লাভলীনা : অসুখীয়া মাতৃৰ মুখত ফুলিছে সৰগৰ হাঁহি

Share This Article

বিগত ফেব্ৰুৱাৰী মাহত শেষবাৰৰ বাবে লাভলীনা আহিছিল গোলাঘাটৰ বৰপথাৰৰ বাৰমুখীয়া গাঁৱলৈ ৷ তাইৰ আপোন নিজৰ গাঁও বাৰমুখীয়া ৷ ২৩ বছৰীয়া লাভলীনাৰ শৰীৰৰ পৰা এতিয়াও এই গাঁৱৰ বোকা মাটিৰ গোন্ধ আতৰা নাই ৷ লুইতৰ ঘাটেৰে এই গাঁৱৰ বাটেৰেই বিশ্বজয় কৰিবলৈ ওলাই গৈছে লাভলীনা ৷ দুবাৰকৈ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে ৷ কিন্তু সকলো ক্ৰীড়াবিদৰ একমাত্ৰ লক্ষ্য অলিম্পিক ৷ দ্য গ্ৰেটেষ্ট শ্ব’ অন দ্য আৰ্থ – অলিম্পিকত নিজক প্ৰতিষ্ঠা নকৰালৈ কোনো ক্ৰীড়াবিদৰ সফলতাই পূৰ্ণতা নাপাই ৷ সেয়ে , শেহতীয়া ক্ৰমাগত পদক , সফলতা, সম্বৰ্ধনাই লাভলীনাক সেই তৃপ্তি আনি দিব পৰা নাছিল ৷ হিমালয় সদৃশ কঠোৰতা   , প্ৰশান্ত মহাসাগৰৰ সমান দৃঢ়তাৰে নিজকে তিল তিলকৈ সাজু কৰিছিল টকিঅ’ অলিম্পিকৰ বাবে ৷ টিভি ষ্টুডিঅ’ৰ পৰা নিলগত , কোম্পেনীৰ প্ৰলোভনৰ জালৰ পৰা আঁতৰত , গ্লেমাৰৰ জগতখনৰ পৰা বহুযোজন দূৰৈত লাভলীনাই নীৰৱে অলিম্পিকৰ পদক জয়ৰ সপোন দেখিছিল ৷ কোনেও তাৰ ভূ- ভাই পোৱা নাছিল ৷ কিন্তু সেই সময়তে লাভলীনাৰ জীৱনলৈ দু:স্বপ্ন হৈ নামি আহিছিল আন এটা খবৰ ৷ প্ৰাণাধিক মাতৃ মামণি বৰগোহাঁইৰ দুয়োটা কিডনী বিকল হৈ পৰিছে ৷ সেইগৰাকী মাক , যিয়ে বহু সামাজিক প্ৰতিকূলতাৰ মাজতো সৰু জীয়ৰীক বক্সিঙৰ ৰিঙলৈ আগবঢ়াই দিছিল ৷তেওৰ আজি অসুখ ৷ কলকাতাত চিকিৎসা চলিছে ৷ ইপিনে , পুণেৰ আৰ্মি স্প’ৰ্টছ ইন্সটিটিউটত চলিছে লাভলীনাৰ অলিম্পিকৰ প্ৰস্তুতি ৷ এক দোমোজাৰ পৰিস্থিতি ৷ ৰ’ব নোৱাৰি লাভলীনা ফেব্ৰুৱাৰীত ঘৰলৈ আহিল ৷ দুদিন মাত্ৰ মাকৰ সৈতে কটাই আকৌ পুণেলৈ উভতি গ’ল ৷ কৈ থৈ গ’ল – অলিম্পিকৰ পৰিক্ৰমা শেষ হ’লেই ঘৰলৈ আহিব ৷ কোনোবা কিডনী ড’নাৰ পালে মাকৰ বৃক্ক সংৰোপন কৰিব ৷ নিজেই হাস্পতালত মাকৰ লগত থাকিব ৷

মাক -দেউতাকৰ সৈতে লাভলীনা

জীয়ৰী অলিম্পিকৰ ৰিঙত ৷ ঘৰত কেনে অৱস্থা হ’ব পাৰে , সেয়া কল্পনাতীত ৷ তাতে এটা নিম্ন মধ্যবিত্ত পৰিয়াল ৷ যাৰ বাবে অলিম্পিক আছিল দূৰ আকাশৰ এটি তৰাৰ দৰে – যাক চাব পাৰি , যাৰ বিষয়ে কল্পনা কৰিব পাৰি  কিন্তু চুই চাব নোৱাৰি ৷  সেই তৰাটি যেন আজুৰি আনিবলৈ ক্ৰমাৎ অগ্ৰসৰ হৈছে এইখন ঘৰৰ সৰু জীয়ৰী ৷ ঘৰখনেই নহয় , সমগ্ৰ বৰপথাৰতেই যোৱা কিছুদিন ধৰি বিৰাজ কৰিছে একধৰণৰ চেপা উত্তেজনা ৷ আৰু মাকৰ অৱস্থা ? দুয়োটা কিডনী বিকল ৷ চিকিৎসকৰ কঠোৰ নীতি নিয়ম মানি নচলিলে যিকোনো মুহূৰ্তত বিপদ অনিবাৰ্য ৷ কিন্তু মামণি বৰগোহাঁইৰ খোৱাত মন নাই , নিশা টোপনি নাহে ৷ বাৰে বাৰে চকুৰ সন্মুখত ভাঁহি উঠে লাভলীনা ৷ সৰু ছোৱালীজনীক লৈ আগতেও চিন্তাৰ শেষ নাছিল , এতিয়া ৰাইজৰ মৰম দেখি আগতকৈ চিন্তা বাঢ়িছে ৷ কথা কমকৈ কোৱা , মাকক লৈ চিন্তাত থকা ছোৱালীজনীয়ে পাৰিবনে ,ৰাইজৰ সপোনবোৰ পূৰাব ?

সকলো প্ৰশ্নৰ উত্তৰ ওলাল শুকুৰবাৰৰ পুৱাই ৷ অলিম্পিকৰ ৰিঙত লাভলীনাৰ পাঞ্চত ধৰাশায়ী হৈ পৰিল টাইৱানৰ প্ৰতিদ্বন্দী নিয়েন চেন ৷ ইয়াৰ লগে লগে পদক নিশ্চিত হ’ল লাভলীনাৰ , ভাৰতৰ ৷ ইয়াৰ পাছত আছে ছেমিফাইনেল ৷ হাৰিলেও ব্ৰঞ্জৰ পদক পাবই , জিকিলে মুকলি হ’ব স্বৰ্ণজয়ৰ পথ ৷ স্বৰ্ণজয়ৰ লক্ষ্যত লাভলীনা অটল ৷ কিন্তু অলিম্পিকৰ পদকতকৈও লাভলীনাৰ সফলতাই ডাঙৰ প্ৰাপ্তি কঢ়িয়াই আনিলে নিজৰ ঘৰখনৰ বাবে ৷ কন্যাৰ সফলতাৰ বাতৰি পোৱাৰ পাছত পিতৃ টিকেন বৰগোহাঁয়ে কৈছে –“লাভলীনাৰ খেল চাবলৈ পোৱাটো আমাৰ বাবে অতি আনন্দৰ কথা ৷ তাই পদক জয় কৰাটো অতি জৰুৰী আছিল ৷ লাভলীনাৰ মাকৰ দুয়োটা কিডনী বিকল  ৷ ড’নাৰ পালে লাভলীনাই নিজে লগত থাকি চিকিৎসা কৰাম বুলি কৈছে ৷ বহু ব্যস্ততাৰ মাজতো দুটা দিন মাকৰ ওচৰত থাকি গৈছে ৷ মাকৰো তাইক লৈ বৰ চিন্তা ৷ নিশা শুবই পৰা নাই ৷ আজি তাই অলিম্পিকত পদক লাভ কৰা খবৰটো মাকৰ বাবে দ্বিতীয় জীৱন লাভ কৰাৰ দৰে হৈ পৰিছে ৷ “ এই পদকৰ মূল্য আপুনি , মই , এই দেশে ভবাতকৈও বহুত বেছি লাভলীনা আৰু তেওৰ পৰিয়ালটোৰ বাবে ৷

মাত্ৰ ২৫০০ টকা দৰমহাৰে ঘৰ চলোৱাটোৱে কঠিন আছিল টিকেন বৰগোহাঁইৰ বাবে ৷ তিনিজনী ছোৱালীৰে ভৰি থকা এখন ঘৰ ৷ তাৰ মাজতে লাভলীনাৰ খেলৰ খৰচ ক’ৰ পৰা গোটাব ? একপ্ৰকাৰ অসাধ্য আছিল কথাবোৰ ৷ কিন্তু মাক মামণিয়ে সৰু জীয়ৰীৰ সপোনবোৰৰ মোল বুজিছিল ৷ তেও ২৫ হাজাৰৰ পৰা ১.৫০  লাখ টকালৈকে ঋণ লৈছিল ৷ সপ্তাহে সপ্তাহে সুত আৰু ঋণৰ কিস্তি মাৰিবলগীয়া হৈছিল ৷ বৰ কষ্টকৰ আছিল সেই দিনবোৰ ৷ কিন্তু টিকেন বৰগোহাঁই আৰু মামণি বৰগোহাঁইৰ বাবে সেই কষ্টৰ বোজা অলপ হ’লেও পাতল কৰি দিছিল লাভলীনাৰ সফলতাৰ বাতৰিয়ে ৷ আজি যেন পৃথিৱীৰ সকলো সুখ ঢোলে দগৰে নামি আহিছে বৰপথাৰৰ ঘৰখনলৈ ৷ অসুখীয়া মাকৰ মুখত ফুলি উঠছে  সৰগৰ হাঁহি ৷ এই প্ৰাপ্তিৰ তুলনা কেৱল পদকেৰে নহয় , এটা পৰিয়ালৰ নীৰৱ সংগ্ৰামৰ পৰিক্ৰমাৰেও হ’ব ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.