Share This Article

উল্লেখ্য যে বিগত মঙলবাৰে BBC ৰ ভাৰতত থকা দুটা কাৰ্যালয় ক্ৰমে মুম্বাই আৰু দিল্লীত আয়কৰ বিভাগে অভিযান চলাইছিল।অভিযানত কি কি উদ্ধাৰ হ’ল এই বিষয়ে সদৰী কৰা নাই বিভাগটোৱে।বুধবাৰে বিবিচিৰ কাৰ্যালয়ৰ সন্মুখ ত ধৰ্ণা দিয়ে হিন্দু সেনাই।দিল্লীৰ কষ্টুুুৰবা গান্ধী পথত অৱস্থিত বিবিচিৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহা হিন্দু সেনাই ‘বিবিচিয়ে ভাৰত ত্যাগ কৰক,বিবিচি মুৰ্দাবাদ আদি শ্লোগানেৰে বেনাৰ,পষ্টাৰ লৈ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।আৰক্ষীয়ে প্ৰতিবাদী সকলৰ পৰা আপত্তিজনক বেনাৰ,প’ষ্টাৰ সমূহ জব্দ কৰে।উল্লেখযোগ্য যে বিবিচিয়ে এখন ডকুমেণ্টেৰী প্ৰস্তুত কৰিছিল। বিষয়বস্তু আছিল ২০০২চনৰ গুজৰাট সংঘৰ্ষ যিটোৰ বাবে তাত প্ৰত্যক্ষভাৱে সেই সময়ৰ গুজৰাটৰ মুখ্যমন্ত্ৰী নৰেন্দ্ৰ মোডীক জগৰীয়া কৰা হৈছিল।এই ডকুমেণ্টেৰী ভাৰতত মুক্তি দিয়াৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছিল কেন্দ্ৰীয় চৰকাৰে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.