আদানি-হিণ্ডেনবাৰ্গৰ পৰা বহু দূৰত বিজেপি

গৃহমন্ত্ৰী অমিত শ্বাহে মঙলবাৰে দিয়া এক সাক্ষাৎকাৰত হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ আৰু আদানি গ্ৰুপ সম্পৰ্কত চলি থকা বিতৰ্ক সম্পৰ্কত বিজেপিৰ ক’বলগীয়া একোৱেই নাই বুলি মন্তব্য কৰে।অৱশ্যে বিষয়টো সম্পৰ্কত বৰ্তমান তেওঁ মন্তব্য দিবলৈ অপাৰগ কিয়নো ই বৰ্তমান উচ্চতম ন্যায়ালয়ত বিচাৰাধীন বুলিও মন্তব্য কৰে।আদানি-হিণ্ডেনবাৰ্গ সম্পৰ্কত সকলো বিৰোধী দলেই বিজেপিক সমালোচনা কৰি থকা বিষয়ে ANI ক দিয়া সাক্ষাৎকাৰত গৃহ মন্ত্ৰীগৰাকীয়ে কয় ‘ বিষয়টো এতিয়া উচ্চতম ন্যায়ালয়ত আছে৷এগৰাকী মন্ত্ৰী হিচাপে ন্যায়ালয়ত থকা বিষয়ত মই মন্তব্য দিয়া অনুচিত৷কিন্তু এটা কথাই মই কওঁ বিজেপিয়ে ভয় খাবলগীয়াও নাই,লুকুৱাবলগীয়াও নহয়।’ৰাহুল গান্ধীৰ শেহতীয়া লোকসভাৰ ভাষণত নৰেন্দ্ৰ মোডী আৰু তেওঁৰ চৰকাৰক সমালোচনা কৰি বৰ্তমান পুঁজিবাদৰ প্ৰভাৱ অধিক বেছিকৈ পৰা বুলি উল্লেখ কৰিছিল।শ্বাহে ৰাহুল গান্ধীৰ সমালোচনা সম্পৰ্কত কৈছিল ‘ বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপনৰ কোনো প্ৰশ্নই নুঠে৷তেওঁলোকৰ দিনত কেগ আৰু চিবিআইৰ বহুতো অভিযোগ আছিল।তেওঁলোকৰ নিজৰে ১২লাখ কোটি টকাৰ কেলেংকাৰীৰ অভিযোগ আছে।’উল্লেখযোগ্য যে হিণ্ডেনবাৰ্গ ৰিচাৰ্ছ ৰিপৰ্টত ২০১৪ চনত বিজেপি ক্ষমতালৈ অহাৰ পিছৰ পৰা আদানি ধনী হোৱাৰ কথা উল্লেখ কৰা হৈছে।বিজেপিৰ শাসনৰ পিছতেই ৬০৯ নম্বৰ স্থানৰ পৰা আদানি একেবাৰে দ্বিতীয় স্থান পাইছিলগৈ।কংগ্ৰেছ দলৰ বাবে হিণ্ডেনবাৰ্গ ৰিপৰ্টটো এতিয়া বিজেপিৰ বিৰুদ্ধে ব্যৱহাৰ কৰা অমোঘ অস্ত্ৰ।বিৰোধী দলবোৰে এই ঘটনাৰ তদন্তৰ বাবে যুটীয়া সংসদীয় সমিতি গঠন কৰাটো বিচাৰিছে।কিন্তু কোনো কাৰণতেই মানি লোৱা নাইল মোডী চৰকাৰে৷কিয়নো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এটা কথ জানে যে যুটীয়া সংসদীয় সমিতি গঠন কৰি তদন্ত দিয়াৰ পিছত কোনেও পুনৰ ক্ষমতালৈ আহিব পৰা নাই।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296