ক’ব লাগে কাৰণেই কয় নেকি বিজেপিয়ে?

বিজেপিয়ে কেতিয়াও দ্বিতীয় আৰু তৃতীয় প্ৰজন্মক লৈ ৰাজনীতি নকৰে।বিজেপিয়ে কেতিয়াও ইয়াৰ নেতাক দ্বিতীয় অথবা তৃতীয় প্ৰজন্মক সভাপতি অথবা ক্ষমতা কেন্দ্ৰীভূত কৰিবলৈ নিদিয়ে।এই মন্তব্য গৃহমন্ত্ৰী অমিত শ্বাহৰ।কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় ‘ বিজেপি কেতিয়াও আন বংশানুক্ৰমিক দলৰ লগত নিমিলে। এইটো কেনেধৰণৰ তুলনা?আপোনালোকে সমগ্ৰ গণতান্ত্ৰিক প্ৰক্ৰিয়াটোকে ধ্বংসৰ গৰাহলৈ ঠেলি দিলে।আপোনালোকে বংশানুক্ৰমিক পৰম্পৰাৰ পৰা কেতিয়াও নিজকে আঁতৰাব নোৱাৰে।’সংবাদ প্ৰতিষ্ঠান ANI ক দিয়া এক সাক্ষাৎকাৰত গৃহমন্ত্ৰী গৰাকীয়ে ঘাইকৈ কংগ্ৰেছক সমালোচনা কৰি এনেদৰে মন্তব্য দিয়ে।ইয়াৰ আগতেও জম্মু কাশ্মীৰত সংবিধানৰ ৩৭০ অনুচ্ছেদ বলবৎ হোৱাৰ লগে লগে বংশানুক্ৰমিক শাসন শেষ হ’ব বুলি উল্লেখ কৰিছিল গৃহমন্ত্ৰী গৰাকীয়ে।জনতাই ইয়াৰ পিছত জম্মু -কাশ্মীৰত নিজৰ শাসক নিজে নিৰ্বাচন কৰিব।তেওঁ লগতে কয় যে মাত্ৰ ৩ টা পৰিয়ালেই জম্মু কাশ্মীৰৰ উন্নয়ন স্থবিৰ কৰি ৰাখিছে।অৱশ্যে বিজেপিয়ে যিমানেই নিজকে বংশানুক্ৰমিক ৰাজনীতিৰ পৰা আঁতৰত বুলি নকওক,বিজেপি দলতো সমানেই আছে বংশানুক্ৰমিক পৰম্পৰা।হিমাচল প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰেম সিং ধুমলৰ পুত্ৰ অনুৰাগ ঠাকুৰ বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে৷ঠিক সেইদৰে প্ৰয়াত প্ৰমোদ মহাজনৰ কন্যা পুনম মহাজন,কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বাসৱৰাজ বম্মাইৰ পিতৃ এছ আৰ বম্মাই,পীযুষ গোৱেলৰ পিতৃ বেদ প্ৰকাশ গোৱেল আছিল বিজেপিৰ ধনভঁৰালী,সাংসদ পংকজা মুণ্ডে প্ৰয়াত বিজেপি নেতা গোপীনাথ মুণ্ডেৰ কন্যা,ৰাজস্থানৰ মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজেৰ পুত্ৰ সাংসদ দুষ্মন্ত সিং,ৰাজনাথ সিঙৰ পুত্ৰ নয়ডা সমষ্টিৰ বিধায়ক !তদুপৰি গৃহমন্ত্ৰীৰ সতীৰ্থ মন্ত্ৰী পীযুষ গোৱেল,ধৰ্মেন্দ্ৰ প্ৰধান,অনুৰাগ ঠাকুৰ,কিৰেন ৰিজিজু,জ্যোতিৰাদিত্য সিন্ধিয়া,দেৱেন্দ্ৰ ফাৰ্ণাভিছ আদি প্ৰতিগৰাকীয়ে বংশানুক্ৰমিক শাসকৰ প্ৰতিনিধি৷ ইয়াৰ পিছতো বিজেপি দলে কেনেকৈ আন দলক বংশানুক্ৰমিক শাসন চলোৱা বুলি সমালোচনা কৰি আহিছে,সেইটোহে গুৰুত্বপূৰ্ণ বিষয়।তদুপৰি ক্ৰিকেটৰ লগত কোনো সম্পৰ্ক নথকা খোদ গৃহমন্ত্ৰী অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ ভাৰতীয় ক্ৰিকেট বৰ্ডৰ সভাপতি হোৱাটোও বংশানুক্ৰমিক শাসনেৰে এক জীয়া উদাহৰণ।অসমৰ ক্ষেত্ৰতো ইয়াৰ ব্যতিক্ৰম নহয় !সাংসদ বিজয়া চক্ৰৱৰ্তীৰ কন্যা হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়াও বংশানুক্ৰমিক শাসকৰে উদাহৰণ।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296