সম্পূৰ্ণ সহযোগিতা BBC ৰ

Share This Article

আয়কৰ বিভাগে মঙলবাৰে বিবিচিৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলায়।মঙলবাৰে হঠাৎ তালাচী চলোৱাৰ আগতে কৰ্মচাৰী সকলক কাৰ্যালয়ত উপস্থিত নহ’বলৈ নিৰ্দেশ দিছিল সংস্থাটোৰ তৰফৰ পৰা।বিবিচি নিউজৰ তৰফৰ পৰা এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘ আয়কৰ বিভাগে বৰ্তমান আমাৰ দিল্লী আৰু মুম্বাইৰ কাৰ্যালয়ত তালাচী চলাই আছে।আমি সকলো ফালৰ পৰা সহযোগিতা আগবঢ়াইছোঁ৷আমি খুব সোনকালেই এই সমস্যা সমাধান হ’ব বুলি আশা কৰিছোঁ।’উল্লেখযোগ্য যে বিবিচিয়ে শেহতীয়াকৈ এখন ডকুমেণ্টেৰী প্ৰস্তুত কৰিছিল।ডকুমেণ্টেৰীখনত বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ২০০২চনৰ গুজৰাট সংঘৰ্ষৰ বাবে জগৰীয়া কৰা হৈছিল। ২০০২ চনত নৰেন্দ্ৰ মোডী গুজৰাটৰ মুখ্যমন্ত্ৰী আছিল।ডকুমেণ্টেৰীখন মুক্তি দিয়াৰ লগে লগে ভাৰতত ইয়াক নিষিদ্ধ কৰা হৈছিল৷আনকি জেএনইউত ইয়াৰ প্ৰদৰ্শন হ’ব বুলি খবৰ প্ৰকাশ পোৱাৰ পিছতে বিশ্ববিদ্যালয় চৌহদত কাটি দিয়াৰ দৰে সিন্ধান্তও লৈছিল প্ৰশাসনে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.