -দেউতাকৰ সৈতে লাভলীনা

- Donation -

জীয়ৰী অলিম্পিকৰ ৰিঙত ৷ ঘৰত কেনে অৱস্থা হ’ব পাৰে , সেয়া কল্পনাতীত ৷ তাতে এটা নিম্ন মধ্যবিত্ত পৰিয়াল ৷ যাৰ বাবে অলিম্পিক আছিল দূৰ আকাশৰ এটি তৰাৰ দৰে – যাক চাব পাৰি , যাৰ বিষয়ে কল্পনা কৰিব পাৰি  কিন্তু চুই চাব নোৱাৰি ৷  সেই তৰাটি যেন আজুৰি আনিবলৈ ক্ৰমাৎ অগ্ৰসৰ হৈছে এইখন ঘৰৰ সৰু জীয়ৰী ৷ ঘৰখনেই নহয় , সমগ্ৰ বৰপথাৰতেই যোৱা কিছুদিন ধৰি বিৰাজ কৰিছে একধৰণৰ চেপা উত্তেজনা ৷ আৰু মাকৰ অৱস্থা ? দুয়োটা কিডনী বিকল ৷ চিকিৎসকৰ কঠোৰ নীতি নিয়ম মানি নচলিলে যিকোনো মুহূৰ্তত বিপদ অনিবাৰ্য ৷ কিন্তু মামণি বৰগোহাঁইৰ খোৱাত মন নাই , নিশা টোপনি নাহে ৷ বাৰে বাৰে চকুৰ সন্মুখত ভাঁহি উঠে লাভলীনা ৷ সৰু ছোৱালীজনীক লৈ আগতেও চিন্তাৰ শেষ নাছিল , এতিয়া ৰাইজৰ মৰম দেখি আগতকৈ চিন্তা বাঢ়িছে ৷ কথা কমকৈ কোৱা , মাকক লৈ চিন্তাত থকা ছোৱালীজনীয়ে পাৰিবনে ,ৰাইজৰ সপোনবোৰ পূৰাব ?

সকলো প্ৰশ্নৰ উত্তৰ ওলাল শুকুৰবাৰৰ পুৱাই ৷ অলিম্পিকৰ ৰিঙত লাভলীনাৰ পাঞ্চত ধৰাশায়ী হৈ পৰিল টাইৱানৰ প্ৰতিদ্বন্দী নিয়েন চেন ৷ ইয়াৰ লগে লগে পদক নিশ্চিত হ’ল লাভলীনাৰ , ভাৰতৰ ৷ ইয়াৰ পাছত আছে ছেমিফাইনেল ৷ হাৰিলেও ব্ৰঞ্জৰ পদক পাবই , জিকিলে মুকলি হ’ব স্বৰ্ণজয়ৰ পথ ৷ স্বৰ্ণজয়ৰ লক্ষ্যত লাভলীনা অটল ৷ কিন্তু অলিম্পিকৰ পদকতকৈও লাভলীনাৰ সফলতাই ডাঙৰ প্ৰাপ্তি কঢ়িয়াই আনিলে নিজৰ ঘৰখনৰ বাবে ৷ কন্যাৰ সফলতাৰ বাতৰি পোৱাৰ পাছত পিতৃ টিকেন বৰগোহাঁয়ে কৈছে –“লাভলীনাৰ খেল চাবলৈ পোৱাটো আমাৰ বাবে অতি আনন্দৰ কথা ৷ তাই পদক জয় কৰাটো অতি জৰুৰী আছিল ৷ লাভলীনাৰ মাকৰ দুয়োটা কিডনী বিকল  ৷ ড’নাৰ পালে লাভলীনাই নিজে লগত থাকি চিকিৎসা কৰাম বুলি কৈছে ৷ বহু ব্যস্ততাৰ মাজতো দুটা দিন মাকৰ ওচৰত থাকি গৈছে ৷ মাকৰো তাইক লৈ বৰ চিন্তা ৷ নিশা শুবই পৰা নাই ৷ আজি তাই অলিম্পিকত পদক লাভ কৰা খবৰটো মাকৰ বাবে দ্বিতীয় জীৱন লাভ কৰাৰ দৰে হৈ পৰিছে ৷ “ এই পদকৰ মূল্য আপুনি , মই , এই দেশে ভবাতকৈও বহুত বেছি লাভলীনা আৰু তেওৰ পৰিয়ালটোৰ বাবে ৷

মাত্ৰ ২৫০০ টকা দৰমহাৰে ঘৰ চলোৱাটোৱে কঠিন আছিল টিকেন বৰগোহাঁইৰ বাবে ৷ তিনিজনী ছোৱালীৰে ভৰি থকা এখন ঘৰ ৷ তাৰ মাজতে লাভলীনাৰ খেলৰ খৰচ ক’ৰ পৰা গোটাব ? একপ্ৰকাৰ অসাধ্য আছিল কথাবোৰ ৷ কিন্তু মাক মামণিয়ে সৰু জীয়ৰীৰ সপোনবোৰৰ মোল বুজিছিল ৷ তেও ২৫ হাজাৰৰ পৰা ১.৫০  লাখ টকালৈকে ঋণ লৈছিল ৷ সপ্তাহে সপ্তাহে সুত আৰু ঋণৰ কিস্তি মাৰিবলগীয়া হৈছিল ৷ বৰ কষ্টকৰ আছিল সেই দিনবোৰ ৷ কিন্তু টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ বাবে সেই কষ্টৰ বোজা অলপ হ’লেও পাতল কৰি দিছিল লাভলীনাৰ সফলতাৰ বাতৰিয়ে ৷ আজি যেন পৃথিৱীৰ সকলো সুখ ঢোলে দগৰে নামি আহিছে বৰপথাৰৰ ঘৰখনলৈ ৷ অসুখীয়া মাকৰ মুখত ফুলি উঠছে  সৰগৰ হাঁহি ৷ এই প্ৰাপ্তিৰ তুলনা কেৱল পদকেৰে নহয় , এটা পৰিয়ালৰ নীৰৱ সংগ্ৰামৰ পৰিক্ৰমাৰেও হ’ব ৷

Leave A Reply

Your email address will not be published.