প্ৰভাকৰণ জীৱিত !

শেহতীয়াকৈ তামিল টাইগাৰ্চৰ মূৰব্বী ভেলুপিল্লাই প্ৰভাকৰণৰ নাম পুনৰ চৰ্চালৈ আহিছে।তামিল নেশ্যনেলিষ্ট ম’ভমেন্টৰ নেতা পি নেডুমৰণে সোমাবাৰে প্ৰভাকৰণ সম্পূৰ্ণ সুস্থ হৈ থকা বুলি সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰাৰ পাছতেই পুনৰ চৰ্চালৈ আহিছে প্ৰভাকৰণৰ নাম।উল্লেখযোগ্য যে ২০০৯ চনৰ ১৮ মে’ত প্ৰভাকৰণৰ মৃত্যু হোৱা বুলি বাতৰি প্ৰকাশ পাইছিল।তামিল নেশ্যনেলিষ্ট ম’ভমেন্টৰ নেতা নেডুমৰণৰ এই বিস্ফোৰণৰ গ্ৰহণযোগ্যতাৰ ওপৰত সকলোৰে সন্দেহ আছে৷নেডুমৰণে দাবী কৰিছে প্ৰভাকৰণ বৰ্তমান জীৱিত আৰু সুস্থ অৱস্থাত আছে।তেওঁ পৰিয়ালৰ লগত য়োগাযোগো ৰক্ষা কৰি আছে।কিন্তু এতিয়া ক’ত আছে তেওঁ?সেই সম্পৰ্কে অৱশ্যে কোনো মন্তব্য দিয়া নাই নেডুমৰণে।সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নেডুমৰণে প্ৰভাকৰণৰ পৰিয়ালৰ সন্মতি সাপেক্ষেহে এই খিনি কথা ৰাজহুৱা কৰিছে।শ্ৰীলংকাৰ বৰ্তমান পৰিস্থিতি অতি ভয়ংকৰ।সেয়ে হয়তো প্ৰভাকৰণে এই সময়খিনিকেই উপযুক্ত সময় বুলি বিবেচনা কৰিছে।অৱশ্যে তেওঁ কেতিয়া ৰাজহুৱা মঞ্চত দেখা দিব তাৰ কোনো নিশ্চিত তথ্য নাই৷উল্লেখ্য যে প্ৰভাকৰণৰ ওচৰত তামিল ইলম সম্পৰ্কত সম্পূৰ্ণ আৰ্হি আছে৷২০০৯ চনতে শ্ৰীলংকাৰ সেনাবাহিনীয়ে প্ৰভাকৰণৰ মৃত্যুৰ খবৰ নিশ্চিত কৰিছিল। বহুতবোৰ ৰাজনৈতিক দলে সেই সময়ৰ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহিন্দ্ৰা ৰাজপাক্ষেৰ ইণ্টাৰনেশ্যনেল কৰ্ট অব জাষ্টিচৰ জৰিয়তে বিচাৰ হোৱাটো বিচাৰিছিল কিয়নো তেওঁৰ কাৰ্যকালতে হাজাৰ হাজাৰ তামিল লোকক হত্যা কৰা হৈছিল ৷ইয়াৰ পাছতেই দ্বীপৰাষ্ট্ৰখনত অৰ্থনীতি আৰু ৰাজনীতিত হৈছিল বহুত উত্থান পতন৷বিগত কেইবাবছৰো ধৰি শ্ৰীলংকাৰ পৰিস্থিতি যথেষ্ট জটিল হৈ পৰিছে।অৱশ্যে নেডুৰমণৰ মন্তব্যৰ পিছত শ্ৰীলংকাৰ সাংসদ শিৱাজীলিংগমে কয় সেই সময়ত শ্ৰীলংকাৰ চৰকাৰে প্ৰভাকৰণৰ মৃতদেহ চিনাক্তকৰণত হয়তো ভুল কৰিছিল।নেডুমৰণে তামিলনাডু চৰকাৰ,তামিলনাডুৰ সকলো ৰাজনৈতিক দল আৰু তামিলনাডুৰ জনতাক প্ৰভাকৰণৰ প্ৰতি সমৰ্থন আগবঢ়াবলৈ আহ্বান জনাইছে।

The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

Articles: 4296