ধনৰ বিনিময়ত মেট্ৰিকৰ নম্বৰ : কিমান মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে শিক্ষা বিভাগ ?

Share This Article

প্ৰথমতে পৰীক্ষা অনুষ্ঠিত হ’ব নে নহয় ,তাক লৈ বিভ্ৰান্তি ৷ তাৰ পাছত পৰীক্ষাৰ মাৰ্কশ্বীট চাকৰিৰ বাবে প্ৰযোজ্য হ’ব নে নহয় , তাক লৈ বিতৰ্ক ৷ এতিয়া ধনৰ বিনিময়ত স্থান নিৰ্ধাৰণৰ বাতৰি ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু অকৰ্মন্যতাৰ ইয়াতকৈ ডাঙৰ প্ৰতিফলন আন একো হ’ব নোৱাৰে ৷ ডা: ৰণোজ পেগুয়ে শিক্ষামন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাছত তেওৰ কথা – বতৰা শুনি সকলো আশ্বস্ত হৈছিল ৷ অন্তত: অভিজ্ঞতাসম্পন্ন মন্ত্ৰী এজনে গুৰুত্বপূৰ্ণ বিভাগটোৰ দায়িত্ব লাভ কৰিছে বুলি ৷ কিন্তু দিন যোৱাৰ লগে লগে তেওৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য স্পষ্ট হৈ পৰিছে ৷ প্ৰথমতে কৈছিল – মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ’বই বুলি ৷ সেইমতে শিক্ষাৰ্থীসকলক প্ৰস্তুতিও চলাবলৈও কোৱা হৈছিল ৷ কিন্তু শেষত পৰীক্ষা বাতিল হ’ল ৷ মূল্যায়ণৰ কথা যেতিয়া আহিল , তেতিয়া কোৱা হ’ল যে বিকল্প মূল্যায়ণৰ ভিত্তিত প্ৰদান কৰিবলগীয়া মাৰ্কশ্বীট চাকৰিৰ বাবে গ্ৰহণযোগ্য নহ’ব ৷ ছাত্ৰ – ছাত্ৰীসকলৰ মূৰত আকাশী- সৰগ ভাঙি পৰিল ৷ চৌদিশে বিৰূপ প্ৰতিক্ৰিয়া সৃষ্টি হোৱা পাছত অৱশেষত তেনে হঠকাৰী সিদ্ধান্ত বাতিল কৰা হ’ল ৷ কিন্তু এইবাৰ আহিছে তাতোকৈও ডাঙৰ খবৰ ৷ ধনৰ বিনিময়ত ষ্টাৰ , ডিষ্টিংচন প্ৰদানৰ এক ভয়াৱহ খবৰে জোকাৰি গৈছে প্ৰতিগৰাকী পৰীক্ষাৰ্থী – অভিভাৱকৰ মন মগজু ৷ কালি “ধনৰ বিনিময়ত স্থান ” কেলেংকাৰিত জড়িত কামৰূপ জিলাৰ বিদ্যালয় পৰিদৰ্শক মাধৱ ডেকা , ছেবাৰ সমন্বয়ক ফুলপাহি নাথ , কাৰ্যালয়টোৰ কৰ্মচাৰী প্ৰশান্ত দাস আৰু শিৱেশ্বৰ কলিতাক আৰক্ষীয়ে আটক কৰিছে ৷ এই বিষয়া – কৰ্মচাৰী কেইজনে স্থান প্ৰদানৰ নামত বহু অভিভাৱকৰ পৰা লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উঠিছে ৷ জিলাখনৰ গৰৈমাৰীতো গ্ৰেপ্তাৰ হৈছে দুজন শিক্ষক ৷ এয়া এক সাধাৰণ কেলেংকাৰি বুলি ভাবি লোৱাটো ভুল হ’ব ৷ এখন চৰকাৰৰ ব্যৰ্থতা আৰু এটা জাতিৰ পতনৰ এয়া নিৰ্লজ্জ প্ৰতিফলন ৷ এই ঘটনাই উদঙাই দিছে আমাৰ শিক্ষা বিভাগটোৰ অতি দুখলগা স্বৰূপটো ৷ কিমান স্খলনৰ পাছত এজন শিক্ষা বিষয়াই ধনৰ বিনিময়ত শিক্ষাৰ্থীৰ ভৱিষ্যতক  লৈ খেলা খেলিব পাৰে , সেয়া ভাবনাৰো অগোচৰ ৷ বিশেষকৈ এনে এটা সময়ত এই ঘটনা ঘটিছে , যি সময়ত প্ৰতিগৰাকী ছাত্ৰ – ছাত্ৰী আৰু অভিভাৱক প্ৰচণ্ড মানসিক চাপত আছে ৷ ইয়াৰ সুযোগ লৈ লুভীয়া বিষয়াসকল নামি পৰিছে নম্বৰৰ বজাৰ বহুওৱাত ৷ এই স্খলন এদিনৰ নহয় ৷ অসমৰ সমগ্ৰ শিক্ষা বিভাগটোৱে এনে দুৰ্নীতিগ্ৰস্থ বিষয়া কৰ্মচাৰীৰে ভৰি আছে ৷ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা কাহিলীপাৰাৰ শিক্ষা সঞ্চালকালয়লৈ কিদৰে বিভাগৰ কাম কাজ চলে , সেয়া ভুক্তভোগীসকলে ভালদৰে জানে ৷ বিভাগটোত কেৱল এজন মাধৱ ডেকা , এগৰাকী ফুলপাহী নাথ নাই , শ শ মাধৱ ডেকা , ফুলপাহী নাথেৰে ভৰি আছে অসমৰ শিক্ষা বিভাগ ৷ যি কথা যোৱা সময়ছোৱাত মাত্ৰাধিক প্ৰচাৰৰ চমকেৰে ঢাকি ৰখা হৈছিল ৷বাহিৰত ৰঙচঙীয়া আঁৰ কাপোৰ থাকিলেও অসমৰ শিক্ষা বিভাগ ভিতৰি কিমান গেলি গৈছিল সেয়া কামৰূপ জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ পৰা ওলোৱা দুৰ্গন্ধৰ পৰাই অনুমান কৰিব পাৰি ৷ অসমৰ দৰে আন বহু ৰাজ্যতে বিকল্প মূল্যায়নৰ দ্বাৰা মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছে ৷ কিন্তু কৰো পৰা এনে বাতৰি অহা নাই যে নম্বৰৰ বিনিময়ত শিক্ষা বিষয়াই ধন দাবী কৰিছে ৷ অসম এইক্ষেত্ৰত একক আৰু অদ্বিতীয় ৷ এখন চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ প্ৰতীক শেহতীয়া শিক্ষা সম্পৰ্কীয় ঘটনাৱলী ৷ বহু অপ্ৰয়োজনীয় বিতৰ্কৰে এই ভয়াৱহ কৰ্মকাণ্ডক ঢাকি ৰাখিবলৈ চেষ্টা চলোৱা হ’ব ৷ কিন্তু দেৱালত লিখা থাকিব এটা জাতি কিদৰে তিলতিলকৈ নিশ্চিহ্ণ হৈ গ’ল , তাৰ প্ৰতিটো দিনৰ দিনলিপি ৷ লাখ লাখ শিক্ষাৰ্থীক লৈ চৰম পৰ্যায়ৰ হেতালি খেলা এই চৰকাৰ ক্ষমাৰ অযোগ্যৰূপে ইতিমধ্যে বিবেচিত হৈছে ৷ এটা প্ৰজন্মক মানসিকভাবে হত্যাৰ অভিযোগত অভিযুক্ত  হ’বলৈও বেছি দিন নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.