সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

কোহলিয়ে উপ-অধিনায়ক পদৰ পৰা আঁতৰাব বিচাৰিছিল ৰোহিতকঃ কিন্তু নিজেই অধিনায়কত্ব এৰিলে কিয়?

ভাৰতৰ ৰাণ মেচিন বিৰাট কোহলিয়ে বৃহস্পতিবাৰে ঘোষণা কৰিছিল যে তেওঁ টীম ইণ্ডিয়াৰ টি-২০ ফৰ্মেটৰ অধিনায়ক পদৰ পৰা পদত্যাগ কৰিব। অক্টোবৰ অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰিলে। অৱশ্যে কোহলি টেষ্ট আৰু এদিনীয়া খেলৰ অধিনায়ক হৈ থাকিব। কোহলীয়ে ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি অধিনায়কত্ব ত্যাগ কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰিছিল । খবৰটোৱে আচৰিত কৰিছিল সকলোকে।
কিন্তু বিৰাট কোহলিয়ে অধিনায়কত্ব ত্যাগ কৰিব বুলি ঘোষণা কৰাৰ পিছতে ওলাইছে এটা আচৰিত খবৰ। সংবাদ সংস্থা PTIৰ সূত্ৰ অনুসৰি বিৰাট কোহলীয়ে ৰোহিত শৰ্মাক উপ-অধিনায়ক পদৰ পৰা আঁতৰাব বিচাৰিছিল। বিৰাটে সীমিত অভাৰত ৰোহিতক উপ-অধিনায়ক পদৰ পৰা আঁতৰোৱাৰ প্ৰস্তাৱ লৈ নিৰ্বাচকসকলৰ ওচৰলৈ গৈছিল। ভাৰতীয় অধিনায়কজনে কৈছিল যে ৰোহিতৰ বয়স এতিয়া ৩৪ বছৰ। এনে পৰিস্থিতিত এদিনীয়াত কে এল ৰাহুল আৰু টি-২০ত ঋষভ পন্তক উপ-অধিনায়ক পদ দিয়া উচিত। অৱশ্যে কোহলীৰ প্ৰস্তাৱটো পৰিষদে পছন্দ কৰা নাছিল কিয়নো তেওঁলোকে বিশ্বাস কৰিছিল যে বিৰাটে প্ৰকৃততে নিজৰ কোনো উত্তৰাধিকাৰী বিচৰা নাছিল।

পূৰ্বে কি বিতৰ্ক হৈছিল?

- Donation -

বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ মাজত বিতৰ্কৰ বাতৰি নতুন নহয়। ২০১৯ চনৰ এদিনীয়া বিশ্বকাপৰ সময়ত বিৰাট আৰু ৰোহিতে ইজনে সিজনৰ সৈতে কথা নাপাতে বুলি খবৰ আহিছিল। অৱশ্যে মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে পিছত এই সকলোবোৰ অস্বীকাৰ কৰিছিল। কেৱল সেয়াই নহয় ৰোহিতে ছ’চিয়েল মিডিয়াত বিৰাটক Un Follow কৰিছে বুলিও এটা বাতৰি ওলাইছিল। অৱশ্যে বাতৰিটোৰ কোনো সত্যতা নাছিল।

কোহলিয়ে যুৱ খেলুৱৈসকলক বিশ্বাস নকৰে নেকি?

প্ৰতিবেদনখনত কোৱা হৈছিল যে কোহলিক দলৰ সকলো খেলুৱৈয়ে সমৰ্থন নকৰে। বিশেষকৈ বিৰাটে দলটোৰ কনিষ্ঠ খেলুৱৈসকলক মাজতে এৰি দিয়ে। PTIৰ সৈতে বাৰ্তালাপ কৰি এজন প্ৰাক্তন ক্ৰিকেটাৰে কয় যে সমস্যাটো হৈছে বিৰাটৰ সৈতে যোগাযোগ কৰা। মহেন্দ্ৰ সিং ধোনীৰ কোঠাটো দিনত ২৪ ঘণ্টা খোলা আছিল আৰু যিকোনো খেলুৱৈ ভিতৰলৈ যাব পাৰিছিল। ধোনীৰ সৈতে ভিডিঅ গেম খেলিব পাৰিছিল। প্ৰয়োজন হ’লে ক্ৰিকেটৰ বিষয়ে কথা পাতিব পাৰিছিল কিন্তু খেলপথাৰৰ বাহিৰত কোহলিৰ সৈতে যোগাযোগ কৰাটো অতি কঠিন।

উপ-অধিনায়ক পদৰ বাবে দাবীদাৰ সকল কোন কোন?

বিৰাট কোহলীয়ে টি-২০ৰ অধিনায়কত্ব ত্যাগ কৰাৰ পিছত এতিয়া ৰোহিত শৰ্মাৰ টি-২০ দলৰ অধিনায়ক হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে। সম্ভৱতঃ ঋষভ পন্ত বা কে এল ৰাহুলে উপ-অধিনায়কত্বৰ দায়িত্ব লাভ কৰিব পাৰে। পেচাৰ যশপ্ৰীত বুমৰাহো এই পদৰ প্ৰৱল দাবীদাৰ। BCCIৰ সূত্ৰই কৈছে যে পন্তৰ দাবী শক্তিশালী কিন্তু লোকেশ ৰাহুলক অস্বীকাৰ কৰিব নোৱাৰি কিয়নো তেওঁ এটা IPL দলৰ অধিনায়ক। কেৱল সেয়াই নহয় পেচাৰ যশপ্ৰীত বুমৰাহো গোপন হাথিয়াৰ হিচাপে প্ৰমাণিত হ’ব পাৰে।

Leave A Reply

Your email address will not be published.