প্ৰভাকৰণ মৃত !

Share This Article

উল্লেখযোগ্য শ্ৰীলংকাৰ LTTE নেতা প্ৰভাকৰণ জীৱিত অৱস্থাত থকা বুলি দাবী ৰাজহুৱা হৈছিল সোমবাৰে।এই দাবী কৰিছিল তামিলনাডুৰ এগৰাকী ৰাষ্ট্ৰীয়তাবাদী নেতা পাজহা নেডুমৰণে।নেডুৰমণৰ মতে LTTE নেতাগৰাকী সম্পূৰ্ণ সুস্থ আৰু সুস্বাস্থ্যৰে আছে।তেওঁ পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছে।কিন্তু মঙলবাৰে LTTE ৰ নেতাগৰাকী সম্পৰ্কত সম্পূৰ্ণ বিপৰীত মত প্ৰকাশ কৰে শ্ৰীলংকাৰ প্ৰতিৰক্ষা বিভাগে।শ্ৰীলংকাৰ প্ৰতিৰক্ষা বিভাগৰ মুখপাত্ৰ কৰ্ণেল নলীন হাৰাথে কয় ‘ এইটো নিশ্চিত যে তেওঁ ২০০৯ চনৰ ১৯ মে’ত নিহত হৈছিল।ডিএনএ টেষ্টটো এই কথা প্ৰমাণ হৈছে।’উল্লেখযোগ্য যে প্ৰভাকৰণৰ নাম আছিল ভেলুপিল্লাই প্ৰভাকৰণ৷তেওঁ আছিল ‘লিবাৰেশ্য ন টাইগাৰছ অব তামিল ইলম’ৰ প্ৰতিষ্ঠাতা।LTTE গঠনৰ মূল উদ্দেশ্য আছিল শ্ৰীলংকাৰ উত্তৰ আৰু পূব অংশক সুকীয়া তামিল ৰাজ্য হিচাপে গঠন কৰা।LTTE এ প্ৰায় ২৫ বছৰ কাল শ্ৰীলংকাত থকা তামিল সকলৰ বাবে এক সুকীয়া তামিল ৰাজ্য গঠনৰ দাবীৰে শ্ৰীলংকা চৰকাৰৰ বিৰুদ্ধে যুঁজ দিছিল।১৯৭৬ চনত LTTE প্ৰথম গঠন হৈছিল যদিও ১৯৮৩ চনতহে ই শ্ৰীলংকাৰ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.