কাৰ ঠাঁৰত নাচিছে সৰ্বোচ্চ ন্যায়ালয়?

Share This Article

ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ চমুকৈ RSS এ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বিৰুদ্ধে তুলিছে গুৰুতৰ অভিযোগ।সংগঠনটোৰ ‘পঞ্চজন্য’ নামৰ মুখপাত্ৰখনত উল্লেখ কৰা হৈছে দেশৰ উচ্চতম ন্যায়ালয়ক দেশবিৰোধী শক্তিয়ে ব্যৱহাৰ কৰি আহিছে।বিজেপি চৰকাৰ আৰু উচ্চতম ন্যায়ালয়ৰ মাজত দেখা গৈছে বহুবোৰ বিষয়ত মতবিৰোধ।উল্লেখযোগ্য যে ২০০২ চনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়ত ৰাজ্যখনত সংখ্যালঘু লোকসকল কেনে অৱস্থাত আছিল তাক লৈ এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছিল BBC এ৷কিন্তু তথ্যচিত্ৰখন মুক্তি পোৱাৰ পিছত ইয়াৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।আনকি স্পেচিয়েল ইনফৰমেশ্যন টেকন’লজী এক্ট প্ৰয়োগ কৰি ‘ইণ্ডিয়া -দ্যা মোডী কুৱেশ্বন’ শীৰ্ষক তথ্যচিত্ৰখনি ইউটিউবকে ধৰি সকলো সামাজিক মাধ্যমৰ পৰা আঁতৰাই দিয়া হৈছিল।তাৰ পিছতেই এই নিষেধাজ্ঞাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন কৰিছিল উচ্চতম ন্যায়ালয়ে৷আনকি উচ্চতম ন্যায়ালয়ে বিষয়টো সম্পৰ্কত স্পষ্টীকৰণো বিচাৰিছিল।অৱশ্যে বেছিভাগ বিজেপি মন্ত্ৰীয়েই বিষয়টো সম্পৰ্কত নীৰৱতা অৱলম্বন কৰিছিল যদিও সৰহসংখ্যকেই বিবিচিৰ এই পদক্ষেপক মিছা আৰু উদ্দেশ্যপ্ৰণোদিত আখ্যা দিছিল।’পাঞ্চজন্য’ৰ সম্পাদক হিতেশ শংকৰে সম্পাদকীয়ত লিখিছে যে দেশৰ উচ্চতম ন্যায়ালয়ৰ প্ৰধান লক্ষ্য হ’ল দেশৰ নাগৰিকৰ অধিকাৰ সুৰক্ষিত কৰা৷বিবিচিৰ এই তথ্যচিত্ৰখন ‘মিছা আৰু কল্পনাপ্ৰসূত’।তদুপৰি সম্পাদকীয়টোত এই বুলিও দাবী কৰা হৈছে যে কিছুমান ‘সন্ত্ৰাসবাদী’য়ে মানৱাধিকাৰৰ নামত উচ্চতম ন্যায়ালয়ক ব্যৱহাৰ কৰি দেশৰ উন্নয়ন স্থবিৰ কৰি তোলাৰ প্ৰয়াস কৰিছে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.