ৰূপজ্যোতিৰ পাছে পাছে বিজেপিলৈ এইগৰাকী কংগ্ৰেছী বিধায়ক

Share This Article

কংগ্ৰেছত অব্যাহত আছে খহনীয়া ৷ ক্ৰমাগতভাৱে দ্বিতীয়বাৰ ৰাজ্যত মুখথেকেচা খোৱাৰ পাছত দলটোৰ বহু নেতাই ইতিমধ্যে দলত্যাগ কৰিছে ৷ ইয়াৰ ভিতৰত আছে মৰিয়ণিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীও ৷ কুৰ্মীৰ পাছে পাছে দলত্যাগ কৰিবলৈ সাজু হৈছে আন এগৰাকী কংগ্ৰেছী বিধায়কে ৷ চৰ্চা অনুসৰি শিৱসাগৰ জিলাৰ থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে অচিৰেই দলত্যাগ কৰি যোগদান কৰিব বিজেপিত ৷ ইতিমধ্যে বিজেপিৰ শীৰ্ষ মহলৰে তেওৰ যোগাযোগ সম্পন্ন হোৱা বুলি জানিব পৰা গৈছে ৷ সমান্তৰালভাৱে কংগ্ৰেছ নেতৃত্বৰে বিধায়কগৰাকীৰ দূৰত্ব বৃদ্ধি পোৱাৰো খবৰ আহিছে ৷ ৰাজ্যৰ উপ – নিৰ্বাচনৰ আগে আগে সুশান্ত বৰগোহাঁইৰ গেৰুৱাকৰণ সম্পূৰ্ণ হোৱাৰ পূৰ্ণ সম্ভাৱণা আছে ৷ অৱশ্যে এই সন্দৰ্ভত থাওৰাৰ বিধায়কগৰাকীয়ে এতিয়ালৈকে মুখ খোলা নাই ৷

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.