VHP ত বঙহৰ যুঁজ

উত্তৰ প্ৰদেশত এজন বিশ্ব হিন্দু পৰিষদৰ নেতাক উদ্দেশ্যি গুলীবৰ্ষণ।উত্তৰ প্ৰদেশৰ মুৰাদাবাদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা।অভিযুক্ত ৰজত শৰ্মা ভাৰতীয় জনতা পাৰ্টিৰ সদস্য।বিগত ৮ ফেব্ৰুৱাৰীত শৰ্মাই RSS মূৰব্বী মোহন ভাগৱতৰ বিৰুদ্ধে এক প্ৰতিবাদী কাৰ্যসূচীত ভাগ লৈছিল।VHP নেতা সন্তোষ পণ্ডিতে ৰজত শৰ্মাক দলৰ শীৰ্ষ নেতৃত্বৰ বিৰোধিতা কৰাৰ বাবে দলৰ পৰা বহিস্কাৰ কৰিবলৈ দাবী জনাইছিল।তেওঁ ছ’চিয়েল মেডিয়াত এই দাবীৰ সমৰ্থনত আপডেটো দিছিল৷ইয়াৰ পিছত পণ্ডিত আৰু শৰ্মাৰ মাজত কথাৰ কটাকটি হৈছিল আৰু খঙত অগ্নিশৰ্মা হৈ বিশ্ব হিন্দু পৰিষদৰ নেতাজনক গুলীয়াই দিছিল ৰজত শৰ্মাই।বিশ্ব হিন্দু পৰিষদৰ নেতা পণ্ডিতে দাবী কৰে যে ৰজত শৰ্মাই তেওঁৰ ওপৰত গুলীবৰ্ষণ আৰম্ভ কৰিছিল।মুৰাদাবাদৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক হেমৰাজ মীনাই কয় ‘ শৰ্মা আৰু পণ্ডিত দুয়ো ইজনে আনজনক জানে।অভিযুক্তজনে কিবা এটা ইছ্যু সন্দৰ্ভত মতবিৰোধ হোৱাৰ বাবে গুলীয়াইছিল।দেশত নিৰ্মীত পিষ্টলেৰে তেওঁ গুলীয়াইছিল আৰু বৰ্তমান অভিযুক্তজন পলাতক।’বিশ্ব হিন্দু পৰিষদৰ এগৰাকী সক্ৰিয় নেতা ৰাজ কমল গুপ্তাই পণ্ডিত সংগঠনৰ সদস্য বুলি নিশ্চিত কৰিছে কিন্তু অভিযুক্ত শৰ্মাৰ সংগঠনটোৰ লগত সম্পৰ্ক নাই বুলি প্ৰকাশ কৰিছে।বিগত ৫ ফেব্ৰুৱাৰীত RSS প্ৰধান মোহন ভাগৱতে জাতিভেদ প্ৰথা আৰু ব্ৰাহ্মণ সমাজক লৈ কৰা মন্তব্যৰ বিৰোধিতা কৰি অখিল ভাৰতীয় ব্ৰাহ্মণ মহাসভাই এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল বিগত ৮ ফেব্ৰুৱাৰীত৷সেই কাৰ্যসূচীৰ অন্যতম পৃষ্ঠপোষকত আছিল ৰজত শৰ্মা।মোহন ভগৱতৰ এই মন্তব্যক লৈ ব্ৰাহ্মণ সমাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷তাৰপিছতেই RSSৰ প্ৰচাৰ সচিব সুনীল আম্বেদকাৰে মোহন ভগৱতৰ মন্তব্য সম্পৰ্কত স্পষ্টীকৰণ দিয়ে যে তেওঁৰ মন্তব্যৰ অপবাখ্যা কৰা হৈছে।সুনীল আম্বেদকাৰে ভগৱতৰ মন্তব্যৰ সমৰ্থনত কৈছিল ‘তেওঁ মাৰাঠী ভাষাত কৈছিল আৰু তেওঁ যি কৈছিল সেয়া ভালকৈ বুজিহে প্ৰকাশ কৰা উচিত।’

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296