শ্ৰেণী ৰাষ্ট্ৰীয়

এগৰাকী ১১ বছৰীয়া কিশোৰী উপায়ুক্তৰ পদত

গুজৰাটত উপায়ুক্তৰ পদত এগৰাকী ১১ বছৰীয়া কিশোৰী। ২৪ ঘণ্টাৰ বাবে উপায়ুক্তৰ পদত অধিষ্ঠিত হ’ল ফ্লৰা এছোডিয়া’ নামৰ কিশোৰী গৰাকী। জটিল ৰোগত আক্ৰান্ত ফ্লৰাৰ ইচ্ছা পূৰণ কৰিলে গুজৰাটৰ আহমেদাবাদ প্ৰশাসনে। ভৱিষ্যতে এগৰাকী উচ্চ প্ৰদস্থ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন আছিল ফ্লৰাৰ কিন্তু…

পঞ্জাৱ কংগ্ৰেছৰ ৰুদ্ধদ্বাৰ বৈঠকঃ কোন হ’ব পঞ্জাৱৰ নতুন মুখ্যমন্ত্ৰী?

কেপ্টেইন অমৰিন্দৰ সিঙে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত আজি অনুষ্ঠিত হ’ব কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক। হয়তো আজি নতুন মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব। কেইবাজনো নেতাৰ নাম পৰৱৰ্তী মুখ্যমন্ত্ৰীৰ হিচাপে চৰ্চা চলিছে পঞ্জাৱত। পঞ্জাৱ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি সুনীল জাখৰ,…

আজিৰে পৰা আৰম্ভ হ’ব IPLৰ মহাৰণ

ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে আধাতে IPL-2021 স্থগিত ৰাখিবলৈ বাধ্য হৈছিল BCCI। কিন্তু আজিৰে পৰা পুনৰ আৰম্ভ হব IPL-2021ৰ দ্বিতীয় পৰ্যায়ৰ মহাৰণ। আৰৱত অনুষ্ঠিত হ’বলগীয়া আজিৰ প্ৰথমখন খেলত মহেন্দ্ৰ সিং ধোনীৰ চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হব ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছ। এতিয়া…

তৃণমূলত যোগ দিলে মোদী চৰকাৰৰ প্ৰাক্তন মন্ত্ৰীয়ে

নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী বাবুল সুপ্ৰিয়ই শণিবাৰে যোগ দিয়ে তৃণমূল কংগ্ৰেছত ৷ তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জীৰ উপস্থিতিত তেও দলটোত যোগদান কৰে ৷ উল্লেখ্য যে পশ্চিমবংগৰ পৰা দুবাৰকৈ লোকসভালৈ নিৰ্বাচিত হৈছিল বংগৰ জনপ্ৰিয় গায়কগৰাকী ৷ নৰেন্দ্ৰ…

এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷ আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি পঞ্জাৱ…

অলিম্পিয়ানে দিয়া উপহাৰ নিলাম কৰিছে প্ৰধানমন্ত্ৰীয়ে

ভাৰতবৰ্ষৰ সাংস্কৃতিক মন্ত্ৰালয়ে চলিত ছেপ্টেম্বৰ মাহৰ পৰা দেশৰ প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰ আৰু স্মৰণিকা সমূহৰ ই-নিলামৰ ব্যৱস্থা কৰিছে। টকিঅ’ অলিম্পিক আৰু পেৰালিম্পিক খেলুৱৈ সকলৰ হাত মোজা, ৰেকেটকে ধৰি অন্যান্য সামগ্ৰী সমূহো সামৰি লোৱা হৈছে এই নিলামৰ অধীনত। অসম গৌৰৱ লভলিনা…

কোহলিয়ে উপ-অধিনায়ক পদৰ পৰা আঁতৰাব বিচাৰিছিল ৰোহিতকঃ কিন্তু নিজেই অধিনায়কত্ব এৰিলে কিয়?

ভাৰতৰ ৰাণ মেচিন বিৰাট কোহলিয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে তেওঁ টীম ইণ্ডিয়াৰ টি-২০ ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব। অক্টোবৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিলে। অৱশ্যে কোহলি টেষ্ট আৰু এদিনীয়া খেলৰ অধিনায়ক হৈ থাকিব। কোহলীয়ে…

NCCৰ তত্বাৱধায়ক সমিটিত এম এছ ধোনীঃ উৎফুল্লিত চেন্নাই ছুপাৰ কিংছ

নেচনেল কেডেট কৰ্প(NCC) তত্বাৱধানৰ বাবে গঠন কৰা ১৫ জনীয়া বিশেষ তত্বাৱধায়ক সমিটিত নাম অন্তৰ্ভুক্ত কৰা হৈছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক কেপ্তেইন কুল মহেন্দ্ৰ সিং ধোনীৰ নাম। ধোনীৰ লগতে আছে আনন্দ মহিন্দ্রাৰ নাম। ইয়াৰ পূৰ্বে ধোনীক সেনাবাহিনীত লেফটেনেণ্ট কৰ্ণেলৰ দায়িত্ব…

প্ৰাক্তন IAS বিষয়া হৰ্ষ মান্দেৰৰ বাসগৃহ আৰু কাৰ্যালয়ত EDৰ অভিযানঃ মান্দেৰৰ পক্ষত কোন কোন?

বিগত ১৬ ছেপ্টেম্বৰত দেশৰ জনপ্ৰিয় সমাজ কৰ্মী, গৱেষক, শিক্ষক তথা অৱসৰপ্ৰাপ্ত IAS বিষয়া হৰ্ষ মান্দেৰৰ বাসগৃহ আৰু দক্ষিণ দিল্লীৰ আদচিনি, মেহৰৌলি তথা বসন্ত কুঞ্জস্থিত চেণ্টাৰ ফৰ ইকুইটি ষ্টাডিজ (চিইএছ)নামৰ মান্দেৰৰ বেচৰকাৰী সংস্থাটোৰ কাৰ্যালয়ত তালাচী চলাইছিল এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে(ইডি)। ৰবাৰ্ট বছ একাডেমীত…

জন্ম দিনৰ দিনা সৰ্বত্ৰ প্ৰশ্নঃ ক’ত হেৰাল মোডীৰ এশ স্মাৰ্ট চিটি কিম্বা সহস্ৰাধিক আদৰ্শ গাওঁ?

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। বিজেপিৰ আটাইতকৈ ডাঙৰ ইভেণ্ট এইটো। হেৰুওৱা জনপ্ৰিয়তা ঘূৰাই আনিবলৈ আৰু লাহে লাহে ৰাইজৰ পৰা বিচ্ছিন্ন হোৱা সম্পৰ্ক জোৰা লগাবলৈ মোডীৰ জন্ম দিনটোক বিজেপিয়ে হাথিয়াৰ হিচাপে লৈছে। এইখিনি কথা আজি আৰু নতুন হৈ থকা নাই। ভাৰতৰ…