শ্ৰেণী ৰাষ্ট্ৰীয়

কাৰ ঠাঁৰত নাচিছে সৰ্বোচ্চ ন্যায়ালয়?

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে তুলিছে গুৰুতৰ অভিযোগ।সংগঠনটোৰ ‘পঞ্চজন্য’ নামৰ মুখপাত্ৰখনত উল্লেখ কৰা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ক দেশবিৰোধী শক্তিয়ে ব্যৱহাৰ কৰি আহিছে।বিজেপি চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত দেখা গৈছে বহুবোৰ বিষয়ত মতবিৰোধ।উল্লেখযোগ্য যে ২০০২ চনত…

বিজেপি মন্ত্ৰীৰ বলত ICU ত কৰ্মী

মধ্য প্ৰদেশৰ ৰেৱা জিলাত বুধবাৰে সংঘটিত হৈছে এই ভয়ানক ঘটনা।সেই সময়ত ফিল্ডত বেটচ মেনৰ ভূমিকাত আছিল কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া।উল্লেখ্য যে গোৱালিয়ৰৰ ৰাজ পৰিয়াল আৰু বিজেপি কৰ্মীৰ মাজত এখন ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল ।মেচখনত বেটচমেনৰ ভূমিকাত থকা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ…

উল্লেখ্য যে বিগত মঙলবাৰে BBC ৰ ভাৰতত থকা দুটা কাৰ্যালয় ক্ৰমে মুম্বাই আৰু দিল্লীত আয়কৰ বিভাগে অভিযান চলাইছিল।অভিযানত কি কি উদ্ধাৰ হ’ল এই বিষয়ে সদৰী কৰা নাই বিভাগটোৱে।বুধবাৰে বিবিচিৰ কাৰ্যালয়ৰ সন্মুখ ত ধৰ্ণা দিয়ে হিন্দু সেনাই।দিল্লীৰ কষ্টুুুৰবা গান্ধী পথত অৱস্থিত…

কাইলৈ ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ।শেহতীয়াহৈ দেখা পোৱা গৈছে যে এইবাৰ বিজেপিৰ বাবে সহজ নহ’ব ত্ৰিপুৰা বিজয়। কিয়নো কংগ্ৰেছ-বাওঁমৰ্চাৰ মিত্ৰতাই সম্পূৰ্ণৰূপে সলাই পেলাইছে ত্ৰিপুৰাৰ ৰাজনৈতিক বতাহ।ইয়াৰ লগতে নতুনকৈ গঠিত তিপ্ৰা মঠাই…

সম্পূৰ্ণ সহযোগিতা BBC ৰ

আয়কৰ বিভাগে মঙলবাৰে বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলায়।মঙলবাৰে হঠাৎ তালাচী চলোৱাৰ আগতে কৰ্মচাৰী সকলক কাৰ্যালয়ত উপস্থিত নহ’বলৈ নিৰ্দেশ দিছিল সংস্থাটোৰ তৰফৰ পৰা।বিবিচি নিউজৰ তৰফৰ পৰা এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ আয়কৰ বিভাগে বৰ্তমান আমাৰ দিল্লী আৰু…

প্ৰভাকৰণ মৃত !

উল্লেখযোগ্য শ্ৰীলংকাৰ LTTE নেতা প্ৰভাকৰণ জীৱিত অৱস্থাত থকা বুলি দাবী ৰাজহুৱা হৈছিল সোমবাৰে।এই দাবী কৰিছিল তামিলনাডুৰ এগৰাকী ৰাষ্ট্ৰীয়তাবাদী নেতা পাজহা নেডুমৰণে।নেডুৰমণৰ মতে LTTE নেতাগৰাকী সম্পূৰ্ণ সুস্থ আৰু সুস্বাস্থ্যৰে আছে।তেওঁ পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে।কিন্তু মঙলবাৰে LTTE ৰ নেতাগৰাকী সম্পৰ্কত…

আদানি-হিণ্ডেনবাৰ্গৰ পৰা বহু দূৰত বিজেপি

গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দিয়া এক সাক্ষাৎকাৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ আৰু আদানি গ্ৰুপ সম্পৰ্কত চলি থকা বিতৰ্ক সম্পৰ্কত বিজেপিৰ ক’বলগীয়া একোৱেই নাই বুলি মন্তব্য কৰে।অৱশ্যে বিষয়টো সম্পৰ্কত বৰ্তমান তেওঁ মন্তব্য দিবলৈ অপাৰগ কিয়নো ই বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বুলিও মন্তব্য কৰে।আদানি-হিণ্ডেনবাৰ্গ…

ক’ব লাগে কাৰণেই কয় নেকি বিজেপিয়ে?

বিজেপিয়ে কেতিয়াও দ্বিতীয় আৰু তৃতীয় প্ৰজন্মক লৈ ৰাজনীতি নকৰে।বিজেপিয়ে কেতিয়াও ইয়াৰ নেতাক দ্বিতীয় অথবা তৃতীয় প্ৰজন্মক সভাপতি অথবা ক্ষমতা কেন্দ্ৰীভূত কৰিবলৈ নিদিয়ে।এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ‘ বিজেপি কেতিয়াও আন বংশানুক্ৰমিক দলৰ লগত নিমিলে। এইটো কেনেধৰণৰ…

VHP ত বঙহৰ যুঁজ

উত্তৰ প্ৰদেশত এজন বিশ্ব হিন্দু পৰিষদৰ নেতাক উদ্দেশ্যি গুলীবৰ্ষণ।উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।অভিযুক্ত ৰজত শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।বিগত ৮ ফেব্ৰুৱাৰীত শৰ্মাই RSS মূৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছিল।VHP নেতা সন্তোষ পণ্ডিতে ৰজত শৰ্মাক…

প্ৰভাকৰণ জীৱিত !

শেহতীয়াকৈ তামিল টাইগাৰ্চৰ মূৰব্বী ভেলুপিল্লাই প্ৰভাকৰণৰ নাম পুনৰ চৰ্চালৈ আহিছে।তামিল নেশ্যনেলিষ্ট ম’ভমেন্টৰ নেতা পি নেডুমৰণে সোমাবাৰে প্ৰভাকৰণ সম্পূৰ্ণ সুস্থ হৈ থকা বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে প্ৰভাকৰণৰ নাম।উল্লেখযোগ্য যে ২০০৯ চনৰ ১৮ মে’ত প্ৰভাকৰণৰ মৃত্যু হোৱা…