সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

বিজেপি মন্ত্ৰীৰ বলত ICU ত কৰ্মী

মধ্য প্ৰদেশৰ ৰেৱা জিলাত বুধবাৰে সংঘটিত হৈছে এই ভয়ানক ঘটনা।সেই সময়ত ফিল্ডত বেটচ মেনৰ ভূমিকাত আছিল কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া।উল্লেখ্য যে গোৱালিয়ৰৰ ৰাজ পৰিয়াল আৰু বিজেপি কৰ্মীৰ মাজত এখন ক্ৰিকেট মেচ অনুষ্ঠিত হৈছিল ।মেচখনত বেটচমেনৰ ভূমিকাত থকা মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এটা বলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এগৰাকী বিজেপি কৰ্মী।সেই সময়ত স্থানীয় সাংসদ জনাৰ্দন মিশ্ৰ আৰু প্ৰাক্তন ৰাজ্যিক মন্ত্ৰী ৰাজেন্দ্ৰ শুক্লাও উপস্থিত আছিল।জ্যোতিৰাদিত্যৰ বলত আঘাতপ্ৰাপ্ত বিজেপি কৰ্মীজনক তৎক্ষণাৎ চিকিৎসালয়লৈ স্থানান্তৰ কৰা হয় । মন্ত্ৰীগৰাকীয়ে ৰুমালেৰে আঘাতপ্ৰাপ্ত স্থানত জোৰকৈ ধৰি নিজৰ গাড়ীৰে চিকিৎসালয়লৈ নি কৰ্মীজনৰ জৰুৰীকালীন চিকিৎসাৰ ব্যৱস্থা কৰে।গুৰুতৰভাৱে আঘাটপ্ৰাপ্ত লোকজন বৰ্তমানো আইচিইউত চিকিৎসাধীন অৱস্থাত আছে।

Leave A Reply

Your email address will not be published.