সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

তিপ্ৰা মঠা হ’ব 'কিংমেকাৰ’

কাইলৈ ত্ৰিপুৰাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ। তাৰ পৰিপ্ৰেক্ষিতত উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনৈতিক বতাহ।শেহতীয়াহৈ দেখা পোৱা গৈছে যে এইবাৰ বিজেপিৰ বাবে সহজ নহ’ব ত্ৰিপুৰা বিজয়। কিয়নো কংগ্ৰেছ-বাওঁমৰ্চাৰ মিত্ৰতাই সম্পূৰ্ণৰূপে সলাই পেলাইছে ত্ৰিপুৰাৰ ৰাজনৈতিক বতাহ।ইয়াৰ লগতে নতুনকৈ গঠিত তিপ্ৰা মঠাই কিংমেকাৰৰ ভূমিকা লব পাৰে বুলি বিভিন্ন মহলে মত প্ৰকাশ কৰিছে।
উল্লেখযোগ্য যে দীৰ্ঘ সময়ৰ বাবে বাওঁ দলৰ অধীনত থকা ত্ৰিপুৰাৰ পৰা বাওঁ দলক ওফৰাই ২০১৮ চনত শাসনলৈ আহিছিল বিজেপি।২০১৮ ত বিজেপিয়ে ৬০ খনৰ ভিতৰত লাভ কৰিছিল ৩৬ খন আসন, তাৰ পৰিৱৰ্তে বাওঁ দলে লাভ কৰিছিল ১৬ খন আসন। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে বিজেপি আৰু বাওঁ দলৰ ভোট শ্বেয়াৰৰ মাজৰ ব্যৱধান আছিল নগণ্য। ২০১৮ চনৰ বিজেপিয়ে ৪৩.৫৯% ভোট লাভ কৰাৰ সমান্তৰালভাৱে বাওঁ দলে লাভ কৰিছিল ৪৩.৩৫% ভোট। তাৰ পৰিৱৰ্তে ২০১৩ চনৰ নিৰ্বাচনত ৩৫.৫% ভোট লাভ কৰা কংগ্ৰেছে ২০১৮ ত লাভ কৰিছিল মাত্ৰ ১.৭% ভোট। কিন্তু এইবাৰ নিৰ্বাচনৰ পূৰ্বে সলনি হৈছে দৃশ্যপট। কংগ্ৰেছ আৰু বাওঁদলসমূহৰ মাজত সম্পন্ন হৈছে নিৰ্বাচনী মিত্ৰতা। কংগ্ৰেছ-বাওঁ দলৰ মিত্ৰতাই সংশয় কঢ়িয়াই আনিছে ৰাজ্যখনৰ শাসনত থকা বিজেপিলৈ।কংগ্ৰেছ বাওঁ দলৰ মাজত হোৱা মিত্ৰতা অনুসৰি কংগ্ৰেছে নিৰ্বাচন খেলিব ১৩ খন আসনত, CPM য়ে ৪৩ খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ লগতে CPI আৰু RSP য়ে নিৰ্বাচনত অৱতীৰ্ণ হব এখনকৈ আসনত।আনহাতে বিজেপিয়ে ৫৫ খন আসনত নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে মিত্ৰ IPFT ক প্ৰদান কৰে মাত্ৰ ৫ খন আসন।বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত নিৰ্বাচনী প্ৰচাৰৰ বাবে ৰাজ্যখনত উবুৰি খাই পৰিছিল বিভিন্ন দলৰ হাই প্ৰফাইল নেতা। নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ নিচিনা নেতাই সঘনাই ভ্ৰমণ কৰিছিল ত্ৰিপুৰা। কিন্তু তাৰ মাজতে পোহৰলৈ আহিছে কেতবোৰ বিজেপিৰ বাবে হতাশাজনক দৃশ্য। অমিত শ্বাহ, ৰাজনাথ সিঙৰ নিচিনা নেতা উপস্থিত থকা সভাতেই ভৰ্তি হোৱা নাই ৬০% ও আসন। ত্ৰিপুৰাৰ ৰাইজে এক প্ৰকাৰ অনীহা প্ৰকাশ কৰিছে বিজেপিৰ নামত।তাৰ পৰিৱৰ্তে কংগ্ৰেছ আৰু বাওঁ দলৰ সভাত দেখা গৈছিল বিশাল জন সমাবেশ।এইবোৰৰ মাজতে ত্ৰিপুৰাৰ ৰাজনীতিত প্ৰৱেশ কৰিছে তিপ্ৰা মঠা নামৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৱে।ত্ৰিপুৰাৰ ৰাজকুমাৰ প্ৰদ্যুৎ বিক্ৰম মাণিক্য দেৱবৰ্মা নেতৃত্বাধীন দলটোৱে আহি থকা নিৰ্বাচনত কিংমেকাৰৰ ভূমিকা লব বুলি বিভিন্নজনে মত প্ৰকাশ কৰিছে।৩১% ভূমিপুত্রৰ বাবে পৃথক ত্ৰিপুৰালেণ্ড দাবী কৰি গঠন কৰা হৈছিল তিপ্ৰা মঠা।কিন্তু তাৰ মাজতে মাণিক্য দেৱবৰ্মাৰ ঘোষণা ১৬ ফেব্ৰুৱাৰীৰ পিছত ৰাজনীতি ত্যাগ কৰিব মাণিক্য দেৱবৰ্মাই ।
নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনা অৰ্থাৎ মঙ্গলবাৰে তিপ্ৰা মঠাৰ মুৰব্বী মাণিক্য দেৱবৰ্মাই এক জনসভাক সম্বোধন কৰি ১৬ ফেব্ৰুৱাৰীৰ পিছত ৰাজনীতি ত্যাগ কৰিব বুলি ঘোষণা কৰে। বহুতে তেওঁৰ অনুভূতিক নুবুজাকৈয়ে তেওঁক অবমাননা কৰা বুলিও খেদ প্ৰকাশ কৰে।উল্লেখযোগ্য যে বিজেপিৰ মিত্ৰ দল IPFT ও পৃথক ত্ৰিপুৰালেণ্ডৰ দাবীৰেই গঠন কৰা হৈছিল যদিও বিগত ৫ বছৰত খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ নামত উচ্চাৰণ নকৰিলে এটাও শব্দ। যাৰ বাবে পৰৱৰ্তী সময়ত গঠন কৰা হয় তিপ্ৰা মঠা। তিপ্ৰা মঠাই ইতিমধ্যে খিলঞ্জীয়া ত্ৰিপুৰীৰ মাজত এক সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হৈছে। সেইবাবেই বিভিন্ন মহলে তিপ্ৰা মঠাক কিংমেকাৰ হিচাপে বিবেচিত কৰিছে।মাণিক্য দেৱবৰ্মাৰ ঘোষণাৰ পিছত নিৰ্বাচনী সমীকৰণত আউল লাগিলেও কংগ্ৰেছ- বাওঁদলৰ মিত্ৰতা আৰু তিপ্ৰা মঠাৰ উত্থানে নিশ্চিতভাৱে বিজেপিলৈ আনিব কঠিন সংকট।

Leave A Reply

Your email address will not be published.