সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

এইবাৰ সলনি হ’ল পঞ্জাৱৰ মুখ্যমন্ত্ৰী

বিজেপিৰ পাছত এইবাৰ কংগ্ৰেছত আৰম্ভ হৈছে মুখ্যমন্ত্ৰী সলনিৰ কুচকাৱাজ ৷ শণিবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিলে অমৰিন্দৰ সিঙে ৷

আজি পুৱা কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধীয়ে তেওক মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিবলৈ নিৰ্দেশ দিছিল ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি পঞ্জাৱ কংগ্ৰেছত অব্যাহত আছে বিসম্বাদ ৷ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙ আৰু নৱোজিৎ সিঙ সিদ্ধুৰ মাজত চলি থকা সংঘাতৰ ফলত পঞ্জাৱত দুৰ্বল হৈ পৰিছে দলটোৰ স্থিতি ৷ একেসময়তে আম আদমী পাৰ্টীৰ চৰকাৰ গঠনৰ সম্ভাৱণা উজ্জ্বল হৈ পৰিছে ৷ সেইবাবেই ডেমেজ কন্ট্ৰ’লৰ বাবেই পঞ্জাৱৰ মুখ্যমন্ত্ৰী সলনিৰ সিদ্ধান্ত ল’লে ছোনিয়া গান্ধীয়ে ৷

 

- Donation -

Leave A Reply

Your email address will not be published.